এলিছ মৌডে সোৰবজী পেনেল

এলিছ মৌডে সোৰাবজী পেনেল অ'বিই (ইংৰাজী: Alice Maude Sorabji Pennell; ১৭ জুলাই, ১৮৭৪ – ৭ মাৰ্চ, ১৯৫১) এগৰাকী ভাৰতীয় চিকিৎসক আৰু লেখক। তেওঁ খ্ৰীষ্টান মিছনেৰীসকলৰ কন্যা আৰু পত্নী আছিল, আৰু বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ফ্ৰান্সিনা সোৰাবজী আৰু ৰেভাৰেণ্ড সোৰাবজী কাৰ্ছেজজীৰ কনিষ্ঠ কন্যা এলিছ মৌডে সোৰাবজীৰ জন্ম হৈছিল বেলগামত। তেওঁৰ মাতৃ এগৰাকী শিক্ষাবিদ আৰু হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হোৱা জনজাতীয় ধৰ্মপ্ৰচাৰক আৰু পিতৃ আছিল এজন পাৰ্চী খ্ৰীষ্টান মিছনাৰী।[1] তেওঁৰ ভগ্নীসকল হ'ল ক্ৰমে অধিবক্তা কৰ্নেলিয়া ছ’ৰাবজী আৰু শিক্ষাবিদ ছুজি ছ’ৰাবজী।[2]
এলিছ সোৰবজীয়ে পুনাত থকা পৰিয়ালৰ ভিক্টোৰিয়া হাইস্কুলত পঢ়িছিল, আৰু বম্বেৰ উইলছন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল, ভাৰতৰ সেই ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।[3][4] তেওঁ ডাঙৰ ভনীয়েক কৰ্নেলিয়াৰ উৎসাহ আৰু প্ৰচেষ্টাত লণ্ডনত চিকিৎসক হিচাপে প্ৰশিক্ষণ লাভ কৰে আৰু ১৯০৫ চনত সেই অধ্যয়ন সম্পূৰ্ণ কৰে।[5][2]
কেৰিয়াৰ
[সম্পাদনা কৰক]এলিছ সোৰবজীয়ে বাহাৱালপুৰৰ জেনানা হাস্পতালত কাম কৰিছিল। বান্নুৰ পেনেল হাস্পতালত (বৰ্তমানৰ পাকিস্তানত) কৰা কামৰ বাবে ১৯১৭ চনত তেওঁক কাইছাৰ-ই-হিন্দ পদক প্ৰদান কৰা হয়। ১৯২১ চনত তেওঁক প্ৰথম বিশ্বযুদ্ধৰ সময়ত চিকিৎসালয়ৰ কামৰ বাবে অ’বিই হিচাপেও নিযুক্তি দিয়া হয়।[2][6] ১৯২৫ চনত চিকিৎসাৰ কামৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৪৩ চনত জেৰুজালেমৰ অৰ্ডাৰ অৱ চেণ্ট জনৰ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে।[7]
তেওঁ স্বামীৰ মৃত্যুৰ পিছত[8] প্ৰকাশ পোৱা জীৱনী আৰু চিলড্ৰেন অৱ দ্য বৰ্ডাৰ (১৯২৫), দ্য বেগমছ ছন (১৯২৮), ড'ৰৱেজ অৱ দ্য ইষ্ট (১৯৩১) আদি উপন্যাস লিখিছিল। চচতুৰ্থখন উপন্যাস অপ্ৰকাশিত হৈয়েই থাকিল। ভাৰতত মহিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কাম কৰিছিল।[9] পিছৰ জীৱনত তেওঁ ভ্ৰমণ কৰিছিল, আৰু ভাৰতীয় মহিলা আৰু স্বাস্থ্য বিষয়ত বক্তৃতা দিছিল।[2][10][11] "সম্পূৰ্ণ নিৰ্ভীকভাৱে, তেওঁ পুৰণি ফৰ্ড এখন লৈ আৰু একেবাৰে অকলসৰে আফগানিস্তানলৈ বা পাৰস্যৰ জংঘলৰ মাজেৰে আগবাঢ়ি যাবলৈ একোকে নাভাবে", ১৯৩০ চনত এগৰাকী বাতৰি কাকতৰ লেখকে আচৰিত হৈছিল, যেতিয়া এলিস পেনেলৰ বয়স পঞ্চাশ বছৰ হৈছিল আৰু লগতে উল্লেখ কৰিছিল যে "তেওঁ সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বন্ধু আৰু আত্মবিশ্বাসী।"[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯০৮ চনত এলিছ মৌড ছ’ৰাবজীয়ে সহযোগী চিকিৎসক থিয়ডৰ লেইটন পেনেলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[13] তেওঁলোকৰ এটা পুত্ৰ সন্তান আছিল।[14] ১৯১২ চনত চেপ্টিচিমিয়া আক্ৰান্ত হৈ পেনেলৰ মৃত্যু হোৱাৰ সময়ত তেওঁ বিধৱা হৈছিল। ১৯৫১ চনত ছাছেক্সৰ ফাইণ্ডনত ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[15] [16][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Brinks, Ellen (2016-04-15) (en ভাষাত). Anglophone Indian Women Writers, 1870–1920. Routledge. ISBN 9781317180913. https://books.google.com/books?id=1JkGDAAAQBAJ&q=Francina+Ford&pg=PA137.
- ↑ 2.0 2.1 2.2 2.3 Alice Maude Sorabji Pennell, Making Britain: Discover How South Asians Shaped the Nation, 1870-1950 (Open University).
- ↑ "New Woman in India" Chicago Tribune (March 9, 1896): 3. via Newspapers.com
- ↑ "An Indian Lady Graduate" Lloyd's Weekly Newspaper (January 26, 1896): 9. via Newspapers.com
- ↑ Antoinette Burton, At the Heart of the Empire: Indians and the Colonial Encounter in Late-Victorian Britain (University of California Press 1998): 124-125. আই.এচ.বি.এন. 9780520919457
- ↑ 6.0 6.1 "Obituary" British Medical Journal (March 31, 1951): 706.
- ↑ "The Grand Priory in the British Realm of the Venerable Order of the Hospital of St. John of Jerusalem" The London Gazette (June 25, 1943): 2898.
- ↑ Alice Sorabji Pennell, Pennell of the Afghan Frontier (Revell, 1912).
- ↑ Mrinalini Sinha, Specters of Mother India: The Global Restructuring of an Empire (Duke University Press 2006): 178. আই.এচ.বি.এন. 9780822337959
- ↑ "Women Doctors for India" Sydney Morning Herald (March 25, 1914): 5. via Trove
- ↑ "Social Background of Health in India" British Medical Journal (May 22, 1943): 641.
- ↑ Michael Pym, "India's Women Who Stand With Mahatma Gandhi" The New York Times (May 25, 1930).
- ↑ "Marriages" The Lancet (November 14, 1908): 1495.
- ↑ Lynn Innes, A History of Black and Asian Writing in Britain, 1700-2000 (Cambridge University Press 2002): 283. আই.এচ.বি.এন. 9780521643276.
- ↑ "Dr. Pennell, of India" The Missionary Review (June 1912): 475.
- ↑ "Deaths" British Medical Journal (March 17, 1951): 597.