সমললৈ যাওক

এলিছ ষ্টাৰলিং হনিগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলিছ ষ্টাৰলিং হনিগ
জন্ম ১৯ এপ্ৰিল, ১৯২৯
নিউয়ৰ্ক চহৰ, নিউয়ৰ্ক, আমেৰিকা
মৃত্যু ৭ মাৰ্চ, ২০০৩ (৭৩ বছৰ)
মিচিগান, আমেৰিকা
শিক্ষানুষ্ঠান ছাইৰাকিউজ বিশ্ববিদ্যালয়
কলম্বিয়া বিশ্ববিদ্যালয়
বাৰ্নাৰ্ড কলেজ
কৰ্নেল বিশ্ববিদ্যালয়
পেচা কলেজৰ অধ্যাপক, শিশু আৰু পৰিয়াল মনোবিজ্ঞানী
নিয়োগকৰ্তা ছাইৰাকিউজ বিশ্ববিদ্যালয়
অংশীদাৰ আৰ্থাৰ বি কোমাৰ

এলিছ ষ্টাৰলিং হনিগ ( ইংৰাজী : Alice Sterling Honig ; ১৯ এপ্ৰিল, ১৯২৯ – ৭ মাৰ্চ, ২০২৩) হ'ল এগৰাকী আমেৰিকান কলেজৰ অধ্যাপিকা আৰু শিশু মনোবিজ্ঞানী। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপিকা আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

নিউয়ৰ্ক চহৰত উইলিয়াম ষ্টাৰলিং আৰু ইডা বেণ্ডাৰ ষ্টাৰলিঙৰ কন্যা হনিগৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই আছিল পূব ইউৰোপৰপৰা অহা ইহুদী অনুপ্ৰৱেশকাৰী। তেওঁৰ দেউতাকে কাপোৰৰ ব্যৱসায়ত কৰ্মৰত আছিল আৰু মাক আছিল শিক্ষয়িত্ৰী। ব্ৰুকলিনৰ ইৰাছমাছ হল হাইস্কুলৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷[1] স্কুলীয়া শি‍ক্ষাৰ পাছত কৰ্নেল বিশ্ববিদ্যালয়ত পঢ়িছিল যদিও বিবাহপাশত আৱদ্ধ হ’বলৈ বিশ্ববিদ্যালয় এৰি গুচি যায়। পাছলৈ তেওঁ বাৰ্নাৰ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা বিকাশমূলক মনোবিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে, য'ত তেওঁ বেটী কেলডৱেলৰ স্নাতক সহায়িকা আছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

হনিগ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপক আছিল,[3] বিদ্যালয়ৰ শিশু কেন্দ্ৰৰ কাৰ্যসূচী পৰিচালক, আৰু ৩০ বছৰতকৈও অধিক সময় ধৰি চিৰাকিউজৰ নেচনেল কুৱেলিটি ইনফেণ্ট/টডলাৰ কেয়াৰগিভিং ৱৰ্কশ্বপৰ পৰিচালক, যিটো গ্ৰীষ্মকালীন নিবিড় কাৰ্যসূচী আছিল।[4] তেওঁ আৰু শিশু চিকিৎসক ফ্ৰেংক অস্কিয়ে ১৯৭০ আৰু ১৯৮০ চনত কেঁচুৱা আৰু শিশুৰ আইৰণৰ অভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল।[5] ১৯৭৫ চনত তেওঁ আমেৰিকাৰ শিশু বিকাশ বিশেষজ্ঞৰ এটা দলৰ অংশ হৈ চীনলৈ ক্ৰছ-কলচাৰেল অধ্যয়নৰ বাবে‍ ভ্ৰমণ কৰিবলৈ‍ গৈছিল।[2] এলিছ ষ্টাৰলিং হনিগ স্নাতক গৱেষণা বঁটা বছৰি তেওঁৰ ক্ষেত্ৰৰ এগৰাকী অসাধাৰণ চিৰাকিউজৰ ছাত্ৰীক প্ৰদান কৰা হয়।[2]

হনিগ চিৰাকিউজ ইউনিভাৰ্চিটি অৰেটৰিঅ' ছ'চাইটিত সক্ৰিয় আছিল আৰু তেওঁৰ য়িদ্দিছ লোকগীত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোলাবিজৰ বিষয়ে ব্যাপক জ্ঞান আছিল।[2] বিশেষকৈ স্তম্ভলেখক লৰেন্স কুটনাৰক[6] শিশুৰ টেলিভিছন,[7] ডাডলিং,[8] বেবীচিটাৰ,[9] বেবী জিমৰ ক্লাছ,[10] অতিৰিক্ত সময়সূচী,[11] আৰু সমনীয়াৰ হেঁচা,[12] আদি বিষয়ত তেওঁ সাক্ষাৎকাৰ আৰু মতামত দিছিল। ২০১৫ চনত বাৰ্নাৰ্ড কলেজৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ পৰা তেওঁ উইমেন অৱ এচিভমেণ্ট বঁটা লাভ কৰে।[2]

প্ৰকাশন

[সম্পাদনা কৰক]

হনিগ আছিল এগৰাকী জনপ্ৰিয় লেখিকা, তেওঁৰ নামত ৬০০ৰো অধিক প্ৰবন্ধ আৰু কিতাপৰ অধ্যায় আছে।[4] নব্বৈৰ দশকলৈকে তেওঁ একাডেমিক আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰি আছিল।[13] হনিগ আৰলি চাইল্ড ডেভেলপমেণ্ট এণ্ড কেয়াৰৰ সহযোগী সম্পাদক আছিল আৰু ইয়ং চিলড্ৰেনৰ পৰ্যালোচনা অংশ সম্পাদনা কৰিছিল।[14] হনিগৰ কিতাপসমূহৰ ভিতৰত আছে:

  • Parent Involvement in Early Childhood Education (1975)[15]
  • Optimizing Early Child Care and Education (1990)[16]
  • Talking with Your Baby: Family as the First School (1996, with Holly Brophy)[17]
  • Secure Relationships: Nurturing Infant/toddler Attachment in Early Care Settings (2002)[18]
  • Little Kids, Big Worries: Stress-Busting Tips for Early Childhood Classrooms (2009)[19]
  • The Best for Babies: Expert Advice for Assessing Infant-Toddler Programs (2014)[20]
  • Experiencing Nature with Young Children (2015)[21]
  • Literacy, Storytelling and Bilingualism in Asian Classrooms (2018)[22]
  • Day-to-Day the Relationship Way: Creating Responsive Programs for Infants and Toddlers (2020, with Donna Wittmer)[23]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

এলিছ ষ্টাৰলিঙে চিৰাকিউজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰ্নল্ড হনিগৰ সৈতে‍ বিবাহপাশত আৱদ্ধ হয়৷ তেওঁলোকৰ তিনিটা সন্তান ক্ৰমে - লৰেন্স, মেডেলিন আৰু জনাথন।[24][25] পাছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[26][25] তেওঁৰ দীৰ্ঘদিনীয়া সংগী আৰ্থাৰ বি কোমাৰো আছিল পদাৰ্থ বিজ্ঞানৰ অধ্যাপক; ২০১১ চনত তেওঁৰ মৃত্যু হয়।(এক অস্বাভাৱিক পাৰিবাৰিক ব্যৱস্থাত তেওঁৰ প্ৰাক্তন স্বামীয়ে কোমাৰৰ প্ৰাক্তন পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।)[27]

২০২৩ চনত ৯৩ বছৰ বয়সত মিচিগানত এলিছ ষ্টাৰলিং হনিগৰ মৃত্যু হয়।[2] তেওঁৰ জোঁৱায়েক ৰিচাৰ্ড লেনস্কি মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ বিৱৰ্তনশীল জীৱবিজ্ঞানী।[25]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Komar, Arthur B. SRCD Oral History Interview with Alice Sterling Honig (February 19, 1994).
  2. 1 2 3 4 5 6 Roopnarine, Jaipaul; Krishnakumar, Ambika (April 5, 2023). "A Giant in Her Field". Falk College, Syracuse University. Archived from the original on 2023-12-08. https://web.archive.org/web/20231208005431/https://falk.syr.edu/a-giant-in-her-field/ আহৰণ কৰা হৈছে: 2023-12-07.
  3. Gallagher, Pam (1977-07-21). "Children Never Too Young to Learn". Asbury Park Press: পৃষ্ঠা 37. https://www.newspapers.com/article/asbury-park-press-children-never-too-you/136452810/.
  4. 1 2 "Alice Sterling Honig, PhD". Gryphon House. Archived from the original on 2023-12-08. https://web.archive.org/web/20231208005430/https://www.gryphonhouse.com/our-authors/author-detail/alice_honig_phd আহৰণ কৰা হৈছে: 2023-12-07.
  5. Honig, Alice Sterling; Oski, Frank A. (1984-01-01). "Solemnity: A clinical risk index for iron deficient infants" (en ভাষাত). Early Child Development and Care খণ্ড 16 (1–2): 69–83. doi:10.1080/0300443840160106. ISSN 0300-4430. https://www.tandfonline.com/doi/full/10.1080/0300443840160106.
  6. Kutner, Lawrence (1991-06-16). "Child's affection source of rivalry". The Tennessean: পৃষ্ঠা 62. https://www.newspapers.com/article/the-tennessean-childs-affection-source/136452600/.
  7. Moss, Meredith (2004-04-12). "Tot Television". Dayton Daily News: পৃষ্ঠা 29. https://www.newspapers.com/article/dayton-daily-news-tot-televisionmeredit/136451785/.
  8. Kutner, Lawrence (1993-10-20). "Daytime angel, evening imp". Clarion-Ledger: পৃষ্ঠা 41. https://www.newspapers.com/article/clarion-ledger-daytime-angel-evening-im/136452257/.
  9. Kutner, Lawrence (1993-06-13). "Changing Lifestyles Change Baby Sitting Scene". Rutland Daily Herald: পৃষ্ঠা 40. https://www.newspapers.com/article/rutland-daily-herald-changing-lifestyles/136452359/.
  10. Churchman, Deborah (1984-02-20). "Researchers Question Benefits of Education Classes for Tots". The Palm Beach Post: পৃষ্ঠা 24. https://www.newspapers.com/article/the-palm-beach-post-researchers-question/136453084/.
  11. Kutner, Lawrence (1992-11-08). "Stressed kids need time for themselves; Well-meaning parents plan too much". The Cincinnati Enquirer: পৃষ্ঠা 143. https://www.newspapers.com/article/the-cincinnati-enquirer-stressed-kids-ne/136452683/.
  12. "A child needs confidence to resist peer pressure". Star Tribune: পৃষ্ঠা 35. 1996-02-05. https://www.newspapers.com/article/star-tribune-a-child-needs-confidence-to/136452505/.
  13. Honig, Alice Sterling (2022-09-10). "Essentials for excellence in quality early child care" (en ভাষাত). Early Child Development and Care খণ্ড 192 (12): 1940–1951. doi:10.1080/03004430.2021.1956846. ISSN 0300-4430. https://www.tandfonline.com/doi/full/10.1080/03004430.2021.1956846.
  14. "A Tribute to Alice Sterling Honig" (en ভাষাত). NAEYC. June 14, 2023. https://www.naeyc.org/resources/blog/tribute-alice-sterling-honig আহৰণ কৰা হৈছে: 2023-12-07.
  15. Honig, Alice S. (1975) (en ভাষাত). Parent Involvement in Early Childhood Education. National Association for the Education of Young Children. ISBN 978-0-912674-44-5. https://books.google.com/books?id=wx86AAAAMAAJ&q=Alice+Sterling+Honig.
  16. Honig, Alice Sterling (1990) (en ভাষাত). Optimizing Early Child Care and Education. Taylor & Francis. ISBN 9782881247699. https://www.routledge.com/Optimizing-Early-Child-Care-Ed/Honig/p/book/9782881247699 আহৰণ কৰা হৈছে: 2023-12-07.
  17. Honig, Alice Sterling; Brophy, Hollly (1996). Talking with Your Baby: Family As the First School. Syracuse University Press. ISBN 9780815603559.
  18. Honig, Alice S. (2002) (en ভাষাত). Secure Relationships: Nurturing Infant/toddler Attachment in Early Care Settings. National Association for the Education of Young Children. ISBN 978-1-928896-03-6. https://books.google.com/books?id=oa1sQgAACAAJ&q=Alice+Sterling+Honig.
  19. Honig, Alice (2009). Little Kids, Big Worries: Stress-Busting Tips for Early Childhood Classrooms. Brookes Publishing Company. ISBN 9781598570618.
  20. Honig, Alice Sterling (2014). The Best for Babies: Expert Advice for Assessing Infant-Toddler Programs. Gryphon House. ISBN 9780876595541.
  21. Honig, Alice Sterling (2014). Experiencing Nature with Young Children. National Association for the Education of Young Children. ISBN 9781938113079. https://books.google.com/books?id=Wn73rQEACAAJ&q=Alice+Sterling+Honig.
  22. Honig, Alice Sterling (2018-01-12) (en ভাষাত). Literacy, Storytelling and Bilingualism in Asian Classrooms. Taylor & Francis Group. ISBN 978-1-138-50262-8. https://books.google.com/books?id=0LM6tAEACAAJ.
  23. Honig, Alice Sterling; Wittmer, Donna (2020). Day to Day the Relationship Way: Creating Responsible Programs for Infants and Toddlers. National Association for the Education of Young Children. ISBN 9781938113550. https://books.google.com/books?id=iJHMwgEACAAJ&q=Alice+Sterling+Honig.
  24. "'Spend Your Whole Life Learning and Giving!' An interview with Alice Sterling Honig". ECRP. Vol 11 No 2. 2009. https://ecrp.illinois.edu/v11n2/interview-honig.html আহৰণ কৰা হৈছে: 2023-12-07.
  25. 1 2 3 "Arnold Honig, Syracuse University physics icon, dead at 83". 2012-02-06. https://news.syr.edu/blog/2012/02/06/arnold-honig-syracuse-university-physics-icon-dead-at-83/ আহৰণ কৰা হৈছে: 2025-01-03.
  26. "Arnold Honig Obituary". Syracuse Post Standard, via Legacy.com. 2012. https://obits.syracuse.com/us/obituaries/syracuse/name/arnold-honig-obituary?id=25871380 আহৰণ কৰা হৈছে: 2023-12-08.
  27. "Arthur Komar Obituary". Syracuse Post Standard, via Legacy.com. 2011. https://obits.syracuse.com/us/obituaries/syracuse/name/arthur-komar-obituary?id=26642684 আহৰণ কৰা হৈছে: 2023-12-08.