সমললৈ যাওক

এলিন’ৰ মেকউইলিয়ামছ চেম্বাৰলেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এলিন'ৰ "এলা" কলিয়াৰ মেকউইলিয়ামছ চেম্বাৰলেন (ইংৰাজী: Eleanor McWilliams Chamberlain)( জন্ম ছেপ্টেম্বৰ ১৮৪৮; মৃত্যু জুলাই ১৯৩৪)[1] এগৰাকী আমেৰিকান মহিলা অধিকাৰ কৰ্মী আৰু সাংবাদিক আছিল যি ফ্ল'ৰিডাত মহিলাৰ ভোটাধিকাৰ আন্দোলন আৰম্ভ কৰাৰ কৃতিত্ব লাভ কৰে।[2][3] ১৮৪৮ চনৰ ছেপ্টেম্বৰ মাহত আইঅ'ৱাৰ মাহাস্কা কাউণ্টিত জন্মগ্ৰহণ কৰা চেম্বাৰলেনে বিবাহৰ পিছত ১৮৮০ চনৰ আৰম্ভণিতে ফ্ল'ৰিডালৈ গুচি যায়।[4] ১৮৯০ চনৰ আৰম্ভণিতে তেওঁ ফ্ল'ৰিডা মহিলা ভোটাধিকাৰ সংস্থা গঠন কৰে আৰু "টাম্পা উইকলি ট্ৰিবিউন"ৰ বাবে প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। "দ্য টাম্পা ট্ৰিবিউনে" দাবী কৰে যে চেম্বাৰলেন "হয়তো ফ্ল'ৰিডাৰ প্ৰথম 'ছাফ্ৰেজেট' আছিল।"[5]

১৮৪৮ চনৰ ছেপ্টেম্বৰ মাহত আইঅ’ৱাৰ মাহাস্কা কাউণ্টিত চেমুৱেল আৰু চাৰা (জোন্স) মেকউইলিয়ামছৰ ডাঙৰ সন্তান চেম্বাৰলেনৰ জন্ম হয়। পাঁচজনৰ ভিতৰত তেওঁ ডাঙৰ৷ তেওঁৰ দুগৰাকী ভগ্নী আৰু এজন ভাতৃ প্ৰাপ্তবয়স্ক হোৱালৈকে জীয়াই থাকে। তেওঁ ১৮৬০ চনত আইঅ’ৱাৰ অস্কালুছা কলেজত পঢ়িছিল।

১৮৭০ চনৰ আৰম্ভণিতে আইঅ’ৱাৰ অস্কালুছাত তেওঁতকৈ ২৪ বছৰ ডাঙৰ ফিল্ডিং পি চেম্বাৰলেন (১৮২৪–১৮৯৯)ক বিয়া কৰায়৷ তেওঁ আছিল তেওঁৰ দ্বিতীয় পত্নী। তেওঁৰ প্ৰথম পত্নী এলিজাবেথ ব্ৰেকেনৰিজৰ কেইবছৰমান আগতে মৃত্যু হৈছিল।[6] ১৮৮০ চনলৈকে এই দম্পতীটোৱে কেনছাছত বাস কৰিছিল৷ ১৮৮১ চনত তেওঁলোকে এলাৰ গৃহ ৰাজ্য আইঅ'ৱাৰ পৰা ফ্ল'ৰিডালৈ গুচি যায় আৰু ১৮৮৩ চনত টাম্পাত বসতি স্থাপন কৰে। ১৮৯২ চনত আইঅ'ৱাৰ ডেচ মইনেছত অনুষ্ঠিত হোৱা মহিলা অধিকাৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ "টাম্পা উইকলি ট্ৰিবিউন"ত লিখা বাতৰি কাকতৰ স্তম্ভটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।

১৮৯৩ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰায় ১০০ গৰাকী মহিলাৰ এটা দলক ফ্ল'ৰিডা মহিলা ভোটাধিকাৰ সংস্থাত সংগঠিত কৰে [7][8] যিয়ে তাৰ পিছত নেচনেল আমেৰিকান মহিলা ভোটাধিকাৰ সংস্থাৰ সৈতে জড়িত হয়। ১৮৯৫ চনত চেম্বাৰলেন আৰু তেওঁৰ স্বামীয়ে সংস্থাটোৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিছিল। তেওঁ চুজান বি এন্থনীৰ সৈতে চিনাকি হৈছিল আৰু প্ৰতি বছৰে বৰদিনৰ বাবে ফ্ল'ৰিডাৰ কমলাৰ বাকচ এটা পঠিয়াইছিল। ১৮৯৭ চনত যেতিয়া চেম্বাৰলেনে ফ্ল'ৰিডাৰ পৰা গুচি যায়৷ ফ্ল'ৰিডাৰ ভোটাধিকাৰ আন্দোলন মূলতঃ ১৯১৩ চনলৈকে পতন ঘটে।[9][10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Weatherford, Doris (2004) (en ভাষাত). A History of Women in the United States: Alabama-Illinois. Grolier Academic Reference. ISBN 9780717258062. https://books.google.com/books?id=K4wYAAAAIAAJ&q=Eleanor+McWilliams+Chamberlain. 
  2. Weatherford, Doris (2012-01-20) (en ভাষাত). Women in American Politics: History and Milestones. SAGE. পৃষ্ঠা. 25. ISBN 9781608710072. https://books.google.com/books?id=wW5wumFHKSEC&q=Eleanor+McWilliams+Chamberlain&pg=SL11-PA25. 
  3. "St. Cloud Women Got The Vote 2 Years Before 19th Amendment Passed" (en ভাষাত). Orlando Sentinel. https://www.orlandosentinel.com/2002/09/01/st-cloud-women-got-the-vote-2-years-before-19th-amendment-passed/। আহৰণ কৰা হৈছে: 2019-03-13. 
  4. "Biographical Sketch of Eleanor "Ella" Chamberlain | Alexander Street Documents". documents.alexanderstreet.com. https://documents.alexanderstreet.com/d/1010940184। আহৰণ কৰা হৈছে: 2023-09-25. 
  5. Hawes, Leland (March 27, 1994). "Tampa woman helped win vote - Tampa's Ella C. Chamberlain played a key role in starting the suffragist movement in Florida.". The Tampa Tribune. https://www.newspapers.com/article/the-tampa-tribune-tampa-woman-helped-win/160055821/. 
  6. "Ella Chamberlain, founder of Florida Suffrage". The Tampa Tribune: পৃষ্ঠা 94. 1994-05-15. https://www.newspapers.com/clip/39719125/ella-chamberlain-founder-of-florida/. 
  7. Hawes, Leland (August 27, 1995). "State led by Tampa suffragist". The Tampa Tribune. https://www.newspapers.com/image/340228312/. 
  8. Weatherford, Doris (2004) (en ভাষাত). Real Women: Of Tampa and Hillsborough County from Prehistory to the Millennium. University of Tampa Press. ISBN 978-1-879852-33-4. https://books.google.com/books?id=pYBmAAAAMAAJ&q=Eleanor+McWilliams+Chamberlain. 
  9. Doris, Weatherford (2015). They Dared to Dream. University Press of Florida. পৃষ্ঠা. 175. 
  10. "Women's Hall of Fame" (en ভাষাত). Hillsborough County. Archived from the original on 2019-03-31. https://web.archive.org/web/20190331041346/https://www.hillsboroughcounty.org/en/government/boards-and-committees/a-d/cosw-hall-of-fame। আহৰণ কৰা হৈছে: 2019-03-13.