সমললৈ যাওক

এলেছেন্দ্ৰা এমব্ৰোচিঅ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলেছেন্দ্ৰা এমব্ৰোচিঅ’

২০২৫ চনত এমব্ৰোচিঅ’
জন্ম এলেছেন্দ্ৰা কৰিন এমব্ৰোচিঅ’
১১ এপ্ৰিল, ১৯৮১ (৪৫ বছৰ)
ইৰেকিম, ৰিও গ্ৰাণ্ডে ড’ চেল, ব্ৰাজিল
নাগৰিকত্ব ব্ৰাজিল, আমেৰিকা যুক্তৰাষ্ট্ৰ
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
অংশীদাৰ জেমি মাজুৰ (২০০৫–২০১৮)
সন্তান
'Modeling information'
Height ১.৭৭ মিটাৰ[1]
Hair color মুগা[1]
Eye color মুগা[1]
Agency
  • ক্ৰিয়েটিভ আৰ্টিষ্ট এজেন্সি
  • ভিভা মডেল মেনেজমেণ্ট
  • ক্লাইন মডেল মেনেজমেণ্ট
  • পাৰ্চপেক্টিভ মেনেজমেণ্ট
  • প্ৰিচিলাইজ মডেল মেনেজমেণ্ট
  • ৱে মডেল মেনেজমেণ্ট
ৱেবছাইট
www.alessandraambrosio.com.br

এলেছেন্দ্ৰা কৰিন এমব্ৰোচিঅ’ (ইংৰাজী: Alessandra Ambrosio; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ব্ৰাজিলিয়ান মডেল। তেওঁ ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত আৰু কোম্পানীটোৰ 'পিংক' লাইনৰ প্ৰথমগৰাকী মুখপাত্ৰ মডেল হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ২০০৪ চনৰপৰা ২০১৭ চনলৈ এগৰাকী 'ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল' আছিল আৰু খ্ৰীষ্টান ডায়ৰ, আৰমানি, ৰালফ লৰেন তথা নেক্সটৰ দৰে ফেশ্বন হাউচৰ বাবে মডেলিং কৰিছে।[2]

এমব্ৰোচিঅ’ই ফৰ্বচৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত পঞ্চম স্থান লাভ কৰিছিল। তেওঁৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ৬৬ লাখ ডলাৰ বুলি অনুমান কৰা হৈছিল।[3] জনপ্ৰিয় সংবাদ মাধ্যমত তেওঁক প্ৰায়ে বিশ্বৰ অন্যতম আবেদনময়ী মহিলা হিচাপে উল্লেখ কৰা হয়।[4] এগৰাকী 'এঞ্জেল' হিচাপে তেওঁ ২০০৭ চনৰ মে' মাহত পিপল আলোচনীৰ বাৰ্ষিক "বিশ্বৰ ১০০ গৰাকী আটাইতকৈ ধুনীয়া ব্যক্তি"ৰ অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।[5] এমব্ৰোচিঅ’ক ফেশ্বন উদ্যোগৰ অন্যতম আইকন হিচাপে গণ্য কৰা হয়।[6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এমব্ৰোচিঅ’ৰ জন্ম ১৯৮১ চনৰ ১১ এপ্ৰিলত[7] ব্ৰাজিলৰ ৰিও গ্ৰাণ্ডে ড’ চেলৰ ইৰেকিমত লুচিল্ডা আৰু লুইজ এমব্ৰোচিঅ’ৰ গৰ্ভত হৈছিল।[8][9] তেওঁৰ এলিন নামৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে। তেওঁৰ দেউতাকৰফালৰ ককাক আছিল পাডুয়াৰ এজন ইটালীয় প্ৰব্ৰজনকাৰী,[10] আৰু তেওঁৰ দেউতাকৰফালৰ আইতাক আছিল এগৰাকী পলিচ প্ৰব্ৰজনকাৰী।[2][11]

নিজৰ কাণ দুখন ডাঙৰ হোৱা বাবে সদায় নিৰাপত্তাহীনতাত ভোগা এমব্ৰোচিঅ’ই ১১ বছৰ বয়সত কাণ দুখন সঠিক কৰিবলৈ কছমেটিক চাৰ্জাৰী কৰাইছিল।[10][2] তেওঁ ১২ বছৰ বয়সত এটা মডেলিং ক্লাছত নামভৰ্তি কৰে। তেওঁ ১৯৯৫ চনৰ ব্ৰাজিলৰ 'এলিট মডেল লুক' ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ২০ গৰাকী ফাইনেলিষ্টৰ ভিতৰত অন্যতম আছিল।[8][11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

এমব্ৰোচিঅ’ই ২০০৮ চনত আমেৰিকান ব্যৱসায়ী তথা 'ৰি-ডান জিন্স'ৰ প্ৰতিষ্ঠাপক জেমি মাজুৰৰ সৈতে আঙঠি পিন্ধাইছিল।[12][13] এই দম্পতীটিৰ এগৰাকী কন্যা (জন্ম ২০০৮)[14] আৰু এজন পুত্ৰ (জন্ম ২০১২) আছে।[15] এমব্ৰোচিঅ’ই ২০১৮ চনৰ ২৭ মাৰ্চত ঘোষণা কৰে যে মাজুৰৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে।[16]

এমব্ৰোচিঅ’ই 'নেশ্যনেল মাল্টিপল স্কেলেৰোচিছ ছচাইটি'ৰ এগৰাকী ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াইছে।[17]

২০১৯ চনৰ মাৰ্চ মাহত এমব্ৰোচিঅ’ই তেওঁৰ ভগ্নী এলিন আৰু শৈশৱৰ বান্ধৱী গিজেল কোৰিয়াৰ সৈতে মিলি নিজাকৈ বীচৱেৰ ব্ৰেণ্ড 'গাল ফ্ল’ৰিাপা' (GAL Floripa) মুকলি কৰে।[18]

২০২০ চনৰ নৱেম্বৰ মাহত এমব্ৰোচিঅ’ই প্ৰকাশ কৰে যে তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা
২০০৬ কেচিনো ৰয়েল টেনিছ গাৰ্ল
২০১৫ ডেডীজ হোম কাৰেন মেৰন
২০১৬ টিনেজ মিউটেণ্ট নিঞ্জা টাৰ্টলছ: আউট অফ দ্য শ্বেড'জ নিজে
২০১৭ ডাবল ডাচিয়ান
ডেডীজ হোম ২ কাৰেন মেৰন

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা
২০০৪ দ্য লেট লেট শ্ব’ নিজে ১টা খণ্ড
২০০৫–২০০৬ দ্য টাইৰা বেংকছ শ্ব’ ২টা খণ্ড
২০০৫ প্ৰজেক্ট ৰানৱে খণ্ড° "টিম লিঞ্জাৰী"
২০০৬ লেট নাইট উইথ কনান অ’ব্ৰায়েন ১টা খণ্ড
২০০৭ এণ্টুৰেজ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল #১ খণ্ড° "লেছ দেন ৩০"
হাউ আই মেট ইউৰ মাদাৰ নিজে খণ্ড° "দ্য ইপছ"
২০১০ গছিপ গাৰ্ল টপ মডেল খণ্ড° "দ্য আণ্ডাৰগ্ৰেজুৱেটছ"
২০১৩ অমেৰিকা’জ নেক্সট টপ মডেল নিজে খণ্ড° "দ্য গাই হু গেটছ এ ৱিভ"
২০১৪ নিউ গাৰ্ল খণ্ড° "প্ৰিন্স"
২০১৫ অষ্ট্ৰেলিয়া’জ নেক্সট টপ মডেল ১টা খণ্ড
ভাৰ্ডাডেছ চেক্ৰেটাছ চামিয়া নিয়মীয়া চৰিত্ৰ (প্ৰথম ছিজন)
২০১৮ জাৰ্মানী’জ নেক্সট টপমডেল নিজে খণ্ড° "ড্ৰেগ এডিচন"
দ্য ফাইনেল টেবুল খণ্ড° "ব্ৰাজিল"
২০১৯ মাষ্টাৰশ্বেফ খণ্ড° "হট এণ্ড স্পাইচি"
অমেৰিকান হাউচৱাইফ যুৱতী কেটি চতুৰ্থ ছিজন, প্ৰথম খণ্ড° 'দ্য মিনিভান' (কেমিঅ’ উপস্থিতি)
২০২০ জাৰ্মানী’জ নেক্সট টপমডেল (১৫তম ছিজন) নিজে খণ্ড° "এভৰিবডী কামছ টু হলিউড"

সংগীত ভিডিঅ’

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক শিল্পী
২০১৬ "M.I.L.F. $" ফাৰ্গী
২০১৬ "Wolves" ক্যানি ৱেষ্ট

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Alessandra Ambrosio - Model Profile - Photos & latest news". models.com. https://models.com/models/alessandra-ambrosio আহৰণ কৰা হৈছে: 28 May 2021.
  2. 1 2 3 "How Alessandra Ambrosio Went From Small Town Brazil To Become One Of The Wealthiest Models In The World". Business Insider. Archived from the original on 25 April 2021. https://web.archive.org/web/20210425145229/https://www.businessinsider.in/retail/how-alessandra-ambrosio-went-from-small-town-brazil-to-become-one-of-the-wealthiest-models-in-the-world/slidelist/27228750.cms আহৰণ কৰা হৈছে: 25 April 2021.
  3. Solomon, Brian (14 June 2012). "The World's Highest Paid Models". Forbes. https://www.forbes.com/sites/briansolomon/2012/06/14/the-worlds-highest-paid-models/ আহৰণ কৰা হৈছে: 20 June 2012.
  4. "No.5 Alessandra Ambrosio – FHM 100 Sexiest 2007", FHM.
  5. "The Models of Victoria's Secret", People.
  6. "Alessandra Ambrosio - Model". MODELS.com. https://models.com/models/Alessandra-Ambrosio.
  7. Garcia, Kelsey (10 April 2013). "Alessandra Ambrosio Birthday". Elle. http://www.elle.com/fashion/celebrity-style/news/g7148/alessandra-ambrosio-birthday/ আহৰণ কৰা হৈছে: 4 August 2016.
  8. 1 2 "Alessandra Ambrosio interview with Hello Magazine Archived 28 November 2020 at the Wayback Machine" Hello Magazine.
  9. "Alessandra Ambrosio - Fashion Model". The Fashion Model Directory. http://www.fashionmodeldirectory.com/models/Alessandra_Ambrosio/ আহৰণ কৰা হৈছে: 4 August 2016.
  10. 1 2 Veneziani, Maria Teresa (30 October 2015). "Alessandra Ambrosio: "L'amore? È difficile che duri tutta la vita"". www.corriere.it. https://www.corriere.it/moda/news/15_ottobre_30/alessandra-ambrosio-l-amore-difficile-che-duri-tutta-vita-b9a56828-7f31-11e5-882e-dcc202b27802.shtml আহৰণ কৰা হৈছে: 9 January 2021.
  11. 1 2 "Success Stories: Alessandra Ambrósio". Elite Model Look. http://www.elitemodellook.com/successstories/alessandraambrosio.html আহৰণ কৰা হৈছে: 11 February 2013.
  12. "Are These The Perfect Jeans?". 7 April 2015. http://www.vogue.co.uk/news/2015/04/07/redone-jeans-founders-jamie-mazur-sean-barron-interview আহৰণ কৰা হৈছে: 4 August 2016.
  13. Friedman, Kate (2 December 2015). "Alessandra Ambrosio Reveals Why She Hasn't Set a Wedding Date 8 Years Into Her Engagement". Glamour. http://www.glamour.com/weddings/blogs/save-the-date/2015/12/alessandra-ambrosio-reveals-wh আহৰণ কৰা হৈছে: 12 December 2015.
  14. Triggs, Charlotte (25 August 2008). "Model Alessandra Ambrosio Has a Girl". People. https://people.com/parents/model-alessandra-ambrosio-has-a-girl/ আহৰণ কৰা হৈছে: 11 February 2019.
  15. "InStyle". https://www.instyle.com/news/baby-news-alessandra-ambrosios-new-son-noah-phoenix আহৰণ কৰা হৈছে: 28 December 2018.
  16. Logan, Elizabeth (17 March 2018). "Alessandra Ambrosio And Fiancé Jamie Mazur Are Splitting Up After 10 Years". W Magazine. https://www.wmagazine.com/story/alessandra-ambrosio-jamie-mazur-break-up আহৰণ কৰা হৈছে: 18 March 2018.
  17. "Alessandra Ambrosio, Official Spokesperson of National Multiple Sclerosis Society Archived 12 October 2007 at the Wayback Machine". National Multiple Sclerosis Society.
  18. "About Us". GAL Floripa. Archived from the original on 20 January 2021. https://web.archive.org/web/20210120203219/https://galfloripa.com/pages/about-us আহৰণ কৰা হৈছে: 21 December 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]