এশা গুপ্তা
| এশা গুপ্তা | |
|---|---|
২০০৭ চনৰ মিছ ইণ্ডিয়াত গুপ্তা | |
| জন্ম | ২৮ নৱেম্বৰ, ১৯৮৫ (৪০ বছৰ) নতুন দিল্লী, ভাৰত |
| 'Beauty pageant titleholder' | |
| Years active | ২০১২–বৰ্তমান |
| Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া ২০০৭ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ |
| ৱেবছাইট | |
| www | |
এশা গুপ্তা (ইংৰাজী: Esha Gupta; জন্ম: ২৮ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁক 'ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৭'ৰ মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ক্ৰাইম থ্ৰিলাৰ জান্নাত ২ (২০১২)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।[1]
গুপ্তাই ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰিছিল আৰু মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ জয় কৰিছিল। পিছলৈ তেওঁ মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2] অভিনয় জীৱনৰ আৰম্ভণিৰ পিছত গুপ্তাই ৰাজনৈতিক ড্ৰামা চক্ৰবেহুত (২০১২) কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল, কিন্তু কমেডী ছবি হমচকলছত (২০১৪) তেওঁৰ অভিনয়ে নেতিবাচক সমালোচনা লাভ কৰে। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত আছিল হৰৰ থ্ৰিলাৰ ৰাজ থ্ৰী-ডি (২০১৩), ক্ৰাইম ড্ৰামা ৰুস্তম (২০১৬), আৰু একচন-এডভেন্সাৰ ছবি বাদশ্বাহো (২০১৭)।
প্ৰাৰম্ভিক জীৱন আৰু কাম
[সম্পাদনা কৰক]এশা গুপ্তাৰ জন্ম ১৯৮৫ চনৰ ২৮ নৱেম্বৰত নতুন দিল্লীত হৈছিল।[3] তেওঁৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ বিষয়া আৰু মাতৃ এগৰাকী গৃহিনী।[4] নেহা নামৰ তেওঁৰ এগৰাকী ভগ্নী আছে। তেওঁ শৈশৱৰ সৰহভাগ সময় ডেৰাডুন, হায়দৰাবাদ আৰু দিল্লীত অতিবাহিত কৰিছিল।[5] গুপ্তাই মণিপাল একাডেমী অৱ হায়াৰ এডুকেচনৰ অন্তৰ্গত স্কুল অৱ কমিউনিকেচনৰপৰা গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[6]
গুপ্তাই ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ 'মিছ ফটোজেনিক' খিতাপ অৰ্জন কৰে[7] আৰু তৃতীয় স্থান লাভ কৰি মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলত প্ৰতিযোগিতা কৰিবলৈ সুযোগ পায়।[8] তেওঁ ২০১০ চনত 'কিংফিচাৰ কেলেণ্ডাৰ'ত স্থান লাভ কৰিছিল।[9] পিছলৈ তেওঁ বলীউডত নিজৰ কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়ে।[10]
সক্ৰিয়তা
[সম্পাদনা কৰক]এশাক পৰিৱেশ সংৰক্ষণৰ বিভিন্ন পদক্ষেপত অংশগ্ৰহণ কৰা দেখা যায়,[11] যাৰ ভিতৰত "বিচ ক্লীনআপ ড্ৰাইভ" (সৈকত পৰিষ্কাৰ অভিযান),[12] "ৱাক ফৰ চেভিং দা মেংগ্ৰোভছ" (মেংগ্ৰোভ বনাঞ্চল বাচাও পদযাত্ৰা),[13] আৰু বনাঞ্চল সুৰক্ষাৰ কাম-কাজ অন্যতম।[14] তেওঁ কন্যাসন্তানৰ উত্তৰণ আৰু শিক্ষাৰ বাবে কাম কৰা "সুৰমান প্ৰতিষ্ঠান"ৰ সৈতেও জড়িত।[15] ইয়াৰ উপৰি তেওঁ বিলুপ্তিৰ পথত থকা চাৰ্ক মাছৰ প্ৰজাতিসমূহ ৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ "চীলেগেছি" নামৰ সংস্থাটোকো সমৰ্থন কৰে।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Planet glamour Act II". The Financial Express. 13 August 2012. http://www.financialexpress.com/news/planet-glamour-act-ii/987462/0। আহৰণ কৰা হৈছে: 2 November 2012.
- ↑ (en-IN ভাষাত) Esha Gupta's complete beauty evolution. https://www.vogue.in/content/esha-gupta-complete-beauty-evolution%3famp। আহৰণ কৰা হৈছে: 27 September 2017.[সংযোগবিহীন উৎস]
- ↑ "Birthday special: Things you may not know about Esha Gupta". Mid Day. http://www.mid-day.com/photos/birthday-special-things-you-may-not-know-about-esha-gupta/4218। আহৰণ কৰা হৈছে: 29 May 2016.
- ↑ "Celeb Fitness Mantras: Esha Gupta". iDiva. 22 May 2012. http://idiva.com/news-health/celeb-fitness-mantras-esha-gupta/12861। আহৰণ কৰা হৈছে: 14 December 2012.
- ↑ "Esha and Neha Gupta at the launch of Omega's 'Ladymatic' watch at Taj Palace, Delhi on November 23, 2011". The Times of India. http://photogallery.indiatimes.com/events/delhi/Omega-Ladymatic-launch/articleshow/10882814.cms। আহৰণ কৰা হৈছে: 10 April 2013.
- ↑ "Acting over education - Lesser known facts about Esha Gupta". 29 August 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/lesser-known-facts-about-esha-gupta/Acting-over-education/photostory/60361028.cms.
- ↑ "Miss India Winners 2007 – Miss India – Title Holders – Femina Miss India – Indiatimes". The Times of India. 16 July 2012. Archived from the original on 1 December 2012. https://web.archive.org/web/20121201055338/http://feminamissindia.indiatimes.com/titleholder/articleshow/6260972.cms। আহৰণ কৰা হৈছে: 13 August 2012.
- ↑ "Esha Gupta - Femina Miss India 2007 Contestants". The Times of India. Archived from the original on 16 May 2013. https://web.archive.org/web/20130516032443/http://feminamissindia.indiatimes.com/photoshow/6251553.cms?curpg=4। আহৰণ কৰা হৈছে: 14 August 2012.
- ↑ ninjas. "Sexy Kingfisher Calendar Girls". guylife.com. Archived from the original on 26 May 2012. https://web.archive.org/web/20120526132142/http://guylife.com/slideshow-babes/sexy-kingfisher-calendar-girls/8795/4। আহৰণ কৰা হৈছে: 13 August 2012.
- ↑ "Bollywood wasn't Esha Gupta's first choice". Hindustan Times. 15 January 2013. https://www.hindustantimes.com/bollywood/bollywood-wasn-t-esha-gupta-s-first-choice/story-iMVBTECfWq22p0apVmeEQI.html। আহৰণ কৰা হৈছে: 10 April 2013.
- ↑ "Protecting nature isn't about a nation: Esha Gupta". thequint.com. 3 September 2019. https://www.thequint.com/news/hot-news/protecting-nature-isn-t-about-a-nation-esha-gupta#read-more.
- ↑ "100 weeks of Dadar beach cleanup: Esha Gupta participates in cleanliness drive". aninews.in. https://www.aninews.in/news/entertainment/bollywood/100-weeks-of-dadar-beach-cleanup-esha-gupta-participates-in-cleanliness-drive20190722014124/.
- ↑ "Walk For Mangroves: A Bhamla Foundation Initiative Was Graced By Aditya Thackeray, Esha Gupta, Zorawar Kalra And Malhar Kalambe". mumbailive.com. 16 July 2019. https://www.mumbailive.com/en/environment/walk-for-mangroves-a-bhamla-foundation-initiative-was-graced-by-aditya-thackeray-esha-gupta-zorawar-kalra-and-malhar-kalambe-37673.
- ↑ "Mumbai Celebs Join Citizens To Protest Order To Cut Trees In Aarey For Metro". BloombergQuint. bloombergquint.com. September 2019. Archived from the original on 3 March 2022. https://web.archive.org/web/20220303173213/https://www.bloombergquint.com/economy-finance/bollywood-celebs-protest-order-to-cut-trees-in-aarey-for-metro। আহৰণ কৰা হৈছে: 3 March 2022.
- ↑ "Esha Gupta visits surman institute and spends time with kids". bollywoodtadka.in. 3 October 2021. https://www.bollywoodtadka.in/entertainment/news/esha-gupta-visits-surman-institute-and-spends-time-with-kids-1467555.
- ↑ "twitter.com" (en ভাষাত). X (formerly Twitter). https://twitter.com/Sea_Legacy/status/1588924739250262020। আহৰণ কৰা হৈছে: 29 November 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Esha Gupta সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- EshaGuptaOfficial.com