এষা দাদাৱালা
| এষা দাদাৱালা | |
|---|---|
| জন্ম | এষা ময়ঙ্ক দাদাৱালা ২ জানুৱাৰী, ১৯৮৫ (৪১ বছৰ) চুৰাট, গুজৰাট |
| পেচা | কবি, সাংবাদিক |
| ভাষা | গুজৰাটী |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | কলা শাখাৰ স্নাতক |
| মাতৃশিক্ষায়তন | বীৰ নৰ্মদা দক্ষিণ গুজৰাট বিশ্ববিদ্যালয় |
| উল্লেখনীয় কৰ্মৰাজি | * বৰতাৰো (২০০৮)
|
| উল্লেখযোগ্য বঁটা |
|
এষা দাদাৱালা (ইংৰাজী: Esha Dadawala; জন্ম: ২ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গুজৰাটৰ সাংবাদিক।[1] তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিৰ ভিতৰত আছে বৰতাৰো (২০০৮), ক্যা গই এই ছোকৰী (২০১১) আৰু জন্মাৰো (২০১৩)। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৩ চনৰ যুৱ গৌৰৱ পুৰস্কাৰ লাভ কৰিছে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৫ চনৰ ২ জানুৱাৰীত গুজৰাটৰ চুৰাটৰ ময়ঙ্ক দাদাৱালা আৰু হেতাল দাদাৱালাৰ ঘৰত এষাৰ জন্ম হৈছিল। তেওঁ ২০০২ চনত সুৰাটৰ জীৱন ভাৰতী হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ২০০৫ চনত তেওঁ বীৰ নৰ্মদা দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ৰপৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]স্কুলত পঢ়ি থকা সময়তে এষাই তেওঁৰ প্ৰথমটো কবিতা 'ডেথ চাৰ্টিফিকেট' লিখিছিল, যিটো গুজৰাটী কবিতা আলোচনী 'কবিতা'ত প্ৰকাশ পাইছিল।[3] বৰ্তমান তেওঁ 'অনন্যা চিটি'ৰ (ভিডিঅ' ই-পেপাৰৰ অগ্ৰণী) স্বত্বাধিকাৰী তথা সম্পাদিকা আৰু 'দিব্য ভাস্কৰ'ৰ স্তম্ভলেখক। তেওঁ 'গুজৰাট মিত্ৰ', 'মাই টিভি' (সুৰাটৰ স্থানীয় বাতৰি চেনেল), 'ধবকাৰ' (সুৰাটৰ স্থানীয় বাতৰি কাকত), 'সন্দেশ', 'মাই এফ এম' আৰু 'গুজৰাট গাৰ্ডিয়ান'কে ধৰি বিভিন্ন সংবাদ মাধ্যমত সংবাদ পঢ়ুৱৈ, সাংবাদিক আৰু উপ-সম্পাদক হিচাপে কাম কৰিছে। তেওঁৰ চুটিগল্পসমূহ 'চিত্ৰলেখা'কে ধৰি কেইবাখনো গুজৰাটী আলোচনীত প্ৰকাশ পাইছে।[2]
কৰ্মৰাজি
[সম্পাদনা কৰক]২০০৮ চনত তেওঁৰ প্ৰথম কবিতা সংকলন বৰতাৰো প্ৰকাশ পায় আৰু ইয়াৰ পিছত ২০১৩ চনত জন্মাৰো প্ৰকাশ পায়।[2] তেওঁ নাৰীৰ সূক্ষ্ম আৱেগ আৰু এগৰাকী মহিলাৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ বৰ্ণনা কৰিছে। ক্যা গই এই ছোকৰী (২০১১) তেওঁ ডায়েৰীৰ ৰূপত লিখা এখন উপন্যাস।[4]
স্বীকৃতি
[সম্পাদনা কৰক]গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে গুজৰাট সাহিত্য একাডেমীয়ে তেওঁক ২০১৩ চনত যুৱ গৌৰৱ পুৰস্কাৰ প্ৰদান কৰে। তেওঁৰ গ্ৰন্থ জন্মাৰোই (২০১৩) গুজৰাট সাহিত্য একাডেমীৰদ্বাৰা প্ৰৱৰ্তন কৰা কবিতাৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ 'গুজৰাট সমাচাৰ' আৰু সমন্বয়ৰদ্বাৰা প্ৰৱৰ্তন কৰা ৰাৱজী পেটেল বঁটা; কবি গণি দহিৱালা বঁটা (২০০০); মুম্বাইৰ কফি-মেটছৰদ্বাৰা শ্ৰেষ্ঠ কবি বঁটা; মুম্বাইৰ কলা গুৰ্জৰী সংস্থাৰদ্বাৰা শ্ৰেষ্ঠ কবি বঁটা (২০০৫); সুৰাটৰ ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰদ্বাৰা শ্ৰেষ্ঠ সুৰাট কবি বঁটা (২০০৯) লাভ কৰিছে।[2] ২০১৮ চনত তেওঁ তেওঁৰ গ্ৰন্থ জন্মাৰোৰ বাবে যুৱ পুৰস্কাৰ লাভ কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "દીકરીનાં તેરમા વર્ષે...! - એષા દાદાવાલા" (gu ভাষাত). লয়স্তৰো. 2008-07-05. http://layastaro.com/?p=1235। আহৰণ কৰা হৈছে: 2016-04-13.
- 1 2 3 4 5 "એષા દાદાવાળા" (gu ভাষাত). મોરપીંછ. 2016-04-11. http://heenaparekh.com/2016/04/11/esha-dadawala/। আহৰণ কৰা হৈছে: 2016-04-13.
- ↑ Dalal, Suresh (October 2012). Mari Karkirdino Surya (Articles by people from different walks of life about their career). প্ৰকাশক Mumbai: Image Publication. পৃষ্ঠা. 60. ISBN 978-81-7997-391-2.
- ↑ Dadawala, Esha (2011). Kyab Gai E Chhokri (novel). প্ৰকাশক Ahmedabad: Navbharat Sahitya Mandir. পৃষ্ঠা. 5. ISBN 978-81-8440-582-8.
- ↑ "Sahitya Akademi announces winners for Bal Sahitya, Yuva Puraskar for 2018". Business Standard India. Press Trust of India. 2018-06-22. https://www.business-standard.com/article/pti-stories/sahitya-akademi-announces-winners-for-bal-sahitya-yuva-puraskar-for-2018-118062200794_1.html.