এষা দে
| এষা দে | |
|---|---|
| জন্ম | এষা ৱাডনেকাৰ ২৫ মে’[1][2] |
| শিক্ষানুষ্ঠান | লণ্ডন স্কুল অফ ড্ৰেমেটিক আৰ্ট (পেছাদাৰী অভিনয়ত ডিপ্লোমা ভাৰতী বিদ্যাপীঠ পুণে (কথকত স্নানতোত্তৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১১-বৰ্তমান |
| জনা যায় | মহাৰাষ্ট্ৰচী হাস্যযত্ৰ |
এষা ৱাডনেকাৰ (ইংৰাজী: Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১১ চনত দেই নাট্যশিল্পী হিচাপে পেছাদাৰী কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ পিছত ছবি, ৱেব-ধাৰাবাহিক, টেলিভিছনকে ধৰি বিভিন্ন মাধ্যমলৈ তেওঁৰ কৰ্ম বিস্তাৰিত হয়। ভাৰতী বিদ্যাপীঠ পুনেৰ পৰা কথক নৃত্যত এম.এ আৰু লণ্ডন স্কুল অৱ ড্ৰামেটিক আৰ্টৰ পৰা অভিনয়ত এম.এ. লণ্ডনত পাঠ্যক্ৰম শেষ কৰি ভাৰতলৈ উভতি অহাৰ পিছত ক’ভিড-১৯ লকডাউন আৰম্ভ হয়। এই সময়ছোৱাত অভিনেতা সমীৰ খাণ্ডেকাৰে তেওঁক ইউটিউব চেনেল ‘আছোৱা’ৰ বাবে এটা ভিডিঅ’ তৈয়াৰ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু তেওঁ সন্মত হয়। ভিডিঅ'টোৱে ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰাৰ ফলত তেওঁক বিশাখা সুভেদাৰৰ সলনি মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে বাচনি কৰে।[3][4] "ভাদিপা"ৰ অধীনত তেওঁ বহুতো প্ৰকল্পত অংশগ্ৰহণ কৰিছে আৰু "ভাদিপা" কোম্পানীৰ দ্বাৰা তেওঁক প্ৰতিনিধিত্ব কৰা হয়।[5] ২০২৪ চনত এষাই ডালমিয়া চিমেণ্টৰ বিজ্ঞাপনৰ বাবে ৰণবীৰ সিঙৰ সৈতে পৰ্দা ভাগবতৰা কৰে।[6]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ अडसूळ, नीलेश (2023-05-25). "Samir Choughule: 'किडे' असणारी 'डे'.. हास्यजत्रेतील 'या' अभिनेत्रीसाठी समीर चौगुलेची खास पोस्ट" (mr ভাষাত). Sakal. https://www.esakal.com/manoranjan/samir-choughule-shared-post-for-maharashtrachi-hasya-jatra-fame-actress-esha-dey-birthday-nsa95। আহৰণ কৰা হৈছে: 2024-06-21.
- ↑ "'आडनावावरून ही बंगाली वाटते पण..'; 'हास्यजत्रे'तील अभिनेत्रीसाठी समीर चौघुलेची खास पोस्ट" (mr ভাষাত). Lokmat. 2023-05-25. https://www.lokmat.com/filmy/television/maharashtrachi-hasyajatra-fame-samir-choughule-birthday-wish-to-actress-esha-dey-a-a734/। আহৰণ কৰা হৈছে: 2024-06-21.
- ↑ "लंडनमधून अभिनय प्रशिक्षण ते महाराष्ट्राची हास्यजत्रा; अभिनेत्रीची अशी झालेली शोमध्ये एन्ट्री" (mr ভাষাত). Maharashtra Times. https://marathi.indiatimes.com/entertainment/entertainment-news/television-news/maharashtrachi-hasyajatra-fame-esha-dey-talks-on-how-she-became-part-of-this-show-and-how-people-are-enjoying-her-content/articleshow/104282442.cms। আহৰণ কৰা হৈছে: 2024-06-21.
- ↑ "विशाखा सुभेदारच्या जागी 'हास्यजत्रेत' आलेल्या 'या' अभिनेत्रीसाठी Samir Choughule ची खास पोस्ट" (mr ভাষাত). Zee 24 Taas. 2023-05-25. https://zeenews.india.com/marathi/entertainment/maharashtrachi-hasyajatra-samir-choughule-shares-post-for-esha-dey/715698। আহৰণ কৰা হৈছে: 2024-06-21.
- ↑ "'महाराष्ट्राची हास्यजत्रा' शोमधील अभिनेत्री झळकणार 'आश्रम ३' वेब सीरिजमध्ये; पोस्टमुळे चर्चेला उधाण" (mr ভাষাত). Loksatta. 2022-05-27. https://www.loksatta.com/photos/entertainment-gallery/2946016/maharashtrachi-hasyajatra-fame-marathi-actrees-esha-dey-to-be-played-role-in-ashram-3-web-series-photos-kak-96/। আহৰণ কৰা হৈছে: 2024-06-21.
- ↑ जाधव, अपूर्वा (2024-03-23). "महाराष्ट्राची हास्यजत्रा फेम अभिनेत्रीची जाहिरातीत लागली रणवीर सिंहसोबत वर्णी" (mr ভাষাত). ABP Majha. https://marathi.abplive.com/entertainment/esha-dey-maharashtrachi-hasyajatra-fame-actress-shared-a-screen-with-ranveer-singh-for-tv-advertisement-entertainment-bollywood-latest-update-marathi-news-1267224। আহৰণ কৰা হৈছে: 2024-06-21.