এষ্টাৰ ইউ
| এষ্টাৰ ইউ | |
|---|---|
ইউ, ২০২৫ চনত | |
| স্থানীয় নাম | 虞书欣 |
| জন্ম | Yu Shuxin ১৮ ডিচেম্বৰ, ১৯৯৫ (৩০ বছৰ) ছাংহাই, চীন |
| শিক্ষানুষ্ঠান | Lasalle College of the Arts |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৬–বৰ্তমান |
| অভিকৰ্তা | Huace Film & TV |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| বাদ্যযন্ত্ৰ | কণ্ঠসংগীত |
| সক্ৰিয়তাৰ বছৰ | ২০২০–বৰ্তমান |
| লেবেল |
|
| পূৰ্বে |
|
ইউ শ্বুক্সিন (চীনা: 虞书欣; পিনয়িন: ইউ শ্বুক্সিন; জন্ম ১৮ ডিচেম্বৰ, ১৯৯৫), তেওঁৰ মঞ্চনাম এষ্টাৰ ইউ নামে অধিক পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ আইকিউআইৱাই-ৰ ছাৰ্ভাইভেল শ্ব' ‘ইউথ উইথ ইউ ২’-ৰ জৰিয়তে গঠিত প্ৰজেক্ট গাৰ্ল গ্ৰুপ ‘দ্য নাইনৰ’ (The9)-ৰ প্ৰাক্তন সদস্য। তেওঁ হিট টেলিভিছন ধাৰাবাহিক ‘ফাইণ্ড ইউৰচেল্ফ’ (২০২০), ‘মুনলাইট’ (২০২১), ‘লাভ বিটুইন ফেয়াৰী এণ্ড ডেভিল’ (২০২২), ‘মাই জাৰ্নি টু ইউ’ (২০২৩), ‘লাভ গেম ইন ইষ্টাৰ্ন ফেণ্টাচি’ (২০২৪), আৰু ‘স্পীড এণ্ড লাভ’ (২০২৫)-ত অভিনয় কৰি স্বীকৃতি লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ইউৰ জন্ম চীনৰ ছাংহাইত হৈছিল আৰু তেওঁ পৰিয়ালৰ একমাত্ৰ সন্তান। তেওঁৰ দেউতাক-আইতাকৰ পৰিয়াল ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিষ্ঠিত; তেওঁৰ ককাদেউতাই শিনইউ আয়ৰণ এণ্ড ষ্টীল গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ পিতৃ-মাতৃয়ে একাধিক স্থাৱৰ সম্পত্তি, নিৰ্মাণ আৰু ইস্পাত কোম্পানী চলাই আহিছে।[1][2][3] ইউ নিজেও একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ শ্বেয়াৰহোল্ডাৰ আৰু মালিক।[4]
উচ্চ মাধ্যমিকোত্তৰ শিক্ষাৰ বাবে তেওঁ ছিংগাপুৰৰ লাছাল কলেজ অৱ দ্য আৰ্টছত অধ্যয়ন কৰে আৰু ফেশ্বন মিডিয়া এণ্ড ইণ্ডাষ্ট্ৰিজ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5]
ইউ ২০১৬ চনৰ ১১ নৱেম্বৰত ছিংগাপুৰৰ ফুলাৰ্টন হোটেলত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ চেৰিটি আৰ্ট প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে স্বীকৃতি লাভ কৰে। এই অনুষ্ঠানত ছিংগাপুৰ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি ড° টনি টান কেং ইয়ামে উপস্থিত আছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 新浪娱乐 (2022-01-11). "虞书欣父亲及公司被冻结580万财产|上海市|法院|虞书欣_新浪娱乐_新浪网". ent.sina.com.cn. https://ent.sina.com.cn/s/m/2022-01-11/doc-ikyakumx9632431.shtml। আহৰণ কৰা হৈছে: 2024-11-24.
- ↑ "Rich China rising star Esther Yu famous for playful fashion choices forges independent path". www.scmp.com. 2024-11-03. https://www.scmp.com/news/people-culture/china-personalities/article/3284613/rich-china-rising-star-esther-yu-famous-playful-fashion-choices-forges-independent-path। আহৰণ কৰা হৈছে: 2024-11-29.
- ↑ "深挖虞书欣家庭背景:爷爷早年前是主席,父母经商发家有地位!_节目". www.sohu.com. https://www.sohu.com/a/384606919_100040305। আহৰণ কৰা হৈছে: 2024-11-24.
- ↑ ""Giant and charming girl" Yu Shuxin, who owns 5 companies and inherits hundreds of millions of fortunes, has his fatherhood become a mystery?" (en ভাষাত). lujuba.cc. 2020-04-19. Archived from the original on 2023-09-04. https://web.archive.org/web/20230904111513/https://lujuba.cc/en/229508.html। আহৰণ কৰা হৈছে: 2026-02-19.
- ↑ ""小作精"虞书欣居然是名校毕业,时尚大秀常客!名副其实的名媛 - 娱乐资讯(存满娱乐网)". www.cunman.com. Archived from the original on 2022-02-12. https://web.archive.org/web/20220212022843/http://www.cunman.com/new/e8f8484ed42c4194a5dee067a5a3d33e। আহৰণ কৰা হৈছে: 2026-02-19.
- ↑ "President’s Charity Art Exhibition 2016 - “ President Dr. Tony Tan and Ms Ma Yu Shu Xin ”" (en ভাষাত). www.limsewyong.com/exhibitions/president2016. 2016-11-11. https://www.limsewyong.com/exhibitions/president2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এষ্টাৰ ইউ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ইনষ্টাগ্ৰামত এষ্টাৰ ইউ

- এষ্টাৰ ইউ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
