সমললৈ যাওক

এষ্টাৰ ইবাংগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এষ্টাৰ ইবাংগা (ইংৰাজী: Esther Ibanga; জন্ম: ৩১ মাৰ্চ ১৯৬১[1]) এগৰাকী নাইজেৰিয়ান পেষ্টৰ আৰু "Women Without Walls Initiative" ৰ প্ৰতিষ্ঠাপক। নাইজেৰিয়াৰ জোছত বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ মাজত শান্তি প্ৰচাৰৰ বাবে তেওঁ ৩২ সংখ্যক নিৱানো শান্তি বঁটা লাভ কৰে৷ [2]

১৯৬১ চনৰ ৩১ মাৰ্চত আবুমাদগা আউটা আৰু মৰিয়ামু আবিমিকুৰ ঘৰত ইবাংগাই জন্মগ্ৰহণ কৰিছিল৷ তেওঁ দহটা সন্তানৰ ভিতৰত সপ্তম আৰু আঠগৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল। তেওঁৰ দেউতাক আছিল এজন পুলিচ যিয়ে নিজৰ সাহস আৰু সততাৰ বাবে বঁটা লাভ কৰিছিল। তেওঁ দেউতাকৰ বিষয়ে কৈছে, “মোৰ দেউতা এজন প্ৰাৰ্থনা কৰা মানুহ আৰু এজন ভাববাদী আছিল। আমি জন্ম লৈ ডাঙৰ-দীঘল হৈছিলোঁ প্ৰাৰ্থনাৰ পৰিৱেশত। তেওঁ মোৰ নাম ৰাখিলে বাবান মেচে যাৰ অৰ্থ মহান নাৰী।” তেওঁৰ মাতৃ মাৰিয়ামু আবিমিকু; গীৰ্জাৰ ফেল'শ্বিপ (জুমন্তান মাটা)ৰ সৈতে জড়িত আৰু তেওঁ আৰম্ভ কৰা মিছন ভ্ৰমণৰ বাবে “মামা মিছন” নামেৰে জনাজাত এগৰাকী গৃহিণী আছিল। ২৫ বছৰীয়া স্বামী ইকোডেম ইবাংগাৰ সৈতে বিবাহিত৷ তেওঁৰ দুগৰাকী কন্যা উয়াই আৰু ইফিঅ’ক।

ইবাংগাই ১৯৬৮ চনৰ পৰা ১৯৭৩ চনলৈকে জোছ নৰ্থ স্থানীয় চৰকাৰী এলেকাৰ জোছ নৰ্থ স্থানীয় চৰকাৰী এলেকাৰ ছেইণ্ট পল’ছ প্ৰাইমেৰী স্কুলত কাছুৱান কাজিত শিক্ষা আৰম্ভ কৰে। লুই কলেজ (জছ)ত ১৯৭৮ চনত তেওঁ স্কুল অৱ বেচিক ষ্টাডিজ, জাৰিয়া, কাডুনা ষ্টেটত উন্নত পৰ্যায়ৰ কাৰ্যসূচীত নামভৰ্তি কৰে য'ত তেওঁ অন্তৱৰ্তীকালীন যৌথ মেট্ৰিক ব'ৰ্ড (আইজেএমবি) প্ৰমাণপত্ৰ লাভ কৰে। ব্যৱসায়ৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলত তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈকে জাৰিয়া, কাডুনা ৰাজ্যৰ আহমদু বেলো বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০০১ চনত তেওঁ জছ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে।[3]

পেষ্টৰ ইবাংগাই নেচন প্লেন কনচৰ্টিয়ামত কৰ্ম অভিজ্ঞতা আৰম্ভ কৰিছিল য'ত তেওঁ এগৰাকী যুৱ স্নাতক হিচাপে বাধ্যতামূলক এবছৰীয়া নেচনেল ইউথ চাৰ্ভিচ কৰ্পছ কাৰ্যসূচীত সেৱা আগবঢ়াইছিল। এন ৱাই এছ চিৰ পিছত জোছ ষ্টীল ৰলিং মিলছত চাকৰি পায় য’ত তেওঁ মাৰ্কেটিং অফিচাৰ হিচাপে কাম কৰে। তাৰ পিছত নাইজেৰিয়াৰ চেণ্ট্ৰেল বেংকত কাম কৰিছিল আৰু তাতেই তেওঁ মেনেজাৰ হিচাপে পদোন্নতি লাভ কৰে। ১৯৯৫ চনত ষোল্ল বছৰৰ পিছত তেওঁ এই চাকৰি এৰি থৈ যায় যাতে তেওঁ জোছৰ গীৰ্জাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হ'ব পাৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Leader of Nigerian Women's Peace Movement to Receive 32nd Niwano Peace Prize Archived 2015-09-16 at the Wayback Machine - Rissho Kosei-kai. Retrieved September 2, 2015
  2. Esther Abimiku Ibanga, Founder and president of The Women Without Walls Initiative to receive the Niwano Peace Prize Archived 2016-02-05 at the Wayback Machine - Niwano Peace Foundation, Retrieved 4 February 2016
  3. Our Team, WOWWI, Retrieved 4 February 2016
  4. Esther Ibanga: Garlands for a caregiver, Soni Daniel, 3 July 2015, vanguardngr.com, Retrieved 4 February 2016