সমললৈ যাওক

এষ্টেৰ'প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলবাৰ্ট হাৰ্টাৰৰ চিত্ৰ গাৰ্ডেন অৱ দ্য হেস্পেৰিডছ

এষ্টেৰ'প (/æˈstεrəpiː/ প্ৰাচীন গ্ৰীক: Ἀστεροπή বা Στεροπή, "বিজুলী", ইংৰাজী: Asterope) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী হেস্পেৰিড[1]

পৰিয়াল

[সম্পাদনা কৰক]

এষ্টেৰ’প আৰু তেওঁৰ ভগ্নীসকলৰ পিতৃ-মাতৃৰ নাম ভিন্ন সংস্কৰণত ভিন্ন ভাবে পোৱা যায়৷ কেতিয়াবা তেওঁলোকক নাইক্স (Nyx) আৰু ইৰেবাছৰ (Erebus) কন্যা বুলি কোৱা হয় আৰু কেতিয়াবা এটলাছৰ কন্যা বুলি কোৱা হয়, আনকি কিছুমান ক্ষেত্ৰত জ্যুচৰ কন্যা বুলিও কোৱা হয়। এওঁলোকৰ আন সম্ভাৱ্য পিতৃ-মাতৃ হৈছে ফৰ্চিছ আৰু চেটো, আৰু হেস্পেৰাছ। তেওঁৰ ভগ্নীসকল আছিল ক্ৰীছ'থেমিছ, হাইজিয়া আৰু লিপাৰা।[2]

এষ্টেৰ'প নামৰ আক্ষৰিক অৰ্থ হৈছে "যাৰ মুখমণ্ডল তৰাৰ দৰে",[3] ἄστηρ (ástēr, "তৰা")[4] আৰু ὄψ (ops, "মুখ")[5] শব্দ দুটাৰ সমাসাৰ, কিন্তু এই শব্দটোৰ প্ৰচলিত অৰ্থ হৈছে "বিজুলী"।[1] তেওঁৰ বাবে কেতিয়াবা হেস্পেৰিয়া নামটোও ব্যৱহাৰ কৰা হয়, যিটো সম্ভৱতঃ তাইৰ এজন কল্পিত পিতৃ-মাতৃৰ সৈতে জড়িত।

এষ্টেৰ’প নামেৰে নিম্ফেলিডিয়া (Nymphalidae) পৰিয়ালৰ এবিধ পখিলাৰ প্ৰজাতিৰো নামকৰণ কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 ἀστεροπή. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project
  2. Walters, Henry Beauchamp (1905). History of Ancient Pottery: Greek, Etruscan, and Roman: Based on the Work of Samuel Birch. 2. পৃষ্ঠা. 92. 
  3. "Asterope Hesperia". theoi. http://www.theoi.com/Nymphe/NympheAsterope.html। আহৰণ কৰা হৈছে: 2016-09-13. 
  4. ἄστηρ. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project
  5. ὄψ . Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project