এহতেশাম
| এহতেশাম | |
|---|---|
| জন্ম | আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান ১৯২৭-১০-১২ বংশাল, ঢাকা, ব্ৰিটিশ ভাৰত (বৰ্তমান বাংলাদেশ) |
| মৃত্যু | ২০০২-০২-১৭ ঢাকা, বাংলাদেশ |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশ/পাকিস্তান |
| পেচা | চলচ্চিত্ৰ পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৯-১৯৮৪ |
| উল্লেখযোগ্য কৰ্ম | এ দেশ তোমাৰ আমাৰ (১৯৫৯) চকোৰী (১৯৬৭) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | মুস্তাফিজ (ভাই) নাদিম বেগ (জামাতা) |
আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁক এহতেশাম হাইদৰ চৌধুৰীনামেৰে পৰিচিত, এজন বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকা ত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়। এহতেশাম বাংলাদেশৰ এগৰাকী অন্যতম আগশাৰীৰ পৰিচালক। [1]১৯৫৯ চনত বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন সংস্থা প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ চলচ্চিত্ৰ পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু "এ দেশ তোমাৰ আমাৰ " ছবিখন নিৰ্মাণ কৰে। পিছলৈ তেওঁ ৰাজধানীৰ বুকে (১৯৬০), চাকোৰি (১৯৬৭), চন্দা (১৯৬২), নতুন সুৰ (১৯৬২), সাগৰ (১৯৬৫) ইত্যাদি ছবি নিৰ্মাণ কৰে।২০০২ চনত তেওঁৰ মৃত্যু হয়।
জন্ম আৰু প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯২৭ চনৰ ১২ অক্টোবৰত ঢাকা ত জন্মগ্ৰহণ কৰা এহতেশামৰ পিতৃ মহম্মদ ইউছুফ ইছলমিয়া কলেজ ৰ অধ্যাপক আছিল আৰু মাতৃ মোছাম্মত কানিজ ফাতেমা এগৰাকী গৃহিনী। তেখতৰ ককাক আছিল হাকিম হবিবুৰ ৰহমান। আৰু সৰু ভায়েক চলচ্চিত্ৰ পৰিচা ও প্ৰযোজক মুস্তাফিজ আৰু শাবানা তেখেতৰ ভাতিজি। এহতেশামে ছেণ্ট গ্ৰেগৰী স্কুলত আৰু পিছলৈ আৰ্মানিটোলা স্কুলত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ভাৰতত ছিনিয়ৰ কেম্ব্ৰিজ পাছ কৰে। প্ৰথম চাকৰিত তেওঁ জিআইপি ৰে'লৱেত ট্ৰেফিক কণ্ট্ৰ’লাৰ হিচাপে যোগদান কৰে। পিছত ৰজা আয়োগৰ পৰা অনুমোদন লাভ কৰি তেওঁ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত কেপ্তেইন হিচাপে যোগদান কৰে। ।[2]
কৰ্ম জীৱন
[সম্পাদনা কৰক]১৯৫০ চনত প্ৰথমবাৰৰ বাবে এহতেশাম চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৬ চনত তেওঁ প্ৰথমখন ছবি এ দেশ তোমাৰ আমাৰ আৰম্ভ কৰে, তাত সহযোগী পৰিচালক হিচাপে আছিল জাহিৰ ৰায়হান আৰু কালাম আহমেদ এইখন ছবিত প্ৰথম অভিনয় কৰে সুভাষ দত্ত [1] আৰু শবনম। [3] তেওঁ উৰ্দু ভাষাত ব্যৱসায়িকভাৱে সফল ছবি নিৰ্মাণ কৰিছিল আৰু স্বাধীনতাৰ পিছত বাংলা ভাষাত ছবি নিৰ্মাণ কৰিছিল। তেওঁ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক আৱিষ্কাৰ কৰিছিল।আন এগৰাকী অভিনেতা তেওঁ আৱিষ্কাৰ কৰিছিল নাদিম বেগক, তেওঁ পিছলৈ এহতেশামৰ কন্যাক বিয়া কৰাইছিল।[1] ১৯৬৭ চনত নাদিমৰ আত্মপ্ৰকাশ ( শাবানাৰ প্ৰথম উৰ্দু ছবি) চাকোৰীত এহতেশাম নাদিম আৰু অভিনেত্ৰী শবনক পৰিচালনা কৰে।[4][5] তেওঁ উৰ্দু ভাষাত আৰু তাৰ পিছত বাংলাদেশৰ স্বাধীনতাৰ পিছত বাংলা ভাষাত সফল ছবি নিৰ্মাণ কৰে। .[6] ইয়াৰ উপৰি তেওঁ আন দুগৰাকী সফল অভিনেত্ৰীক আত্মপ্ৰকাশ কৰাই চান্দনী ৰাতে (১৯৯৩)ছবিত –ছাবানুৰ আৰু মৌমাচী (১৯৯৬) ছবিত মুনমুন।
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]- এ দেশ তোমাৰ আমাৰ (১৯৫৯)[7]
- ৰাজধানীৰ বুকে (১৯৬১)[8]
- চন্দা (১৯৬২, উৰ্দু)[8]
- নতুন সুৰ (১৯৬৩)[9]
- সাগৰ (১৯৬৫, উৰ্দু )[10]
- চকোৰী (১৯৬৭, উৰ্দু Urdu)[11]
- চান্দ ঔৰ চান্দিনী (১৯৬৮, উৰ্দু)[12]
- দাঘD (১৯৬৯, উৰ্দু)[13]
- পীচ দালা পথ (১৯৭০)[14]
- মিট্টি কে পুটলে (১৯৭৪)
- শক্তি (১৯৮৪)
- চান্দনী (১৯৯১)
- চান্দনী ৰাটে (১৯৯৩)
- মৌমাচি (১৯৯৬)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- এহতেশাম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Film director Ehtesham dies at 75". Dawn. 19 February 2002. http://www.dawn.com/news/22888/film-director-ehtesham-dies-at-75.
- ↑
- ↑ "Subhash Dutta Passes Away", The New Nation (Dhaka), 17 November 2012.
- ↑ "Missing Ehtesham", The Independent (Dhaka), 19 February 2002 .
- ↑ "Film, TV actor Nadeem turns 72" Archived 2015-09-24 at the Wayback Machine, GeoTV, 19 July 2013.
- ↑ "Shabnam to Get Lifetime Achievement Award", The New Nation (Dhaka), 2 February 2015.
- ↑ Gazdar 1997, পৃষ্ঠা 248
- ↑ 8.0 8.1 Gazdar 1997, পৃষ্ঠা 250
- ↑ Gazdar 1997, পৃষ্ঠা 251
- ↑ Gazdar 1997, পৃষ্ঠা 254
- ↑ Gazdar 1997, পৃষ্ঠা 258
- ↑ Gazdar 1997, পৃষ্ঠা 260
- ↑ Gazdar 1997, পৃষ্ঠা 263
- ↑ Gazdar 1997, পৃষ্ঠা 268