এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ
| Hemidactylus aaronbaueri | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Reptile |
| বৰ্গ: | Squamata |
| পৰিয়াল: | Gekkonidae |
| গণ: | Hemidactylus |
| প্ৰজাতি: | H. aaronbaueri |
| দ্বৈৰাশিক নামকৰণ | |
| Hemidactylus aaronbaueri Giri, 2008 | |
এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ (ইংৰাজী: Aaron Bauer's house gecko; বৈজ্ঞানিক নামঃ Hemidactylus aaronbaueri) হ'ল গেকোনিডাই (Gekkonidae) পৰিয়ালৰ এক প্ৰজাতিৰ জেঠী। ভাৰতৰ মহাৰাষ্ট্ৰৰ পশ্চিম ঘাটৰ ই এক স্থানীয় প্ৰজাতি।[2]
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]aaronbaueri এই নিৰ্দিষ্ট নামটো আমেৰিকাৰ সৰ্প বিশেষজ্ঞ এৰন মেথিউ বাউয়াৰৰ সন্মানত থোৱা হৈছে।[3][4]
বিৱৰণ
[সম্পাদনা কৰক]ইয়াৰ প্ৰজাতিৰ ভিতৰত ডাঙৰ Hemidactylus aaronbaueri থুঁতৰিৰপৰা পায়ুলৈ দৈৰ্ঘ্য (SVL) ১৩ চে.মি.(৫.১ ইঞ্চি)।[2] ইয়াৰ শৰীৰৰ পিছফালৰ হাড়ৰ ওপৰত ১৮–২০ শাৰী অনিয়মিতভাৱে সজ্জিত, বৃদ্ধি পোৱা, ঘূৰণীয়া আৰু পাতল সৰু গুটি গুটি থাকে।[5]
বাসস্থান
[সম্পাদনা কৰক]এইচ.এৰনবাউৰীৰ পছন্দৰ প্ৰাকৃতিক বাসস্থান হৈছে অৰণ্যত ২৫০–১,০০০ মিটাৰ (৮২০–৩,২৮০ ফুট) উচ্চতাত থকা শিলৰ খাঁজ।[1] ই সম্পূৰ্ণৰূপে নিশাচৰ আৰু গধূলিৰ সময়ত আত্মপ্ৰকাশ কৰা এক "ফাট-নিবাসী" ("crevice-dweller")।[6]
প্ৰজনন
[সম্পাদনা কৰক]এইচ.এৰনবাউৰী ডিম্বজ।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Srinivasulu, C.; Srinivasulu, B. (2013). Hemidactylus aaronbaueri. 2013. doi:10.2305/IUCN.UK.2013-1.RLTS.T194103A2299026.en.
- 1 2 3 Hemidactylus aaronbaueri-ৰ বিষয়ে তথ্য Reptarium.cz সৰীসৃপ ডাটাবেছত
- ↑ Beolens, Bo; Watkins, Michael; Grayson, Michael (2011-09-15). The Eponym Dictionary of Reptiles. প্ৰকাশক Baltimore: JHU Press. পৃষ্ঠা. 19. ISBN 978-1-4214-0135-5.
- ↑ "Aaron Bauer’s Legacy is Forged from Renowned Herpetology Research and Grown by Generations of Students". https://www.villanova.edu/university/media/press-releases/2025/Bauer-legacy.html। আহৰণ কৰা হৈছে: 5 August 2026.
- ↑ "Hemidactylus aaronbaueri GIRI, 2008". https://reptile-database.reptarium.cz/Hemidactylus/aaronbaueri। আহৰণ কৰা হৈছে: 5 August 2026.
- ↑ "Aaron Bauer’s House Gecko". https://kagn.app/s/Hemidactylus-aaronbaueri?pack=explorer। আহৰণ কৰা হৈছে: 5 August 2026.