এৰমেলিণ্ডা
| এৰমেলিণ্ডা কাৰ্ডোজো | |
|---|---|
আলোচনী এখনৰ বাবে প’জ দিয়া অৱস্থাত এৰমেলিণ্ডা, প্ৰায় 1933 | |
| জন্ম | এৰমেলিণ্ডা কাৰ্ডোজো ৭ মে', ১৯০৮ দিবাৰ, গোৱা, পৰ্টুগীজ ভাৰত, পৰ্টুগীজ সাম্ৰাজ্য |
| ৰাষ্ট্ৰীয়তা |
|
| অন্য নাম | সুধাবালা |
| পেচা | অভিনেত্ৰী |
| দাম্পত্যসঙ্গী | ছইব ৰ’ছা |
এৰমেলিণ্ডা কাৰ্ডোজো (ইংৰাজী: Ermelinda Cardozo; ৭ মে' ১৯০৮ – অজ্ঞাত) ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্বাৰ যুগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; যিগৰাকী এৰমেলিন বা মঞ্চনাম সুধাবালা বুলিও পৰিচিত। হিন্দী চলচ্চিত্ৰ জগতৰ কাপুৰ পৰিয়ালৰ পিতৃপুৰুষ পৃথ্বীৰাজ কাপুৰক চলচ্চিত্ৰ অভিনয়লৈ অনাৰ কৃতিত্ব তেওঁক প্ৰায়ে দিয়া হয়। পেচেন্চ কুপাৰ, ৰুবী মায়াৰ্ছ আৰু সীতা দেৱীৰ সৈতে তেওঁক ১৯২০ আৰু ১৯৩০ দশকৰ "অগ্ৰণী তাৰকা" হিচাপে কৃতিত্ব দিয়া হয়, যিয়ে তেওঁলোকৰ পুৰুষ সমকক্ষসকলতকৈ অধিক গণ আকৰ্ষণ লাভ কৰিছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯২২ চনত ষ্টাৰ ফিল্মছৰ বেনাৰত ভীষ্ম পিতামহ ছবিখনৰ জৰিয়তে কাৰ্ডোজোৱে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখনত তেওঁৰ বিপৰীতে অভিনেতা মদনৰায় ৱকিলে অভিনয় কৰিছিল। গোৱা মূলৰ তেওঁ প্ৰথম অভিনেত্ৰী আছিল। তেওঁ প্ৰায় ষাঠিখনছবিত অভিনয় কৰিছিল আৰু তেওঁক মৰমেৰে "ভাৰতৰ মেৰী পিকফৰ্ড" বুলি কোৱা হৈছিল। সুলোচনাৰ সৈতে তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম প্ৰাৰম্ভিক কালৰ যৌন প্ৰতীক হিচাপে পৰিগণিত হয়, কাৰণ তেওঁলোক অত্যধিক কামুকতা প্ৰদৰ্শন কৰিছিল।[2]
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়া প্ৰাৰম্ভিক কালৰ চলচ্চিত্ৰ শিল্পী হিচাপেও কাৰ্ডোজোক কৃতিত্ব দিয়া হয়। ১৯২৭ চনৰ ১৫ ছেপ্টেম্বৰত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা খবৰ, “Film Star's Story; Incidents at Hill Station”ত প্ৰকাশ পাইছিল যে শ্ৰীকৃষ্ণ চিনেমা কোম্পানীৰ পৰিচালক আৰু চেয়াৰমেনৰ বিৰুদ্ধে অশ্লীল আক্ৰমণৰ অভিযোগ উত্থাপন কৰি তেওঁ আদালতলৈ গৈছিল। মাথেৰাণত বুৰ্খাৱালী ছবিৰ শ্বুটিঙৰ সময়ত কেমেৰামেন চতুৰ্ভাই পেটেল আৰু চলচ্চিত্ৰ পৰিচালক কাঞ্জিভাই ৰাথোড়ে তেওঁৰ হোটেলৰ কোঠাত প্ৰৱেশ কৰি অপমান কৰা বুলি অভিযোগ কৰিছিল। গোচৰটোৰ বিচাৰ কৰা প্ৰথমজন দণ্ডাধীশে “এই অভিযোগবোৰ মিছা বুলি প্ৰমাণ পাই তেওঁক ১০০ টকা দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু দ্বিতীয়জন ন্যায়াধীশে এই ৰায় লুটিয়াই দিয়ে; কাৰণ কাৰ্ডোজোক এগৰাকী অশিক্ষিত আৰু নৈতিকভাবে শিঠিল আৰু বেয়া সংগ থকা মহিলা বুলি ভাবি প্ৰথম দণ্ডাধীশে তেক্ষপাতিত্ব কৰা বুলি তেওঁ বিবেচনা কৰে।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কাৰ্ডোজোৱে সেই সময়ৰ এজন আগশাৰীৰ টায়েট্ৰিষ্ট (থিয়েটাৰ অভিনেতা) ছাইব ৰ’চাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ অভিনয় কৰা আটাইতকৈ জনপ্ৰিয় থিয়েটাৰ প্ৰডাকচন আছিল ১৯৩২ চনৰ ১৭ অক্টোবৰত মঞ্চস্থ কৰা লুচিটেনিয়ান ড্ৰামেটিক কোম্পানীৰ “আলমা ভেটাট ছ'ৰগাৰ”।[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Jubilee Is a Beautifully Mounted Show About the 1930s but the Women Pioneers Have Been Erased" (en ভাষাত). thewire.in. https://thewire.in/culture/jubilee-series-review। আহৰণ কৰা হৈছে: 2024-07-26.
- ↑ "Silent knights and item songs". The Times of India. 2013-04-28. ISSN 0971-8257. https://timesofindia.indiatimes.com/news/silent-knights-and-item-songs/articleshow/19757737.cms.
- ↑ "Ermeline". Cinemaazi. Archived from the original on 26 July 2024. https://web.archive.org/web/20240726173117/https://www.cinemaazi.com/public/people/ermeline। আহৰণ কৰা হৈছে: 26 July 2024.
- ↑ "A star who held her own in the reel world". The Times of India. 2016-11-20. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/goa/a-star-who-held-her-own-in-the-reel-world/articleshow/55518673.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- এৰমেলিণ্ডা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।