এৰিকা এবেলাচ ডি এলবাৰ্ট
| এৰিকা এবেলাচ ডি এলবাৰ্ট | |
|---|---|
১৯২০ ত এৰিকা এবেলাচ | |
| নাম | এৰিকা এবেলাচ ডি এলবাৰ্ট |
| জন্ম | ৮ নৱবেম্বৰ ১৮৯৬ বাৰ্লিন, জাৰ্মানী |
| মৃত্যু | ১৯৭৫ পেৰিচ, ফ্ৰান্স |
| দেশ | অষ্ট্ৰিয়ান |
এৰিকা এবেলছ ডি আলবাৰ্ট, যি এৰিকা এবেলছ নামেৰেও পৰিচিত, (১৮৯৬–১৯৭৫) এগৰাকী অষ্ট্ৰিয়ান চিত্ৰশিল্পী আৰু গ্ৰাফিক শিল্পী আছিল।
জীৱন আৰু কৰ্ম
[সম্পাদনা কৰক]এৰিকা এবেলছ ডি এলবাৰ্ট আছিল ভিয়েনাৰ এজন শিল্প সংগ্ৰাহক আৰু লেখক ড° লুডৱিগ এবেলছৰ একমাত্ৰ সন্তান, ড° লুডৱিগ এবেলছে এখন ব্যংগ আলোচনী সম্পাদনা কৰিছিল। তেওঁৰ মাতৃ আন্না এমিলি মিউছ আছিল বাৰ্লিন অঞ্চলৰ। এবেলছ ডি এলবাৰ্টে ভিয়েনাত সূক্ষ্ম কলাৰ ব্যক্তিগত শিক্ষা লাভ কৰে। ১৯১১/১২ চনত ইৰমা ডুচিনস্কাৰ ওচৰত আৰু ১৯১২/১৩ চনত ফেলিক্স আলব্ৰেক্ট হাৰ্টাৰ ওচৰত অধ্যয়ন কৰে। তেওঁ কম বয়সৰ পৰাই এগৰাকী পেছাদাৰী শিল্পী হোৱাৰ সিদ্ধান্ত লয় আৰু ১৬ বছৰ বয়সত তেওঁ এটা গ্ৰুপ শ্ব'ত অংশগ্ৰহণ কৰে।[1] তাৰ পিছৰ বছৰবোৰত তেওঁ বিভিন্ন গেলেৰী, ইম্পেৰিয়েল এণ্ড ৰয়েল মিউজিয়াম অৱ আৰ্ট এণ্ড ইণ্ডাষ্ট্ৰী, ফক্সগাৰ্টেনৰ টেম্পল অৱ থিচিয়াছ আৰু ভিয়েনা কুনষ্টলাৰহাউছত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। ১৯৩০ চনত তেওঁ অষ্ট্ৰিয়ান এছ'চিয়েচন অৱ উইমেন আৰ্টিষ্টৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।
১৯৩৩ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত তেওঁ পেৰিছলৈ গুচি যায়। ১৯৩৫ চনত গেলেৰী গ্ৰেগ’ৰ শ্বুষ্টাৰমেনত আৰু ১৯৩৮ চনত চেলন ডি অটমনত তেওঁৰ কৰ্মৰাজিৰ প্ৰদৰ্শন দেখুৱাইছিল। ইয়াৰ পিছত তেওঁৰ কলাত্মক কাৰ্যকলাপৰ বিষয়ে জনা নাযায়।
১৯৭৫ চনত পেৰিছত এৰিকা এবেলছ ডি এলবাৰ্টৰ মৃত্যু হয়।
তেওঁ প’ৰ্ট্ৰেইট, ষ্টিল লাইফ আৰু নগ্ন ছবি আঁকিছিল। তেওঁৰ মাত্ৰ তিনিখন শিল্পকৰ্মহে বিদ্যমান বুলি জনা যায়। ভিয়েনা সংগ্ৰহালয়ৰ অধীনত ১৯১৯ চনৰ তেওঁৰ তৈলচিত্ৰ Strassenbahnschaffnerin আৰু আলবাৰ্টিনাত আছে কয়লাৰ অংকন Kopf einer Frau in mittleren Jahren(১৯২৪) আৰু চকমাটিৰ অংকন, Sitzender Rückenakt (১৯২১)।[2]
উৎস
[সম্পাদনা কৰক]- Franz Planer. Das Jahrbuch der Wiener Gesellschaft: Biographische Beiträge zur Wiener Zeitgeschichte. Vienna: Planer, 1929. OCLC 257558256
- Heinrich Fuchs. Die österreichischen Maler der Geburtenjahrgänge 1881–1900. Ergänzungsband zu Die österreichischen Maler des 19. Jahrhunderts. Volume 1: A–L. Vienna: Fuchs, 1976. OCLC 463109834.
- Elke Doppler-Wagner. Blickwechsel und Einblick - Künstlerinnen in Österreich. Aus der Sammlung des Historischen Museums Wien. 256. Sonderausstellung des Historischen Museums der Stadt Wien in der Hermesvilla. 2000. OCLC 44460255
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]External links
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Biblos 45 (1996) p. 156
- ↑ Erika Abels d'Albert at artnet.de.