সমললৈ যাওক

এৰিকা ফাৰ্নাণ্ডেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এৰিকা ফাৰ্নাণ্ডেছ

২০২১ বৰ্ষত ফাৰ্নাণ্ডেছ
জন্ম এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছ
০৭ মে', ১৯৯৩ (৩৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমান
জনা যায় কুছ ৰং প্যাৰ কে এইচে ভী, কচৌটী জিন্দগী কে, কুছ ৰং প্যাৰ কে এইচে ভী: নয়ী কাহানী

এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছ (ইংৰাজী: Erica Jennifer Fernandes; জন্ম: ৭ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে বিশেষকৈ টেলিভিছনৰ কামৰ বাবে পৰিচিত। তেওঁ তামিল, হিন্দী, তেলুগু আৰু কন্নড় ছবিত অভিনয় কৰিছে। ফাৰ্নাণ্ডেছে তামিল ছবি আইন্ধু আইন্ধু আইন্ধুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ টেলিভিছনত পোনপ্ৰথমবাৰৰ বাবে কুছ ৰং প্যাৰ কে এইচে ভী ধাৰাবাহিকত ড° সোনাক্ষী বসুৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ উপৰি তেওঁ কন্নড় ছবি নিনিন্দলে আৰু গালিিপাটমকে ধৰি বহুকেইখন তামিল ছবিত অভিনয় কৰিছে। ফাৰ্নাণ্ডেছক কচৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবেও জনা যায়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছৰ জন্ম ১৯৯৩ চনৰ ৭ মে’ত[1] মুম্বাইৰ এটা মাংগালোৰিয়ান কেথলিক কোংকণী পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰালফ ফাৰ্নাণ্ডেছ আৰু মাতৃৰ নাম লেভিনা ফাৰ্নাণ্ডেছ।[2] তেওঁ কুৰ্লাৰ হোলী ক্ৰছ হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা লাভ কৰে আৰু ছনৰ এছ.আই.ই.এছ. কলেজ অৱ আৰ্টছ, চায়েঞ্চ এণ্ড কমাৰ্চৰপৰা প্ৰাক-স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ বান্দ্ৰাৰ চেইণ্ট এণ্ড্ৰিউজ কলেজত স্নাতক ডিগ্ৰীৰ বাবে নাম ভৰ্তি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মডেলিং কেৰিয়াৰ গঢ়িবলৈ পঢ়া-শুনা আধাতে এৰি দিছিল।

২০১৭ চনত ফাৰ্নাণ্ডেছে দ্য টাইমছ অৱ ইণ্ডিয়াৰ ভাৰতীয় টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছিল।[3]

২০১৮ চনৰ দ্য টাইমছ অৱ ইণ্ডিয়াৰ ভাৰতীয় টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত তেওঁ তৃতীয় স্থানত আছিল।[4] একে বছৰতে দ্য টাইমছ অৱ ইণ্ডিয়াই তেওঁক টেলিভিছনৰ ‘শীৰ্ষ ১০ জনপ্ৰিয় অভিনেত্ৰী’ৰ তালিকাত অষ্টম স্থান দিছিল।[5]

২০১৯ চনৰ ইষ্টাৰ্ণ আইৰ ৫০ গৰাকী যৌন আবেদনময়ী এছিয়ান মহিলাৰ তালিকাত ফাৰ্নাণ্ডেছে ত্ৰয়োদশ স্থান আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ ২০১৯ চনৰ টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছিল।[6]

২০২০ চনত দ্য টাইমছৰ টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত ফাৰ্নাণ্ডেছে প্ৰথম স্থান লাভ কৰিছিল।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "5 times Birthday girl Erica Fernandes proved her love for sarees | PINKVILLA". 25 February 2023. https://www.pinkvilla.com আহৰণ কৰা হৈছে: 7 August 2023.
  2. Kavya Christopher (18 October 2013), "Puneeth is very down to earth: Erica Fernandes", The Times of India, https://timesofindia.indiatimes.com, আহৰণ কৰা হৈছে: 6 June 2015
  3. "Meet The Times 20 Most Desirable Women on TV" (en ভাষাত). 20 May 2018. https://timesofindia.indiatimes.com/tv/news/hindi/meet-the-times-20-most-desirable-women-on-tv/articleshow/64234804.cms.
  4. "Meet TV's most desirable actresses" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/hina-khan-tops-the-times-20-most-desirable-women-on-tv-2018/articleshow/69281775.cms আহৰণ কৰা হৈছে: 12 May 2019.
  5. "Top 10 TV Actress". The Times of India. 2 March 2018. https://timesofindia.indiatimes.com/tv/news/hindi/top-10-indian-tv-actresses-who-are-more-famous-than-their-bollywood-counterparts/articleshow/62754988.cms.
  6. "Meet the Times Top 20 Most Desirable Women on TV 2019" (en ভাষাত). https://timesofindia.indiatimes.com/tv/news/hindi/hina-khan-to-shehnaz-gill-meet-the-times-top-20-most-desirable-women-on-tv-2019/photostory/77943901.cms.
  7. "Meet The Times 20 Most Desirable Women on Television 2020" (en ভাষাত). 12 June 2021. https://timesofindia.indiatimes.com/tv/news/hindi/meet-the-times-20-most-desirable-women-on-television-2020/articleshow/83433752.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]