সমললৈ যাওক

এৰিনা ছ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এৰিনা ছ’
মে’ ২০২৩-ত am730 মাইক্ৰফোন ধৰি থকা অৱস্থাত এৰিনা ছ’
মে’ ২০২৩-ত এৰিনা ছ’
স্থানীয় নাম এৰিনা ছ’ (素海霖)
জন্ম ছ' হ'ই-লাম (蘇凱琳)
৯ ফেব্ৰুৱাৰী, ১৯৯৭ (২৮ বছৰ)
হংকং
অন্য নাম টুঙ ছ’ (蘇浵)
পেচা পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান
জনা যায় জাপানত আত্মপ্ৰকাশ কৰা প্ৰথম হংকঙৰ এভি অভিনেত্ৰী
উচ্চতা ৫ ফুট ৪ ইঞ্চি (১.৬৩ মিটাৰ)

এৰিনা ছ’ (জন্ম ৯ ফেব্ৰুৱাৰী ১৯৯৭) এগৰাকী হংকঙৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, যাক ছ' হ'ই-লাম মঞ্চনামেৰে জনা যায়।[1][2] তেওঁ ফেলিনো ষ্টাৰ নামৰ জাপানী সংস্থাৰ অধীনত কৰ্মৰত। তেওঁ জাপানৰ পৰ্ণ উদ্যোগত আত্মপ্ৰকাশ কৰা হংকঙৰ প্ৰথমগৰাকী পৰ্ণ অভিনেত্ৰী৷

জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ৯ ফেব্ৰুৱাৰীত হংকংঙত ছ’ৰ জন্ম হৈছিল। তেওঁ আছিল পৰিয়ালটোৰ একমাত্ৰ সন্তান।[3][4][5] তেওঁৰ ভাষ্য অনুসৰি, তেওঁ ১২ বছৰ বয়সতে কামুক ফটো আৰু পৰ্ণ দেখা আৰম্ভ কৰাৰ পিছতেই যৌনতা প্ৰতি আগ্ৰহী হৈ পৰিছিল।[6] তেওঁ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা সময়ছোৱাত বেডমিণ্টন দলৰ সদস্য আছিল।[7]

মাধ্যমিক বিদ্যালয় সমাপ্ত কৰাৰ পিছত তেওঁ ২০১৬ চনত বিগ অনাৰ এণ্টাৰটেইনমেণ্ট নামৰ সংস্থাৰ অধীনত টুঙ ছ’ মঞ্চনামৰে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[8] [1] তেওঁ উইলফ্ৰেড লাউৰ বু য়িডিং শীৰ্ষক সংগীত ভিডিঅ’ৰ মুখ্য চৰিত্ৰত অৱতীৰ্ণ হৈছিল,[9] আৰু ঙক্ য়্যু টৱম্ নামৰ এখন চলচ্চিত্ৰতো অভিনয় কৰিছিল, যিখন য়ু উইং লাইভ কোম্পানী লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। অৱশ্যে, এই ছবিখন কিয় প্ৰদৰ্শন কৰা নহ’ল সেয়া অজ্ঞাত।[10] তাৰ পিছত তেওঁ সংস্থাটোৰ সৈতে চুক্তি শেষ কৰি স্বতন্ত্ৰভাৱে কাম কৰিবলৈ আৰম্ভ কৰে।[3]

তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় ৭০,০০০ অনুসৰণকাৰী আছিল, যিটো ৰিপ'ৰ্ট হৈ বন্ধ হোৱাৰ পিছত তেওঁ আত্মহত্যাৰ চিন্তাত পৰিছিল।[3] তেওঁৰ পৰৱৰ্তী ইনষ্টাগ্ৰাম একাউণ্টটোত এটা চকু ঢাকি ৰখা ফটো আপলোড কৰা দেখা গৈছিল, যিয়ে Eyes Shot Girl Incident নামৰ ঘটনাটোক সোঁৱৰাইছিল, য’ত হংকং পুলিচৰ দ্বাৰা এক প্ৰতিবাদকাৰী ছোৱালীৰ চকুত গুলী চলোৱা হৈছিল।[11]

২০২১ চনত তেওঁ নিজৰ প্ৰকৃত নাম ব্যৱহাৰ কৰি অভিনয় কৰে,[2] আৰু পেট্ৰিয়ান একাউণ্ট আৰম্ভ কৰি ফটো সংকলন বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।[12] তাৰ পিছৰ বছৰ, তেওঁ নৈশ কথা নামৰ এটা অনুষ্ঠানত প্ৰেম আৰু যৌনতা সম্পৰ্কে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল আৰু চিম চা ছুই প’মেনেডত তেওঁ ব্ৰা-বিহীন অৱস্থাত ঘূৰি ফুৰা এটা ভিডিঅ’ আপলোড কৰিছিল, যিটো জাপানৰ এক চলিত প্ৰৱণতাৰে অনুপ্ৰাণিত আছিল।[13]

তেওঁক টাইৱানৰ এটা সংস্থাই ফেলিনো ষ্টাৰ খিতাপ প্ৰদান কৰিছিল।[6][3] ২০২৩ চনৰ মাৰ্চ মাহত, ছ’ই জাপানৰ এভি (AV) অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে, আৰু তেওঁ হ'ল জাপানৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰা প্ৰথমগৰাকী হংকঙৰ এভি অভিনেত্ৰী।[14][15] তাৰোপৰি তেওঁ হৈছে সেই সংস্থাটোৰ প্ৰথমগৰাকী বিদেশী এভি অভিনেত্ৰী।[16]

তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল Born And Raised In Hong Kong – Newcomer Erena AV debut, যাৰ ২,০০০ প্ৰতিলিপি বিক্ৰী হৈছিল। ২০২৩ চনত HK01,[5][6] BBC[17] আৰু Hong Kong Inmedia[3]-এ তেওঁৰ সাক্ষাৎকাৰ লৈছিল।

তেওঁৰ আত্মপ্ৰকাশৰ সময়ত, কেইবাজনো নেটিজেনে মিচেল ইয়’ক সম্বোধন কৰা চৰকাৰী অভিনন্দন বাৰ্তাৰ অনুকৰণ কৰি কেভিন ইয়ঙৰ নামত ব্যংগাত্মক ফটো আৰু প'ষ্ট তৈয়াৰ কৰিছিল। সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন ব্যুৰোয়ে এইটো নকল বুলি উল্লেখ কৰি পুলিচক জাননী দিয়ে।[18]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২৩ চনৰ তথ্য অনুসৰি, এৰিনা ছ’ দুটা সম্পৰ্কৰ সৈতে জড়িত আছিল। ঘৰুৱা হিংসাৰ বাবে তেওঁ এটা সম্পৰ্ক ত্যাগ কৰিছিল, আৰু ২০২০ৰ দশকত আনজন প্ৰেমিকৰ মৃত্যু হৈছিল।[3][13]

২০২৩ চনত, তেওঁ নিজকে "চেলিবেটেৰিয়ান" বুলি বৰ্ণনা কৰিছিল, অৰ্থাৎ যিজনে বিবাহ বা প্ৰেমত বিশ্বাস নকৰে। তেওঁ ছাই ইং-ৱেনৰ সৰলতা আৰু আদৰ্শক আদৰণি জনাইছে।[3]

২০২৫ চনৰ মে' মাহত এৰিনা ছ’ই তেওঁক অনলাইন মাধ্যমত অপদস্থ কৰা লোকসকলক তেওঁৰ সৈতে সৈতে মুখামুখিকৈ কথা পাতিবলৈ আমন্ত্ৰণ জনাইছিল, কাৰণ তেওঁ তেওঁলোকৰ মনোভাৱ বুজিব খুজিছিল। আৰক্ষীয়ে তেওঁলোকক চাৰিবেৰৰ ভিতৰত কথা পাতিবলৈ কৈছিল।[19][20][21]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "獨家丨素海霖被開價1000萬求上牀:我都搵到啦 想全亞洲人都識佢視楊紫瓊為目標". Headline Daily. 21 March 2023. https://www.stheadline.com/entertainment-live/3211580। আহৰণ কৰা হৈছে: 24 March 2023. 
  2. 2.0 2.1 "《#PTGF出租女友》岑珈其湊仔冇覺好瞓 孖趙善恆競猜cosplay角色" (zh-hk ভাষাত). HK01. 25 March 2021. https://www.hk01.com/電影/603939। আহৰণ কৰা হৈছে: 15 March 2023. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 盧曼盈; 馮曉彤 (29 May 2023). "【專訪】香港首位AV女優素海霖:我是不婚主義者,因為我不相信人性". Hong Kong Inmedia. https://www.inmediahk.net/node/生活/【專訪】香港首位av女優素海霖:我是不婚主義者,因為我不相信人性। আহৰণ কৰা হৈছে: 24 May 2025. 
  4. 許育民 (10 February 2024). "素海霖寫揮春賀年 「祝全港男士龍精虎猛」". HK01. https://www.hk01.com/article/988717। আহৰণ কৰা হৈছে: 24 May 2025. 
  5. 5.0 5.1 許育民 (21 March 2023). "素海霖繪麗奈獨家專訪|香港AV女優反擊負評︰自己人都唔撐先衰". HK01. https://www.hk01.com/article/877720। আহৰণ কৰা হৈছে: 24 May 2025. 
  6. 6.0 6.1 6.2 陳葆琳 (16 March 2023). "素海霖繪麗奈獨家專訪|12歲接觸AV 盼被尊重:付出比你想像中多". HK01. https://www.hk01.com/article/877568। আহৰণ কৰা হৈছে: 24 May 2025. 
  7. 許育民 (25 September 2024). "素海霖稱羽毛球壓抑性慾不實際 「教佢哋戴安全套更重要」". HK01. https://www.hk01.com/article/1060500। আহৰণ কৰা হৈছে: 24 May 2025. 
  8. "Facebook - 大名娛樂 Big Honor Entertainment Limited". Big Honor Entertainment. 6 November 2016. https://www.facebook.com/bighonor/posts/1152151214834002/। আহৰণ কৰা হৈছে: 15 March 2023. 
  9. "劉浩龍 Wilfred Lau -《不一定》Official Music Video". Sun Entertainment MusicYouTube. 7 November 2017. https://www.youtube.com/watch?v=08r7w7-Lkr0। আহৰণ কৰা হৈছে: 3 April 2023. 
  10. "耀榮文化進軍影壇開拍《鱷魚談》". HK Film Blog. 12 April 2017. https://www.hkfilmblog.com/archives/55130। আহৰণ কৰা হৈছে: 16 March 2023. 
  11. 孫小椒 (17 April 2023). "從「香港之光」到「港女」:首個香港AV女優出道,被任意門的身分政治" (zh-hant ভাষাত). Initium Media. https://theinitium.com/opinion/20230417-her-country-av-actress-hk। আহৰণ কৰা হৈছে: 24 May 2025. 
  12. "獨家丨素海霖被開價10萬求上牀:我都搵到啦 想全亞洲人都識佢視楊紫瓊為目標". Sing Tao Daily. 21 March 2023. https://www.stheadline.com/realtime-entertainment/3211580. 
  13. 13.0 13.1 "素海霖繪麗奈成香港首位日本女優、曾上ViuTV自爆遭男友出軌" (zh-hk ভাষাত). HK01. 15 March 2023. https://www.hk01.com/即時娛樂/877378। আহৰণ কৰা হৈছে: 15 March 2023. 
  14. Tam, Caroline. "FEATURE: 1st Hong Kong AV actress in Japan market breaking barriers". Kyodo News. https://english.kyodonews.net/news/2024/01/3d1e674ccf72-feature-1st-hk-av-actress-in-japan-market-breaking-barriers.html. 
  15. "素海霖進軍AV曾拍《#PTGF出租女友》 憑「不知火舞」試鏡贏角色" (zh-hk ভাষাত). HK01. 15 March 2023. https://www.hk01.com/電影/877431। আহৰণ কৰা হৈছে: 15 March 2023. 
  16. "素海霖|繪麗奈香港AV女優出道!預告片有清水健 全廣東話演出". 香港01. 20 March 2023. https://www.hk01.com/開罐/877354। আহৰণ কৰা হৈছে: 1 April 2023. 
  17. "「首位香港AV女優」素海霖的心路歷程" (zh-hk ভাষাত). BBC News. 24 May 2023. https://www.bbc.com/zhongwen/trad/chinese-news-65692594। আহৰণ কৰা হৈছে: 30 May 2023. 
  18. Grundy, Tom (15 March 2023). "Hong Kong gov't contacts police over satirical fake press release congratulating porn star". Hong Kong Free Press. https://hongkongfp.com/2023/03/16/hong-kong-govt-contacts-police-over-satirical-fake-press-release-congratulating-porn-star/. 
  19. "素海霖公開邀9位Hater面談:我想了解佢哋嘅內心". Oriental Daily News. 10 May 2025. https://hk.on.cc/hk/bkn/cnt/entertainment/20250510/bkn-20250510195318213-0510_00862_001.html। আহৰণ কৰা হৈছে: 24 May 2025. 
  20. 鄺鈺瑩 (10 May 2025). "素海霖旺角街頭與haters面談遭警方反對 大批粉絲撐場怨氣極重". HK01. https://www.hk01.com/article/60237250। আহৰণ কৰা হৈছে: 24 May 2025. 
  21. "素海霖邀haters旺角街頭面談 活動疑遭舉報驚動警方被迫轉場 (多圖有片)". am730. 10 May 2025. https://www.am730.com.hk/%E5%A8%9B%E6%A8%82/%E7%B4%A0%E6%B5%B7%E9%9C%96%E9%82%80haters%E6%97%BA%E8%A7%92%E8%A1%97%E9%A0%AD%E9%9D%A2%E8%AB%87-%E6%B4%BB%E5%8B%95%E7%96%91%E9%81%AD%E8%88%89%E5%A0%B1%E9%A9%9A%E5%8B%95%E8%AD%A6%E6%96%B9%E8%A2%AB%E8%BF%AB%E8%BD%89%E5%A0%B4-%E5%A4%9A%E5%9C%96%E6%9C%89%E7%89%87-/559390। আহৰণ কৰা হৈছে: 24 May 2025.