এৰুথুকালি
| এৰুথুকালি | |
|---|---|
এখন সাংস্কৃতিক অনুষ্ঠানত উপস্থাপিত এৰুথুকালি | |
| স্থানীয় নাম | എരുതുകളി (মালয়ালম) |
| শৈলী | আনুষ্ঠানিক লোকশিল্প |
| বাদ্যযন্ত্ৰ | চেণ্ডা, চেম্পিলা |
| উৎপত্তিমূল | উত্তৰ মালাবাৰ, কেৰেলা, ভাৰত |
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
পৰিচয়
[সম্পাদনা কৰক]এৰুথুকালি কেৰেলাৰ উত্তৰ মালাবাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকশিল্প। এই শিল্পটো বিশেষকৈ কাসাৰগোড আৰু কন্নুৰ জিলাৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা মাভিলান জনগোষ্ঠীৰ মাজত প্ৰচলিত। এই লোকশিল্পটো মালয়ালম থুলাম মাহৰ দশম দিনা গাঁওসমূহত অনুষ্ঠিত কৰা হয়।[1]
এই নৃত্য আৰু অনুষ্ঠানটো ভৱিষ্যতে সকলোৰে কৃষি সমৃদ্ধিৰ বাবে কৰা এক প্ৰাৰ্থনামূলক লোকানুষ্ঠান হিচাপে পালন কৰা হয়।[1]
শব্দমূল
[সম্পাদনা কৰক]‘এৰুথু’ শব্দৰ অৰ্থ হৈছে ডাঙৰ বলদ।[1] ‘কালি’ শব্দৰ অৰ্থ খেল বা নৃত্য। এৰুথুকালিৰ মুখ্য চৰিত্ৰটো হৈছে এদুপুকালা (নকল বলদ)। এই বলদটো বাঁহ, খেৰ, কাপোৰ আৰু কাঠৰ মূৰৰ সহায়ত তৈয়াৰ কৰা হয়।[1]
কাহিনী
[সম্পাদনা কৰক]মাভিলাৰ জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে জন্মি সকলৰ অধীনত পাহাৰত বন পৰিষ্কাৰ কৰি কৰা ধান খেতি (পোনাম)ত কাম কৰি থাকোতে দুজন লোকক সুব্ৰহ্মণ্যলৈ বলদ কিনিবলৈ পঠোৱা হৈছিল।[1] পথত ক্লান্ত হৈ দুয়ো বিশ্ৰাম লওতে শুই পৰে। সাৰ পোৱা পাছত দেখে যে বলদ দুটা নোহোৱা হৈছে। বহু বিচাৰ কৰিও বলদ পোৱা নগ’ল। তেতিয়া তেওঁলোকে প্ৰতিজ্ঞা কৰে যে প্ৰতি বছৰে এৰুথুকালি পালন কৰিব।[1] পাছত বলদ উভতাই পোৱা গ’ল আৰু সেই প্ৰতিজ্ঞা অনুসৰি এই লোকশিল্প আৰম্ভ হয়।
পৰিবেশন
[সম্পাদনা কৰক]এৰুথু সাজ পিন্ধাৰ আগতে শিল্পীজনে পুৰ্বপুৰুষসকলক নতুন ধানৰ পৰা তৈয়াৰ কৰা পোহা আৰু ফুলা চাউলৰ লগতে ফল-মূল আগবঢ়াই প্ৰাৰ্থনা কৰে।[2]
বাঁহ, খেৰ, কাপোৰ আৰু কাঠেৰে তৈয়াৰ কৰা ডাঙৰ বলদটো কঢ়িয়াই মাভিলাৰ লোকসকলে ঘৰেঘৰে গৈ ছন্দময়ভাৱে নাচে।[3]
এই অনুষ্ঠানত চেণ্ডা আৰু চেম্পিলা আদিৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়।[1] বাদ্যযন্ত্ৰৰ তালত গান আৰু নৃত্য কৰা হয়। গানসমূহত কৃষিৰ আৰম্ভণি সম্পৰ্কীয় কাহিনী থাকে।[1] থুলাম মাহৰ দশম দিনা আৰম্ভ হোৱা এই লোকশিল্প তৃতীয় দিনা বাঘে বলদ ধৰাৰ অভিনয়ৰ সৈতে সমাপ্ত হয়।[3]
কৃষিকাৰ্যৰ সৈতে জড়িত সকলো ঘৰত বলদটো লৈ যোৱা হয়।[4] গৃহস্থসকলে শিল্পীসকলক উপহাৰো দিয়ে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 "ഗോത്ര സ്മൃതികളുണർത്തി എരുതുകളി.." (ml ভাষাত). Kerala Kaumudikeralakaumudi.com. https://keralakaumudi.com/news/news.php?id=670779&u=local-news-kannur। আহৰণ কৰা হৈছে: 2023-04-07.
- ↑ "പാരമ്പര്യത്തിന്റെ നേർക്കാഴ്ചയായി എരുതുകളി" (ml ভাষাত). Malayala ManoramaManoramaOnline. https://www.manoramaonline.com/district-news/kasargod/2020/10/27/kasargod-vellarikkundu-festival.html। আহৰণ কৰা হৈছে: 2023-04-07.
- ↑ 3.0 3.1 "എരുതുകളി നിറഞ്ഞാടി" (ml ভাষাত). Deshabhimani. https://www.deshabhimani.com/news/kerala/news-27-10-2021/978386। আহৰণ কৰা হৈছে: 2023-04-07.
- ↑ "പത്താമുദയത്തിനെത്തി 'എരുതും മരമീടനും'". keralakaumudi.com. https://keralakaumudi.com/news/news.php?id=420986&u=local-news--kasargod। আহৰণ কৰা হৈছে: 2023-04-07.