সমললৈ যাওক

এৰোমেৰিন কলম্বাছ ৭৫ দুৰ্ঘটনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলম্বাছ
পাম গছৰ ওপৰত বিমানখন
বিমিনিৰ ওপৰত কলম্বাছ, ১৯২১
ভূপতিতৰ সাৰাংশ
তাৰিখ ১৩ জানুৱাৰী ১৯২৩ (1923-01-13)
সংক্ষিপ্ত বিবৰণ ভূপতিত
স্থান হাভানাৰ পৰা ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰত ফ্ল'ৰিডাৰ জলদ্বীপ
যাত্ৰীৰ সংখ্যা
কৰ্মচাৰীৰ সংখ্যা
নিহত
জীৱিত থাকে
বিমানৰ ধৰণ এৰোমেৰিন ৭৫
বিমানৰ নাম কলম্বাছ
পৰিচালক এৰোমেৰিন ৱেষ্ট ইণ্ডিজ এয়াৰৱেইজ
যাত্ৰাৰ আৰম্ভনি কী ৱেষ্ট হাৰ্বাৰ, কী ৱেষ্ট, ফ্ল'ৰিডা, আমেৰিকা
লক্ষ্যস্থান হাভানা, কিউবা

১৯২৩ চনৰ ১৩ জানুৱাৰীত ফ্ল’ৰিডাৰ কী ৱেষ্টৰপৰা কিউবাৰ হাভানালৈ যোৱা বিমানত ইঞ্জিনৰ সমস্যাৰ সৃষ্টি হোৱাৰ পিছত এৰোমেৰিন ৭৫ যাত্ৰীবাহী ছিপ্লেন কলম্বাছ ফ্ল’ৰিডা জলদ্বীপত পতিত হয়।[1][2] ঢৌৰ খুন্দাত পানীৰে ভৰা বিমানখন ডুব যোৱাৰ ফলত চাৰিজন যাত্ৰীৰ মৃত্যু হয়। পিছত বাকী যাত্ৰী আৰু দুজন ক্ৰুক এইচ এম ফ্লেগলাৰ নামৰ এখন পাৰ হৈ যোৱা ফেৰীৰে উদ্ধাৰ কৰে। এই দুৰ্ঘটনা আমেৰিকাৰ বিমান পৰিবহণৰ প্ৰথমটো বৃহৎ যাত্ৰীবাহী বিমান দুৰ্যোগ। বিমান পৰিচালক এৰোমেৰিন ৱেষ্ট ইণ্ডিজ এয়াৰৱেজে পিছৰ বছৰত আৰ্থিক লোকচানৰ বাবে বন্ধ কৰি দিবলগীয়া হয়।[3]

দুৰ্ঘটনা

[সম্পাদনা কৰক]

বিমানখনে প্ৰতিদিনে কৰাৰ দৰেই কী ৱেষ্টৰপৰা হাভানালৈ দৈনিক উৰণ আৰম্ভ কৰে।[4] কিন্তু হাভানাৰপৰা ২০ বা ২১ মাইল উত্তৰত যেতিয়া ইঞ্জিনৰ সমস্যাৰ সৃষ্টি হয়,[1][5] পাইলটে এই সমস্যাটো সমাধানৰ চেষ্টা কৰিবলৈ জৰুৰীকালীনভাবে নামি আহিবলৈ বাধ্য হয়।[6] যেতিয়া তেওঁ নামিবলৈ বিমানৰ আগটো পানীৰফালে ঘূৰাই দিলে, "কিবা এটা ছিগি গ'ল" আৰু বিমানখন “লুটি খাই গ’ল’’, আৰু অনিয়ন্ত্ৰিতভাৱে ডুব গ’ল।[7]

অঞ্চলটোৰ সাগৰীয় ৰুক্ষ পৰিস্থিতিৰ বাবে পাইলটজনে মসৃণ অৱতৰণ কৰাৰ প্ৰয়াসত কেইবাবাৰো ইফালে-সিফালে গ্লাইড কৰিছিল। দুৰ্ভাগ্যজনকভাৱে বিমানখনে ইয়াৰ পৰিৱৰ্তে "এটা ডাঙৰ ঢৌৰ ট্ৰাফ"ত অৱতৰণ কৰিলে, যিয়ে নিমিষতে যাত্ৰীবাহী কেবিনৰ মাজভাগ চেপি পেলাইছিল। কেবিনৰ ভিতৰত দুটা নিদ্ৰিত শিশু কেবিনটো চেপি পেলোৱাৰ সময়তে নিমিষতে নিহত হোৱাৰ সন্দেহ কৰা হৈছে। অনিয়ন্ত্ৰিত অৱতৰণ আৰু জলদ্বীপত উপস্থিত থকা ১০–১৫ (বা ১৫–২০) ফুটৰ ঢৌৰ বাবে বিমানখন দ্ৰুতগতিত ডুব যাবলৈ ধৰে।[1][7][8]

বিমানখনৰ ধ্বংসাৱশেষ আংশিকভাৱে ওপঙি থকা অৱস্থাত বাকী পাঁচজন (ক্ৰু আৰু পাঁচজন যাত্ৰী দুয়োজনেই) উদ্ধাৰৰ বাবে অপেক্ষা কৰি বিমানখনৰ ওপৰলৈ ওলাই ৰৈ থাকিল। প্ৰথম অৱস্থাত আন দুজন যাত্ৰীও ওলাই আহিছিল যদিও সহায় অহাৰ আগতেই পিছলি গৈছিল।[7][9]

সেই সময়ত সেই অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা এইচ এম ফ্লেগলাৰ নামৰ ফেৰীখনত থকা লোকসকলে ০.৭৫ মাইল দূৰৰপৰা দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰিছিল, লগে লগে কেপ্তেইন জন এলবাৰীয়ে দুৰ্ঘটনাস্থলীৰফালে ঘূৰাই দিছিল আৰু ১৫০ গজ দূৰৰপৰা সাহায্য প্ৰেৰণ কৰিবলৈ এখন সৰু লাইফবোট দ্ৰুতগতিত প্ৰেৰণ কৰিছিল।[9][4][8] পাঁচজন জীৱিত লোকক উদ্ধাৰ কৰা হয়, দ্ৰুতভাৱে পানীত পৰা আৰু শ্বক লগাৰ ফলত কিছুমান ঘাঁ লগাৰ বাহিৰে তেওঁলোকৰ কোনো ক্ষতি হোৱা নাছিল।[7][10]

এনে হৈ থকাৰ সময়তে ফ্লেগলাৰৰ ক্ৰুৱে দুৰ্ঘটনাৰ খবৰ দিবলৈ ৰেডিঅ’গ্ৰাম পঠিয়াইছিল। সেই নিশা ফ্লেগলাৰ জাহাজখনে জীৱিতসকলক লৈ কী ৱেষ্টত উপস্থিত হয়।[7]

পৰিচাৰক আৰু যাত্ৰী

[সম্পাদনা কৰক]

পৰিচাৰক

[সম্পাদনা কৰক]

বিমানখনৰ বাবে কলম্বাছৰ পাইলট আছিল ডব্লিউ ই (বা চি ডব্লিউ) মিলাৰ, তেওঁৰ লগত আছিল কাৰিকৰী বিশেষজ্ঞ হেৰল্ড থম্পছন। দুয়োজনেই দুৰ্ঘটনাৰপৰা ৰক্ষা পৰে।[2][7]

দুৰ্ঘটনাটোত নিহত হোৱা চাৰিজন যাত্ৰী আছিল নিউয়ৰ্ক চহৰৰ ৩০বছৰীয়া কোটিপতি চুগাৰ প্লেণ্টাৰ এডউইন এফ এটকিন্স জুনিয়ৰ, তেওঁৰ দুজন পুত্ৰ এডউইন ছিনিয়ৰ আৰু ডেভিদ, ক্ৰমে ৫ আৰু ৩বছৰীয়া আৰু পৰিয়ালৰ গৱৰ্ণৰ গ্ৰেচ মেকড’নাল্ড।[2][7][4] আমেৰিকান চুগাৰ ৰিফাইনিং কোম্পানীটোৰ প্ৰাক্তন পৰিচালনা সমিতিৰ অধ্যক্ষৰ পুত্ৰ এটকিন্সে সেই সময়ত কিউবাত চেনিৰ ব্যাপক বিনিয়োগ কৰিছিল আৰু তাত আৰু নিউয়ৰ্ক দুয়োটাতে তেওঁ সুপৰিচিত আছিল।[7][9] মএডউইন ছিনিয়ৰ আৰু ডেভিদ কেবিনটো চেপি ধৰাৰ সময়ত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰে আৰু উদ্ধাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত এডউইন জুনিয়ৰ আৰু মেকড’নাল্ডক ঢৌৱে ধ্বংসাৱশেষৰপৰা উলিয়াই লৈ যায়।[10](অন্য সূত্ৰই কেৱল দাবী কৰে যে, তেওঁলোক সকলোৱে নিজৰ নিজৰ আসনত আবদ্ধ হৈ আছিল।[1][11])

জীৱিত তিনিজন যাত্ৰী আছিল এটকিন্সৰ পত্নী, পৰিয়ালৰ নাৰ্ছ জুলিয়া হাভাৰ্টী আৰু নিউয়ৰ্কৰ ধনী বেংকাৰ/দালাল অট' আব্ৰামছ (বা আব্ৰাহামছ)।[7][11] এটকিন্স জুনিয়ৰ আৰু মেকড’নাল্ডক বুৰাই পেলোৱাৰ পাছত পাইলটে তেওঁলোকৰ ওপৰত ওলমি থাকিবলৈ আৰম্ভ কৰে।[4] এটকিন্সৰ পত্নীৰ বিষয়ে কোৱা হৈছিল যে, তেওঁ "অৱচেতন" অৱস্থাত আছিল আৰু কি হৈছে সেই বিষয়ে অজ্ঞাত আছিল;[10] তেওঁ মাত্ৰ বষ্টনৰপৰা কিউবাত পৰিয়ালটোৰ সৈতে মিলিত হ’বলৈ আহিছিল।[4]

পিছৰ পৰিণতি

[সম্পাদনা কৰক]

ঘটনাৰ কিছুসময়ৰ পাছতে হেৰুওৱা চাৰিজন যাত্ৰীৰ মৃতদেহৰ সন্ধান আৰম্ভ কৰা হয় যদিও সেই সময়ত সাগৰৰ পৰিস্থিতি আৰু অঞ্চলটোত সাগৰীয় চাৰ্কৰ ভয়ৰ বাবে উদ্ধাৰৰ আশা কম আছিল।[4] মূল অনুসন্ধানৰ প্ৰচেষ্টা দুদিন পাছত বাতিল কৰা হয়, তেওঁলোকৰ মৃতদেহ কেতিয়াও উদ্ধাৰ কৰা নহ’ল যদিও তাৰ পিছৰ সপ্তাহবোৰত সৰু সৰু অনুসন্ধান চলি থাকিল।[12][11][13] বিমানখনৰ ধ্বংসাৱশেষো হেৰাই গৈছিল, কাৰণ ষ্ট্ৰেইটছত ডুব গৈছিল।[12] এই দুৰ্ঘটনাত ৪০০ পাউণ্ড প্ৰথম শ্ৰেণীৰ মেইল, কী ৱেষ্টৰপৰা অহা সমগ্ৰ চালানো হেৰাই যায়।[11]

পাইলটে কেপ্তেইন এলবেৰী আৰু তেওঁৰ দলটোক পৰিস্থিতিৰ সময়ত আগবঢ়োৱা বীৰত্বপূৰ্ণ সহায়ৰ বাবে প্ৰশংসা কৰে।[4] জীৱিত পাঁচজনক দুদিন পাছত চিকিৎসালয়ৰ পৰিচৰ্যাৰ পিছত মুকলি কৰি দিয়া হয়, লগতে মিচেছ ড° এটকিন্সক কী ৱেষ্টৰ এজন বন্ধুৰ ঘৰলৈ পঠিওৱা হয়।[5] পিছৰ দিনবোৰত তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছিল।[12][14]

১৯২৩ চনৰ ভিতৰত নিখুঁত সুৰক্ষা অভিলেখৰ সৈতে ২০,০০০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ পিছতো কলম্বাছৰ ক্ষতিৰ ফলত হোৱা আৰ্থিক প্ৰভাৱে এৰোমেৰিনক ধ্বংস কৰিবলগীয়া হৈছিল। পিছৰ বছৰত বিমান সংস্থাটো বন্ধ হৈ পৰে।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "ASN Aircraft accident Aeromarine 75 registration unknown Havana, Cuba". aviation-safety.net. https://aviation-safety.net/database/record.php?id=19230113-0। আহৰণ কৰা হৈছে: 2023-09-17. 
  2. 2.0 2.1 2.2 "Crash of an Aeromarine 75 off Havana: 4 killed | Bureau of Aircraft Accidents Archives". www.baaa-acro.com. https://www.baaa-acro.com/crash/crash-aeromarine-75-havana-4-killed। আহৰণ কৰা হৈছে: 2023-09-17. 
  3. Miller, Mark (2008-10-21) (en ভাষাত). Miami and the Keys. National Geographic Books. ISBN 978-1-4262-0323-7. https://books.google.com/books?id=tsdVQYBFdQsC&dq=aeromarine+west+indies+airways+1923&pg=PA221. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Humanities, National Endowment for the (1923-01-14). "Evening star. [volume (Washington, D.C.) 1854–1972, January 14, 1923, Image 1"]. ISSN 2331-9968. https://chroniclingamerica.loc.gov/lccn/sn83045462/1923-01-14/ed-1/seq-1/. 
  5. 5.0 5.1 Humanities, National Endowment for the (1923-01-16). "The Omaha morning bee. [volume (Omaha [Neb.]) 1922–1927, January 16, 1923, Image 1"]. ISSN 2578-272X. https://chroniclingamerica.loc.gov/lccn/sn84024326/1923-01-16/ed-1/seq-1/. 
  6. Humanities, National Endowment for the (1923-01-15). "The Cordova daily times. [volume (Cordova, Alaska) 1914–1947, January 15, 1923, Image 1"]. ISSN 2641-4805. https://chroniclingamerica.loc.gov/lccn/sn86072239/1923-01-15/ed-1/seq-1/. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 7.8 Humanities, National Endowment for the (1923-01-14). "San Antonio light. [volume (San Antonio, Tex.) 1911–1993, January 14, 1923, Image 1"]. https://chroniclingamerica.loc.gov/lccn/sn85060004/1923-01-14/ed-1/seq-1/. 
  8. 8.0 8.1 Humanities, National Endowment for the (1923-01-16). "Atlanta tri-weekly journal. [volume (Atlanta, Ga.) 1920-19??, January 16, 1923, Image 2"]. পৃষ্ঠা 2. https://chroniclingamerica.loc.gov/lccn/sn89053713/1923-01-16/ed-1/seq-2/. 
  9. 9.0 9.1 9.2 Humanities, National Endowment for the (1923-01-18). "The Republican. [volume (Oakland, Md.) 1877–current, January 18, 1923, Image 3"]. পৃষ্ঠা PAGE THREE. https://chroniclingamerica.loc.gov/lccn/sn88065202/1923-01-18/ed-1/seq-3/. 
  10. 10.0 10.1 10.2 Humanities, National Endowment for the (1923-01-14). "The Birmingham age-herald. [volume (Birmingham, Ala.) 1902–1950, January 14, 1923, Image 1"]. ISSN 2692-6318. https://chroniclingamerica.loc.gov/lccn/sn85038485/1923-01-14/ed-1/seq-1/. 
  11. 11.0 11.1 11.2 11.3 Humanities, National Endowment for the (1923-01-25). "The Calhoun chronicle. [volume (Grantsville, W. Va.) 1883–1984, January 25, 1923, Image 1"]. ISSN 2640-1835. https://chroniclingamerica.loc.gov/lccn/sn85059591/1923-01-25/ed-1/seq-1/. 
  12. 12.0 12.1 12.2 Humanities, National Endowment for the (1923-01-16). "Daily Kennebec journal. [microfilm reel (Augusta, Me.) 1870–1975, January 16, 1923, Image 1"]. https://chroniclingamerica.loc.gov/lccn/sn82014248/1923-01-16/ed-1/seq-1/. 
  13. Humanities, National Endowment for the (1923-01-15). "Casper daily tribune. [volume (Casper, Wyo.) 1916–1931, January 15, 1923, Image 5"]. পৃষ্ঠা PAGE FIVE. https://chroniclingamerica.loc.gov/lccn/sn86072160/1923-01-15/ed-1/seq-5/. 
  14. Humanities, National Endowment for the (1923-01-16). "The Birmingham age-herald. [volume (Birmingham, Ala.) 1902–1950, January 16, 1923, Image 16"]. পৃষ্ঠা 16. ISSN 2692-6318. https://chroniclingamerica.loc.gov/lccn/sn85038485/1923-01-16/ed-1/seq-16/. 
  15. "The Early Airlines You Might Not Have Heard Of" (en ভাষাত). airandspace.si.edu. https://airandspace.si.edu/stories/editorial/early-airlines-you-might-not-have-heard। আহৰণ কৰা হৈছে: 2023-09-17.