এ. সীমা
| এ. সীমা | |
|---|---|
এ. সীমাই নাৰি শক্তিপুৰস্কাৰ গ্ৰহণ কৰিছে। | |
| জন্ম | কোঝিকোড |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | এম.টেক আৰু পি.এইচ.ডি |
| পেচা | বিজ্ঞানী |
| নিয়োগকৰ্তা | ইলেক্ট্ৰনিক্স প্ৰযুক্তিৰ বাবে সামগ্ৰীৰ কেন্দ্ৰ (C-MET) |
| জনা যায় | স্তন কেন্সাৰৰ ইংগিত দিবলৈ এটা পৰ্টেবল ডিভাইচ সৃষ্টি কৰা |
এ. সীমা ইংৰাজী: : A. Seema ;কেৰালাৰ এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে এটা গৱেষণা দলৰ নেতৃত্বত এনে এটা ব্ৰা প্ৰস্তুত কৰিছিল, যিটো ব্ৰা পিন্ধাৰ পিছত ব্যক্তিজনৰ স্তন কেন্সাৰ হৈছে নে নাই সেইটো চিনাক্ত কৰিব পাৰি।
এই উদ্ভাৱনক বাণিজ্যিক বিকাশৰ বাবে প্ৰেৰণ কৰা হৈছিল। ২০১৯ চনত, তেওঁ (আৰু তেওঁৰ দলৰ) কামৰ বাবে নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হয় ।
জীৱন
[সম্পাদনা কৰক]সীমা ভাৰতৰ কেৰালা ৰাজ্যৰ এখন বৃহৎ চহৰ কোঝিকোডৰ পৰা আহিছে। তেওঁ প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত পিএইচডি সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ কেৰালাৰ ৰাজহুৱা পুঁজিৰে ইলেক্ট্ৰনিক্স টেকন'লজিৰ বাবে চেণ্টাৰ ফৰ মেটেৰিয়েলছ টেকন'লজি (C-MET) নামৰ গৱেষণা কেন্দ্ৰত যোগদান কৰে।[1]
তেওঁ এটা দলৰ নেতৃত্ব দিছিল যাক মালাবাৰ কেন্সাৰ চেণ্টাৰ, থালাছেৰী[1] য়ে প্ৰত্যাহ্বান জনাইছিল যে এনে এটা ডিভাইচ তৈয়াৰ কৰিবলৈ, যি এক্স-ৰে মেচিনতকৈ বহনযোগ্য আৰু স্তন কেঞ্চাৰ চিনাক্ত কৰিবলৈ সহজে ব্যৱহাৰ কৰিব পাৰি। [2] তেওঁলোকে সৃষ্টি কৰা যন্ত্ৰটো দেখাত স্প’ৰ্টছ ব্ৰাৰ দৰে আৰু কম সময়ৰ বাবে পিন্ধাৰ পিছতে ৰোগ নিৰ্ণয় লাভ কৰিব পাৰি।এই ডিভাইচটো মেমোগ্ৰামতকৈ বহু সহজ, লগতে ইয়াৰ ব্যৱহাৰৰ বাবে ৰেডিঅ'লজিষ্টৰ উপস্থিতিৰ প্ৰয়োজন নহয়। ইয়াক পোন্ধৰ বছৰ বয়সৰ মহিলা আৰু ছোৱালীয়ে ব্যৱহাৰ কৰিব পাৰে। শৰীৰৰ আকৃতি কোনো সমস্যা নহয় আৰু এই ডিভাইচটোৰ মূল্য প্ৰায় ৪৫০ টকা হ'ব বুলি আশা কৰা হৈছে।[2]
ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়োৱা নাৰী শক্তিৰ সন্মানেৰে সীমাক স্বীকৃতি দিয়া হয়। ২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদ ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে তেওঁ নতুন দিল্লীলৈ যায়। ৪১ গৰাকী মহিলাই এই বঁটা লাভ কৰে আৰু তিনিগৰাকীক গোটৰ হৈ প্ৰদান কৰা হয়।[3] মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধী এই অনুস্থানত উপস্থিত আছিল আৰু ইয়াৰ পিছত বঁটা বিজয়ীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Thomas, Elizabeth (2019-05-12). "Guts and glory!" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/sunday-chronicle/headliners/120519/guts-and-glory-1.html। আহৰণ কৰা হৈছে: 2021-01-11.
- ↑ 2.0 2.1 "This Kerala Scientist Won The Nari Shakti Puraskar For Devising A Bra To Detect Breast Cancer" (en-IN ভাষাত). IndiaTimes. 2019-03-17. https://www.indiatimes.com/trending/human-interest/this-kerala-scientist-won-the-nari-shakti-puraskar-for-devising-a-bra-to-detect-breast-cancer-363862.html। আহৰণ কৰা হৈছে: 2021-01-11.
- ↑ Pandit, Ambika (8 March 2019). "From masons, barbers to creators of forests and sustainable homes, nari shakti takes charge" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/from-masons-barbers-to-creators-of-forests-and-sustainable-homes-nari-shakti-takes-charge/articleshow/68325852.cms.
- ↑ Mohammed, Irfan (2019-03-20). "India president confers Manju with Nari Shakti Puraskar award" (English ভাষাত). Saudigazette. http://saudigazette.com.sa/article/561605। আহৰণ কৰা হৈছে: 2021-01-09.