সমললৈ যাওক

এ কে প্ৰেমজম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এ কে প্ৰেমজম
লোকসভা ৰ সদস্য।
কাৰ্যকাল
১৯৯৮ চন – ২০০৪ চন
পূৰ্বসূৰী অ’ ভৰতন
উত্তৰসূৰী পি সাথিদেবী
সমষ্টি বাটকৰা
ব্যক্তিগত তথ্য
জন্ম ১২ আগষ্ট, ১৯৩৮ (৮৬ বছৰ)
পল্লিক্কুন্নু, কন্নুৰ, কেৰালা
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী কে ৰবীন্দ্ৰনাথ
সন্তান দুজন

এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।[1]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

এ কে প্ৰেমজমৰ কেৰেলাৰ কান্নুৰৰ পল্লিকুন্নুত জন্ম হৈছিল৷ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰভিডেন্স কলেজত, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰী ব্ৰেনেন কলেজ, থালাছেৰী আৰু কেৰালা বিশ্ববিদ্যালয়ৰ অধীনত ইউনিভাৰ্চিটি কলেজত শিক্ষা গ্ৰহণ কৰে। তেওঁ কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে কোজিকোড়ৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ তেওঁ অধ্যক্ষ আছিল।

ৰাজনৈতিক পৰিক্ৰমা

[সম্পাদনা কৰক]

এ.কে প্ৰেমজমে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল কোজিকোড়ৰ মেয়ৰ হিচাপে। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে এই পদত অধিষ্ঠিত হৈছিল।১৯৯৮ চনত দ্বাদশ লোকসভালৈ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল৷ তেওঁ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Lok Sabha: Members". ভাৰত চৰকাৰ. http://parliamentofindia.nic.in/ls/lok12/biodata/12kl03.htm। আহৰণ কৰা হৈছে: ৪ মাৰ্চ 2013. 
  2. "Lok Sabha: Members". ভাৰত চৰকাৰ. http://164.100.47.132/LssNew/members/former_Biography.aspx?mpsno=338। আহৰণ কৰা হৈছে: ৪ মাৰ্চ 2013.