এ কে ৰামানুজন
| এ. কে. ৰামানুজন | |
|---|---|
| চিত্ৰ:A.K.RamanujanPic.jpg | |
| জন্ম | আত্তিপত্তে কৃষ্ণস্বামী ৰামানুজন ১৬ মাৰ্চ, ১৯২৯ মহীশূৰ, মহীশূৰ ৰাজ্য, বৃটিছ ভাৰত |
| মৃত্যু | ১৩ জুলাই, ১৯৯৩ (৬৪ বছৰ) চিকাগো,ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ। |
| দাম্পত্যসঙ্গী | (লেখক) মলি ডেনিয়েলছ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | মেকআৰ্থাৰ ফেল'শ্বিপ, সাহিত্য একাডেমীৰ পুৰষ্কাৰ আৰু পদ্মশ্ৰী |
| শৈক্ষিক পটভূমি | |
| মাতৃশিক্ষানুষ্ঠান | মহীশূৰ বিশ্ববিদ্যালয় ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটন |
| A Generative Grammar Of Kannada (1963) | |
| শৈক্ষিক কৰ্ম | |
| শাখা | দ্ৰাবিড় ভাষা linguistics and Indian literature; English poetry |
| প্ৰতিষ্ঠানসমুহ | University of Chicago |
| উল্লেখযোগ্য কৰ্ম | The Striders (1966) Second Sight |
আত্তিপেট কৃষ্ণস্বামী ৰামানুজন (ইংৰাজী: Attipet Krishnaswami Ramanujan )(জন্ম, ১৬ মাৰ্চ ১৯২৯ – মৃত্যু,১৩ জুলাই ১৯৯৩)[1][2] এজন ভাৰতীয় কবি আৰু ভাৰতীয় সাহিত্য আৰু ভাষাবিজ্ঞানৰ পণ্ডিত [3] আছিল ৰামানুজন চিকাগো বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপকও আছিল। ৰামানুজন আছিল এজন কবি, পণ্ডিত, ভাষাবিদ, লোককথাবিদ, অনুবাদক আৰু নাট্যকাৰ। [4] তেওঁৰ শৈক্ষিক গৱেষণাই পাঁচটা ভাষাক সামৰি লৈছিল: ইংৰাজী, তামিল, কানাড়া, তেলেগু, আৰু সংস্কৃত। এই সাহিত্যসমূহৰ ধ্ৰুপদী আৰু আধুনিক দুয়োটা ৰূপৰ ওপৰত তেওঁ ৰচনা প্ৰকাশ কৰিছিল আৰু স্থানীয়, অমান্য উপভাষাৰ সঠিক কাৰণৰ বাবে তীব্ৰ যুক্তি আগবঢ়াইছিল। যদিও তেওঁ ব্যাপক আৰু বহু শৈলীত ৰচনা কৰিছিল, তথাপি ৰামানুজনৰ কবিতাবোৰ আচৰিত ধৰণৰ মৌলিকতা, কৌশল, আৰু মাৰ্মান্তিক শিল্পকলাৰ গভীৰ ৰচনা হিচাপে স্মৰণ কৰা হয়। মৰণোত্তৰভাৱে ১৯৯৯ চনত তেওঁৰ সংকলিত কবিতাৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰামানুজনৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৬ মাৰ্চত মহীশূৰ চহৰত (বৰ্তমান কৰ্ণাটকত)।[5] তেওঁৰ পিতৃ অত্তিপত অসুৰি কৃষ্ণস্বামী ইংৰাজী, কানাড়া, সংস্কৃতৰ প্ৰতি আগ্ৰহী আছিল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ জ্যোতিষী আৰু গণিতৰ অধ্যাপক আছিল। মাক আছিল এগৰাকী গৃহিণী।
ৰামানুজনে মহীশূৰৰ মৰিমল্লাপ্পা হাইস্কুল আৰু মহীশূৰৰ মহাৰাজ কলেজত শিক্ষা গ্ৰহণ কৰিছিল। কলেজত থাকোঁতে ৰামানুজনে প্ৰথম বৰ্ষত বিজ্ঞান বিষয়ত মেজৰ কৰিছিল যদিও দেউতাকে বিজ্ঞানৰপৰা ইংৰাজীলৈ মেজৰ সলনি কৰিবলৈ কৈছিল। পিছলৈ ৰামানুজন ১৯৫৮–৫৯ চনত পুনেৰ ডেকান কলেজৰ ফেলো আৰু ১৯৫৯–৬২ চনত ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটনৰ ফুলব্ৰাইট স্কলাৰ হয়।[6]
কৰ্মজীৱন
[সম্পাদনা কৰক]ৰামানুজনে কুইলন আৰু বেলগামত ইংৰাজী ভাষাৰ প্ৰবক্তা হিচাপে কাম কৰিছিল; পিছলৈ তেওঁ বৰোদাৰ মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয়ত প্ৰায় আঠ বছৰ অধ্যাপনা কৰিছিল। ১৯৬২ চনত চিকাগো বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। গোটেই জীৱনত তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ থাকিল, বিভিন্ন বিভাগত অধ্যাপনা কৰি থাকিল। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, উইচকনচিন বিশ্ববিদ্যালয়, মিছিগান বিশ্ববিদ্যালয়, বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, কাৰ্লেটন কলেজ আদি আমেৰিকাৰ অন্যান্য বিশ্ববিদ্যালয়তো তেওঁ অধ্যাপনা কৰিছিল। চিকাগো বিশ্ববিদ্যালয়ত ৰামানুজনে দক্ষিণ এছিয়ান অধ্যয়ন কাৰ্যসূচী গঢ় দিয়াত মূল ভূমিকা পালন কৰিছিল। তেওঁ দক্ষিণ এছিয়াৰ ভাষা আৰু সভ্যতা, ভাষাবিজ্ঞান আৰু সামাজিক চিন্তা সমিতিৰ বিভাগত কাম কৰিছিল। ১৯৭৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে।[7] ১৯৮৩ চনত তেওঁক মেকআৰ্থাৰ বঁটা ফেল'শ্বিপ প্ৰদান কৰা হয়।[8][6] আৰু চিকাগো বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান ভাষা আৰু সভ্যতা, ভাষাবিজ্ঞান আৰু সামাজিক চিন্তা সমিতিৰ বিভাগৰ উইলিয়াম ই কলভিন অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ভাৰত-আমেৰিকান সাহিত্যিক হিচাপে ৰামানুজনে ঘৰুৱা আৰু বিদেশী দুয়োটা পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিছিল। "কনভেনচন অৱ ডেচপেয়াৰ" আদি তেওঁৰ কবিতাসমূহে পূব আৰু পশ্চিমৰ সংস্কৃতি আৰু নীতি-নিয়মৰ ওপৰত তেওঁৰ ভাবধ-ৰা প্ৰতিফলিত কৰে।[9][10]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Guide to the A.K. Ramanujan Papers 1944-1995". lib.uchicago.edu. https://www.lib.uchicago.edu/e/scrc/findingaids/view.php?eadid=ICU.SPCL.RAMANUJANAK। আহৰণ কৰা হৈছে: 27 August 2018.
- ↑ "A.K. Ramanujan: a lonely hero". livemint.com. 2017-09-22. https://www.livemint.com/Leisure/zKQlw5onFy0BRykDBXh70K/AK-Ramanujan-a-lonely-hero.html। আহৰণ কৰা হৈছে: 28 August 2018.
- ↑ "Ramanujan, Attipat Krishnaswami". scholarblogs.emory.edu. https://scholarblogs.emory.edu/postcolonialstudies/2014/06/11/ramanujan-attipat-krishnaswami/। আহৰণ কৰা হৈছে: 27 August 2018.
- ↑ Kulshrestha, Chirantan (1981). "A. K. Ramanjan: A PROFILE". Journal of South Asian Literature খণ্ড 16 (2): 181–184.
- ↑ "A K Ramanujan (1929 – 1993)". indiaonline.in. Archived from the original on 29 September 2023. https://web.archive.org/web/20230929165914/http://www.indiaonline.in/about/personalities/writersandpoets/a-k-ramanujan। আহৰণ কৰা হৈছে: 28 August 2018.()
- ↑ 6.0 6.1 Attipat Krishnaswami Ramanujan, Biography and works Archived 22 December 2004 at the Wayback Machine Emory University.
- ↑ "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf.
- ↑ "MacArthur Foundation : A. K. Ramanujan". macfound.org. https://www.macfound.org/fellows/193/। আহৰণ কৰা হৈছে: 28 August 2018.
- ↑ Lambert, Bruce (1993-07-16). "Attipat K. Ramanujan, 64, Poet And Scholar of Indian Literature". The New York Times. https://www.nytimes.com/1993/07/16/obituaries/attipat-k-ramanujan-64-poet-and-scholar-of-indian-literature.html.
- ↑ "OBITUARY-A K Ramanujan". Economic and Political Weekly খণ্ড 50, 50, 50, 50, 50, 28 (23, 23, 23, 23, 23, 31): 7, 7, 7, 7, 7–8, 8, 8, 8, 8. 5 June 2015. https://www.epw.in/journal/1993/31/commentary/obituary-k-ramanujan.html। আহৰণ কৰা হৈছে: 29 August 2018.