সমললৈ যাওক

এ জে টি জনসিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এ জে টি জনসিং

২০১০ চনত জনসিং
স্থানীয় নাম ஏ. ஜெ. டி. ஜான்சிங்
জন্ম আছিৰ জৱাহৰ থমাছ জনসিং
১৪ অক্টোবৰ, ১৯৪৫
নাংগুনেৰী,
ট্ৰাভাংকুৰ ৰাজ্য,
ব্ৰিটিছ ভাৰত
(এতিয়া তামিলনাডু, ভাৰত)
মৃত্যু ০৭ জুন, ২০২৪ (৭৮ বছৰ)
বেংগালুৰু, কৰ্ণাটক, ভাৰত
অন্য নাম এ জে টি
পেচা বিজ্ঞানী
দাম্পত্যসঙ্গী কৌশল্যা (বি. ২০২৬; d. ২০১৩)
সন্তান মাইক
মাৰ্ভিন

আছিৰ জৱাহৰ থমাছ জনসিং (ইংৰাজী: A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ।[1] জনসিঙে‍ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে‍ কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।[2]

জনসিংহৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ নাংগুনেৰীত[3] ১৯৪৫ চনত আৰু তাতেই জীৱনৰ প্ৰথম বছৰবোৰ কটাইছিল৷ তাৰ পাছত চেন্নাইৰ মাদ্ৰাজ খ্ৰীষ্টান কলেজত স্নাতক শিক্ষা গ্ৰহণ কৰে। তেওঁ আছিল এজন অগ্ৰণী বন্যপ্ৰাণী বিজ্ঞানী আৰু ভাৰতীয় অৰণ্যত থকা বৃহৎ বন্য স্তন্যপায়ী বিশেষকৈ ৰাংকুকুৰৰ বিষয়ে‍ ক্ষেত্ৰভিত্তিক গৱেষণা কৰা প্ৰথমজন ভাৰতীয়।[4] ১৯৭৬-৭৮ চনৰ ভিতৰত কৰা তেওঁৰ গৱেষণাই বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰ, অন্যান্য মাংসভোজী আৰু খুৰা থকা প্ৰাণীৰ পৰিৱেশ আৰু চিকাৰৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[5]

শিৱকাশীৰ আয়া নাদৰ জনকী আম্মাল মহাবিদ্যালয়ত অধ্যাপক হিচাপে কিছু সময় কাম কৰাৰ পাছত আৰু ৱাশ্বিংটন, ডি.চি.ৰ স্মিথছ’নিয়ান ইনষ্টিটিউচনত পোষ্ট ডক্টৰেট ফেলো হিচাপে ১৯৮১ চনত তেওঁ ভাৰতলৈ উভতি আহি বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে৷ ১৯৮৫ চনত তেওঁ নতুনকৈ প্ৰতিষ্ঠিত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ডেৰাডুনত যোগদান কৰে আৰু তাত তেওঁ বন্যপ্ৰাণী বিজ্ঞান অনুষদৰ মুৰব্বী হয় আৰু ২০০৫ চনত বি‍জ্ঞানগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।[3]

তেওঁ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে‍ কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে৷[6][7]

জনসিঙে‍ পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে এক লাখ ডলাৰৰ এবিএন এএমআৰঅ' বঁটাকে ধৰি অন্যান্য বিভিন্ন বিশিষ্ট বঁটা লাভ কৰিছে৷[8]

২০২৪ চনৰ ৭ জুনত ৭৮ বছৰ বয়সত জনসিঙৰ মৃত্যু হয়।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ""Meet Dr. A.J.T. Johnsingh"". Sanctuaryasia.com. Archived from the original on 2018-08-17. https://web.archive.org/web/20180817055944/http://www.sanctuaryasia.com/people/interviews/136-interviews/1591-meet-dr-ajt-johnsingh.html। আহৰণ কৰা হৈছে: 2018-08-16. 
  2. "Dr. AJT Johnsingh - Leading the Way". Jungle Lodges & Resorts. 31 May 2014. http://jlrexplore.com/explore/interviews/dr-ajt-johnsingh-leading-the-way-2#.U494lHDE9sk.facebook। আহৰণ কৰা হৈছে: 6 June 2014. 
  3. 3.0 3.1 "India's foremost wildlife biologist and conservation activist, A J T Johnsingh, is no more" (en ভাষাত). www.downtoearth.org.in. Archived from the original on 2024-06-09. https://web.archive.org/web/20240609054453/https://www.downtoearth.org.in/news/wildlife-biodiversity/india-s-foremost-wildlife-biologist-and-conservation-activist-a-j-t-johnsingh-is-no-more-96568। আহৰণ কৰা হৈছে: 2024-06-09. 
  4. PTI (8 June 2024). "Biologist and conservation activist Johnsingh leaves behind rich conservation legacy". The Telegraph. https://www.telegraphindia.com/india/biologist-ajt-johnsingh-passes-away/cid/2025516। আহৰণ কৰা হৈছে: 9 June 2024. 
  5. Johnsingh, A. J. T. (1983). "Large mammalian prey - predators in Bandipur". Journal of the Bombay Natural History Society খণ্ড 80 (1): 1–57. https://biostor.org/reference/153122. 
  6. ""Of tribals and tigers..."". Thehindubusinessline.com. 10 December 2005. https://www.thehindubusinessline.com/todays-paper/tp-others/tp-variety/of-tribals-and-tigers/article2198074.ece। আহৰণ কৰা হৈছে: 2018-08-16. 
  7. "Batting for the precious Ghats". The Hindu. 23 July 2012. https://www.thehindu.com/todays-paper/tp-national/tp-kerala/batting-for-the-precious-ghats/article3671832.ece। আহৰণ কৰা হৈছে: 30 July 2018. 
  8. ""ABN Amro salutes 'earth heroes' "". Thehindubusinessline.com. 9 December 2005. https://www.thehindubusinessline.com/todays-paper/tp-economy/abn-amro-salutes-earth-heroes/article2198001.ece। আহৰণ কৰা হৈছে: 2018-08-16. 
  9. Eminent wildlife biologist AJT Johnsingh dies