সমললৈ যাওক

ঐতিহাসিক বৈদিক ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঐতিহাসিক বৈদিক ধৰ্ম (ইংৰাজী: Historical Vedic religion), যাক জনপ্ৰিয় আলোচনাত কেতিয়াবা বেদ ধৰ্ম (Vedism) বা ঐতিহাসিক ব্ৰাহ্মণ্যবাদ (Brahmanism) বুলিও কোৱা হয়, হৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় ১৫০০ৰ পৰা ৫০০ বছৰৰ মাজভাগত উত্তৰ-পশ্চিম ভাৰতীয় উপমহাদেশত বাস কৰা কিছু ভাৰত-আৰ্য লোকৰ মাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠানসমূহৰ সমষ্টি। এই ধৰ্মীয় পৰম্পৰাৰ ভৌগোলিক বিস্তাৰ মূলতঃ পাঞ্জাব অঞ্চল আৰু পশ্চিম গঙ্গা উপত্যকাত বিস্তৃত আছিল, সেই সময়চোৱাত যাক বৈদিক যুগ বুলি জনা যায়।[1] এই ধৰ্মীয় ধাৰণাসমূহৰ মুখ্য উৎস হৈছে বেদসমূহ, বিশেষকৈ ঋগ্বেদ, য’ত দেৱতা, যজ্ঞ আৰু নৈতিক ধাৰণাৰ বৰ্ণন পোৱা যায়। বৈদিক ধৰ্মত যজ্ঞক কেন্দ্ৰীয় স্থান দিয়া হৈছিল, যাৰ জৰিয়তে দেৱতাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰা হয় বুলি বিশ্বাস কৰা হৈছিল। এই পৰম্পৰাৰ কিছু যজ্ঞ আজিও সীমিত পৰিসৰত পালন কৰা হয়।[2]

উৎপত্তি আৰু বিকাশ

[সম্পাদনা কৰক]

ঐতিহাসিক বৈদিক ধৰ্মৰ শিপা ভাৰত-ইৰানীয় সাংস্কৃতিক পৰম্পৰাত পোৱা যায়, যাৰ সৈতে সিন্তাষ্টা সংস্কৃতি আৰু এণ্ড্ৰ'ন'ভো' সংস্কৃতিৰ সম্পৰ্ক আছে বুলি বহু পণ্ডিতে মত প্ৰকাশ কৰিছে।[3] এই ভাৰত-আৰ্য জনগোষ্ঠীসমূহ মধ্য এছিয়াৰ পৰা উত্তৰ-পশ্চিম ভাৰতলৈ প্ৰব্ৰজন কৰাৰ পাছত, স্থানীয় সংস্কৃতি আৰু অৱশিষ্ট সিন্ধু উপত্যকা সভ্যতাৰ উপাদানৰ সৈতে মিলি বৈদিক ধৰ্মৰ গঠন হয়।[4] খ্ৰীষ্টপূৰ্ব প্ৰায় ১১০০–৫০০ বছৰৰ মাজৰ অন্তিম বৈদিক যুগত, বৈদিক ধৰ্মৰ পৰা ব্ৰাহ্মণ্যবাদ বিকশিত হয়। এই পৰ্বতে কুৰুপাঞ্চাল ৰাজ্যত ব্ৰাহ্মণ পুৰোহিতসকলৰ প্ৰাধান্য বৃদ্ধি পায় আৰু আচাৰ-অনুষ্ঠানে অধিক আনুষ্ঠানিক আৰু বিধানমূলক ৰূপ লয়।[5]

দেৱতা আৰু নৈতিক ধাৰণা

[সম্পাদনা কৰক]

বৈদিক ধৰ্মত বহু দেৱতাৰ পূজা কৰা হৈছিল, যদিও মুখ্য দেৱতাসকলৰ ভিতৰত ইন্দ্ৰ, অগ্নি, বৰুণ, বৰুণ আৰু সোম বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই দেৱতাসকল প্ৰাকৃতিক শক্তি আৰু সামাজিক-নৈতিক শৃঙ্খলাৰ প্ৰতীক আছিল।[6] নৈতিক দিশত, বৈদিক ধৰ্মত সত্য আৰু ঋত ধাৰণাই কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল। ঋতক বিশ্বজগতৰ সুশৃঙ্খল নীতি বা বিশ্ব-ব্যৱস্থা হিচাপে বুজোৱা হৈছিল, যাৰ সৈতে দেৱতা, প্ৰকৃতি আৰু মানৱ সমাজ সংযুক্ত।[7]

পৰৱৰ্তী প্ৰভাৱ

[সম্পাদনা কৰক]

ঐতিহাসিক বৈদিক ধৰ্মক আধুনিক হিন্দুধৰ্মৰ পূৰ্বসূৰী বুলি সাধাৰণতে গ্ৰহণ কৰা হয়, যদিও দুয়োৰে মাজত উল্লেখযোগ্য পাৰ্থক্য আছে। পৰৱৰ্তী যুগত উপনিষদসমূহৰ জৰিয়তে পুনৰ্জন্ম, কৰ্ম আৰু মোক্ষৰ দৰে ধাৰণাসমূহ বিকশিত হয়, যিবোৰ প্ৰাৰম্ভিক বৈদিক ধৰ্মত সম্পূৰ্ণ স্পষ্ট ৰূপত উপস্থিত নাছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Heesterman, J. (2005). Vedism and Brahmanism. The Encyclopedia of Religion, 14, 9552–9553.
  2. Knipe, D. M. (2015). Vedic Voices: Intimate Narratives of a Living Andhra Tradition. Oxford University Press.
  3. Anthony, D. W. (2007). The Horse, the Wheel, and Language. Princeton University Press.
  4. White, D. G. (2003). Kiss of the Yogini. University of Chicago Press.
  5. Witzel, M. (1995). Early Sanskritization: Origin and Development of the Kuru State. Electronic Journal of Vedic Studies, 1(4).
  6. Macdonell, A. A. (1995). Vedic Mythology. Motilal Banarsidass.
  7. Bodewitz, H. W. (2019). Vedic Cosmology and Ethics. Brill.
  8. Michaels, A. (2004). Hinduism: Past and Present. Princeton University Press.