সমললৈ যাওক

ঐশ্বৰিয়া ভাস্কৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঐশ্বৰিয়া ভাস্কৰণ
জন্ম শান্তা মীনা
২৭ মে', ১৯৭১ (৫৪ বছৰ)[1]
চেন্নাই, তামিলনাডু, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৯–১৯৯৫
১৯৯৯–বৰ্তমান
দাম্পত্যসঙ্গী তনৱিৰ আহমেদ (বি. ১৯৯৪; বিবি. ১৯৯৬)
পিতৃ-মাতৃ
  • ভাস্কৰণ
  • লক্ষ্মী
সন্তান
আত্মীয়-স্বজন
  • ৱাই. ভি. ৰাও (ককাদেউতা)
  • কুমাৰী ৰুক্মিণী (আইতা)
  • নুংগম্বকম জনাকী (আজো আইতা)


ঐশ্বৰিয়া ভাস্কৰণ (Aishwariyaa Bhaskaran, প্ৰকৃত নাম: শান্তা মীনা) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল, মালয়ালম, কন্নড়, তেলুগু আৰু হিন্দী চিনেমাৰ লগতে কেইবাখনো মালয়ালম আৰু তামিল টেলিভিছন ছ’প অপেৰাত অভিনয় কৰিছে।[2] তেওঁ অভিনেত্ৰী লক্ষ্মী আৰু ভাস্কৰণৰ জ্যেষ্ঠ কন্যা।

কেৰিয়াৰ

[সম্পাদনা কৰক]

ঐশ্বৰিয়াৰ প্ৰথমখন ছবি আছিল অলিয়মপুকাল (১৯৯১), তাৰ পিছত মামাগাৰু (১৯৯১), ৰাছুকুট্টী (১৯৯২) আৰু মীৰা (১৯৯২)। বাটাৰফ্লাইজ (১৯৯৩) ছবিখনত তেওঁ দুটা চৰিত্ৰত অভিনয় কৰিছিল আৰু গাৰ্ডিছ (১৯৯৩) ছবিখনতো হিন্দী ভাষাত অভিষেক ঘটায়, যিখন ছবি আছিল মালয়ালম চিনেমা কিৰিডামৰ পুনৰ্নিৰ্মাণ। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ মণি ৰত্নমৰ সৈতে থিৰুডা থিৰুডা (১৯৯৩) ছবিত কাম কৰাৰ সুযোগ নাকচ কৰিছিল।[3]

১৯৯৪ চনত বিবাহৰ পিছত ঐশ্বৰিয়াই চলচ্চিত্ৰ জগত এৰি পৰিয়াল ডাঙৰ-দীঘল কৰাটোক অগ্ৰাধিকাৰ দিবলৈ বাছি লয়। অৱশ্যে তেওঁৰ বিবাহ বিচ্ছিন্ন হৈ পৰে আৰু স্বামীৰ নিচাৰ ফলত তেওঁ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰে, যাৰ বাবে ১৯৯৬ চনত বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ বাবে পুনৰ চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰাত অসুবিধা হয়।[3] তেওঁৰ বন্ধু অভিনেত্ৰী ৰেৱতীৰ দ্বাৰা পতিয়ন যোৱাৰ পিছত তেওঁ সুৰেশ চন্দ্ৰ মেননে প্ৰযোজনা কৰা এটা টেলিভিছন শ্ব'ৰ অংশ হ'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। বিবাহ, প্ৰসৱ আৰু বিবাহ বিচ্ছেদৰ ফলত ছবিৰ পৰা চাৰি বছৰীয়া বিৰতিৰ পিছত ঐশ্বৰিয়াই আৰ পাৰ্থিবনৰ হাউচ ফুল (১৯৯৯)ত বোমা নিষ্কাশন দলৰ এজন ভাৰপ্ৰাপ্ত পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰি পুনৰ আত্মপ্ৰকাশ কৰে।[4] শতিকাৰ পৰিৱৰ্তনৰ সময়ছোৱাত তেওঁ সুয়ামৱৰাম (১৯৯৯), সত্যমেৱ জয়তে (২০০০) আৰু নৰসিংহম (২০০০) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি গৈছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ভাস্কৰণ আৰু অভিনেত্ৰী লক্ষ্মীৰ ঘৰত শান্তা মীনা হিচাপে জন্মগ্ৰহণ কৰিছিল ঐশ্বৰিয়াই।

১৯৯৪ চনত তনবীৰ আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পিছলৈ ১৯৯৬ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়।[3][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]