সমললৈ যাওক

ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান (জন্ম: ১২ নৱেম্বৰ ১৯৮৩) হৈছে ভাৰতৰ প্ৰথম প্ৰকাশ্য ট্ৰান্সজেণ্ডাৰ বেসামৰিক সেৱাকৰ্মী। তেওঁ ওড়িশা ফাইনেনচিয়েল চাৰ্ভিচেছ (OFS)-ৰ এগৰাকী বাণিজ্যিক কৰ বিষয়া হিচাপে পাৰাদ্বীপত কৰ্মৰত।[1][2][3]

পাব্লিক চাৰ্ভিচ কমিছনৰ পৰীক্ষাত সফল হৈ তেওঁ ২০১০ চনত OFS-ত যোগদান কৰে। ২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ট্ৰান্সজেণ্ডাৰ সমাজক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিয়াৰ পাছত, ২০১৫ চনত তেওঁ আইনগতভাৱে নিজৰ লিংগ পৰিচয় পৰিৱৰ্তন কৰে।[3][2][4]

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

ঋতুপৰ্ণাৰ জন্ম ওড়িশাৰ কন্ধমাল জিলাকাটিবাগেৰী গাঁৱত হৈছিল। তেওঁৰ পিতৃ বালিলা প্ৰধান এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আছিল।[3] জন্মৰ সময়ত তেওঁৰ নাম আছিল ৰতিকান্ত প্ৰধান।[4]

ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়তে তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ লিংগ পৰিচয় পুৰুষ নহয়, মহিলা।[5]

তেওঁ কৈছে যে বিদ্যালয় জীৱনত তেওঁক উপহাস কৰা হৈছিল, কলেজত যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল আৰু বেচামৰিক সেৱাত যোগদান কৰাৰ পাছত তেওঁৰ সক্ষমতাক লৈ প্ৰশ্ন তোলা হৈছিল। কিন্তু নিজৰ দক্ষতা প্ৰমাণ কৰি আৰু নিজৰ ট্ৰান্স পৰিচয় প্ৰতিষ্ঠা কৰাৰ পাছত, “এতিয়া সকলো তুলনামূলকভাৱে সহজ হৈ পৰিছে” বুলি তেওঁ কয়।[5]

ঋতুপৰ্ণা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেছ কমিউনিকেশ্যন-ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।[6] তেওঁ লোকপ্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এখন ৰাষ্ট্ৰীয় দৈনিকত ইণ্টাৰ্নশ্বিপ কৰাৰ পাছত ঋতুপৰ্ণাই এখন ৰাষ্ট্ৰীয় বেংকত কেৰাণীৰ চাকৰি গ্ৰহণ কৰে। পাছলৈ তেওঁ ৰাজ্যিক বেচামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয়। ২০১০ চনত পুৰুষ হিচাপে বেচামৰিক সেৱাত যোগদান কৰাৰ পাছতো, নিজৰ ট্ৰান্সজেণ্ডাৰ পৰিচয় প্ৰকাশ কৰিবলৈ তেওঁক পাঁচ বছৰতকৈও অধিক সময় লাগিছিল।[4]

সম্মতিপূৰ্ণ সমকামী যৌন সম্পৰ্কক অপৰাধমুক্ত ঘোষণা কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত, তেওঁ ট্ৰান্স সমাজৰ এজন জীৱন-সংগীৰ সৈতে বিবাহ কৰাৰ পৰিকল্পনা ঘোষণা কৰে।[4] বিবাহৰ পাছত তেওঁ এগৰাকী অনাথ কন্যাক দত্তক লোৱাৰ সিদ্ধান্ত লৈছে।[4]

তেওঁ কয়— “মোৰ লিংগ পৰিচয়ে মোৰ দায়িত্ব আৰু কৰ্তব্য পালনত কেতিয়াও বাধা সৃষ্টি কৰা নাই। সাধাৰণ জনতাই মোৰ কামক সন্মান কৰে। তৃতীয় লিংগ হিচাপে মই কেতিয়াও নিজকে হীন অনুভৱ কৰা নাই।”[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Odisha Government Officer Makes Public Her Transgender Identity". NDTV. 20 December 2015. http://www.ndtv.com/india-news/odisha-government-officer-makes-public-her-transgender-identity-1257047. 
  2. 2.0 2.1 "Paving the Way – India's First Transgender Civil Servant". Centre for Social Research. 9 July 2016. Archived from the original on 12 July 2016. https://web.archive.org/web/20160712184651/http://gendermatters.in/2016/07/transgender-civil-servant/। আহৰণ কৰা হৈছে: 10 July 2016. 
  3. 3.0 3.1 3.2 "Transgender Rutuparna, OFS, juggles time between work, community". Orissa Post. 17 December 2015. http://www.orissapost.com/transgender-rutuparna-ofs-juggles-time-between-work-community/. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "Odisha's First Transgender Civil Servant Plans Marriage After 377 Order". NDTV. https://www.ndtv.com/india-news/sec-377-verdict-odishas-first-transgender-aishwarya-rutuparna-pradhan-plans-marriage-1913893. 
  5. 5.0 5.1 Maninder Dabas (1 July 2016). "Meet Aishwarya Pradhan – India's First Transgender Civil Servant". Indiatimes. http://www.indiatimes.com/news/india/meet-aishwarya-pradhan-india-s-first-transgender-civil-servant-255688.html। আহৰণ কৰা হৈছে: 10 July 2016. 
  6. "IIMC alumni meet held in Bhubaneswar". The Times of India. 23 March 2016. http://timesofindia.indiatimes.com/city/bhubaneswar/iimc-alumni-meet-held-in-bhubaneswar/articleshow/51519034.cms. 
  7. Vandita Kapoor (24 December 2015). "Bravo, Madam: This Public Officer in Odisha Decided to Go Public with Her Transgender Identity". The Better India. http://www.thebetterindia.com/40844/transgender-government-officer-odisha/.