ওড়িশাৰ শিলৰ খোদাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ওড়িশাৰ শিলৰ খোদাই
ভৌগোলিক স্বীকৃতি
Stone work at Konark Orissa India.jpg
কোণাৰ্কত শিলৰ খোদাই
বিকল্প নাম কোণাৰ্কৰ শিলৰ খোদাই
প্ৰকাৰ হস্তশিল্প
অঞ্চল কোণাৰ্ক, পুৰী জিলা, ওড়িশা
দেশ ভাৰত
উপাদান শিল

ওড়িশাৰ শিলৰ খোদাই (ইংৰাজী: Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা হয়। শিলৰ খোদাই হৈছে ওড়িশাৰ অন্যতম মুখ্য হস্তশিল্প। কলা প্ৰকাৰত মুখ্যতঃ ৰীতিগতভাবে খোদিত কৰা হয়।[1] কোণাৰ্কৰ সূৰ্য মন্দিৰ আৰু ইয়াৰ জটিল ভাস্কৰ্যসমূহে ৰঙা উজ্জ্বল বালিশিলৰ ওপৰত সূক্ষ্ম খোদাই কৰা প্ৰথাক প্ৰদৰ্শন কৰে। উদয়গিৰি আৰু ৰত্নাগিৰিৰ স্তূপ আৰু জগন্নাথ, লিঙ্গৰাজ, মুক্তেশ্বৰ আৰু লগতে অঞ্চলটোৰ অন্যান্য মন্দিৰসমূহত এই প্ৰাচীন কলাৰ নিদৰ্শন পোৱা যায়।

ব্যৱহৃত শিলসমূহ[সম্পাদনা কৰক]

কোণাৰ্ক শিলৰ কাৰু-কাৰ্যত বালিয়া শিল, চাবোন শিল, ছাৰ্পিনাইট, মাকৰানা মাৰ্বল আৰু গ্ৰেনাইট ব্যৱহাৰ কৰা হৈছিল।[2] দক্ষতাপূৰ্ণ শিল্পীসকলে কোমল, বগা চাবোন শিল, খাদিপাথৰা, বা অলপ কঠিন সেউজীয়া ক্লোৰাইট বা কোচিলাপাথৰ ব্যৱহাৰ কৰিব পাৰে। গোলাপী খাণ্ড'লাইট, সাহানাপাথৰ বা বাউলাপাথৰ আৰু সকলোতকৈ কঠিন শিল, ক'লা গ্ৰেনাইট আৰু মুগুনি পাথৰ সাধাৰণতে এই কলাত ব্যৱহাৰ কৰা হয়।

প্ৰক্ৰিয়া[সম্পাদনা কৰক]

প্ৰথমে প্ৰয়োজনীয় আকাৰৰ শিলত এক প্ৰকাৰৰ ৰূপৰেখা অংকন কৰা হয়। ৰূপৰেখা অংকন কৰাৰ পিছত অবাঞ্ছিত অংশবোৰ খোদিত কৰি আঁতৰ কৰা হয়। এনেদৰে কঠিন পৰিশ্ৰমৰ অন্তত অন্তিম পৰ্যায়ত শিলৰ আকৃতি বিধ উলিয়াই অনা হয়। কঠিন শিলৰ বাবে অতিৰিক্ত অলাগতিয়াল অংশখিনি চেনিৰ সহায়ত উলিয়াই অনা হয়। কোমল শিলৰ বাবে অতিৰিক্ত অলাগতিয়াল অংশখিনি তীক্ষ্ণ সমতল ধাৰযুক্ত লোৰ সঁজুলি ৰেটিৰে উলিয়াই লোৱা হয়। ইয়াৰ লগতে বিভিন্ন আকাৰৰ হাতুৰি আৰু চেনি ব্যৱহাৰ কৰা হয় (যেনে মুনা, পাটিলি, মাৰতুল, থুক-থুকি আৰু নিতানা ইত্যাদি)।

সামগ্ৰীসমূহ[সম্পাদনা কৰক]

ওড়িশাৰ শিলৰ খোদাইৰ মূল বিষয় হিচাপে পৰম্পৰাগত আকৃতি আৰু পৌৰাণিক দেৱ-দেৱী। এই কলাত ইয়াৰ লগতে মমবাতিৰ ষ্টেণ্ড, কলমৰ ষ্টেণ্ড, পেপাৰৱেট, বুকএণ্ড, লেম্পৰ বেচ আৰু শিলেৰে তৈয়াৰ কৰা বাচনৰ দৰে পাকঘৰৰ সামগ্ৰীও সৃষ্টি কৰা হয়। কুণ্ড নামৰ কাঠৰ লেথ মেচিনেৰে ঘূৰাই সামগ্ৰীসমূহ পলিছ কৰা হয়। কাৰুশিল্পীসকলে সুন্দৰ পলিছ কৰা প্লেট (থাল), পাত্ৰ (জিনা, পাথৰি), কাপ আৰু চশমা প্ৰস্তুত কৰে। এইবোৰ পূজা, পাৰম্পৰিক ৰীতি-নীতি আৰু দৈনিক ব্যৱহাৰ কৰা হয়। শিলৰ পাত্ৰবোৰ দৈ সংৰক্ষণ কৰাৰ বাবে বিশেষকৈ ভাল কিয়নো ইয়াৰ সৈতে দৈৰ এচিডৰ প্ৰতি প্ৰতিক্ৰিয়া নকৰে। শিলৰ পাত্ৰবোৰ পানীৰে ভৰ্তি কৰি পোক-পৰুৱা বাহিৰলৈ ৰাখিবলৈ কাঠৰ অলমাৰীৰ খুৰাত ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।[3]

ভৌগোলিক স্বীকৃতি[সম্পাদনা কৰক]

২০০৮ চনৰ জুলাই মাহত এই শিল্পয়ে ভাৰত চৰকাৰৰ পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা কোণাৰ্ক শিলৰ খোদাই হিচাপে ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।

তথ্য উৎস[সম্পাদনা কৰক]