সমললৈ যাওক

ওমৰ মোৱানেছ য়াঘী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওমৰ মোৱানেছ য়াঘী

২০২৫ চনত ওমৰ মোৱানেছ য়াঘী
জন্ম ওমৰ মোৱানেছ য়াঘী
০৯ ফেব্ৰুৱাৰী, ১৯৬৫ (৬০ বছৰ)
আম্মান, জৰ্দান
নাগৰিকত্ব
  • জৰ্দানীয়ান
  • চৌদী
  • আমেৰিকীয়
জাতীয়তা ১৯৪৮ চনত ইজৰাইলৰদ্বাৰা পেলেষ্টাইনী বহিষ্কাৰৰ সময়ত গাজাৰপৰা পলায়ন কৰা এটা পেলেষ্টাইনী পৰিয়ালত জন্ম।
ক্ষেত্ৰ ৰসায়ন বিজ্ঞান
কৰ্মস্থান এৰিজোনা ষ্টেট ইউনিভাৰ্চিটি টেম্পে কেম্পাছ,মিছিগান বিশ্ববিদ্যালয়,কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ; কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
ডক্তৰেল পৰামৰ্শদাতা ৱাল্টাৰ জি ক্লেম্পাৰাৰ
আন শৈক্ষিক পৰামৰ্শদাতা ৰিচাৰ্ড এইচ্ছ হোম (পোষ্ট ডক)
জনা যায় ৰেটিকুলাৰ ৰসায়ন
ধাতু-জৈৱিক কাঠামো
উল্লেখনীয় বঁটা ৰসায়ন বিজ্ঞানৰ উল্ফ বঁটা (২০১৮)
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০২৫)

ওমৰ মোৱানেছ য়াঘী (ইংৰাজী: Omar Mwannes Yaghi) এজন ৰসায়নবিদ। তেওঁ ৰেটিকুলাৰ ৰসায়ন বিজ্ঞানৰ লগত জড়িত এজন অগ্ৰণী বিজ্ঞানী আৰু ধাতু–জৈৱিক কাঠামো (MOF)ৰ বিকাশৰ বাবে বেছিকৈ পৰিচিত। এই কামৰ বাবে তেওঁ ৰিচাৰ্ড ৰবছন আৰু চুছুমু কিটাগাৱাৰ ২০২৫ চনৰ ৰসায়ন বিজ্ঞান ন'বেল বঁটা লাভ কৰে।[1]

য়াঘী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ জেমছ এণ্ড নীল্টজে ট্ৰেটাৰ এনডাউড চেয়াৰ। তেওঁ লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ এজন সংযুক্ত বিজ্ঞানী, বাৰ্কলে গ্ল'বেল চাইন্স ইনষ্টিটিউটৰ প্ৰতিষ্থাপক সঞ্চালক আৰু আমেৰিকাৰ নেচনেল একাডেমী অৱ চাইন্স[2] আৰু জাৰ্মান নেচনেল একাডেমী অৱ চাইন্সেছ লিঅ'পলডিনাৰ সদস্য।[3][4] ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁ সাংস্কৃতিক আৰু বৈজ্ঞানিক উন্নতিৰ প্ৰসাৰ ঘটোৱা আন্তঃৰাষ্ট্ৰীয় সংস্থা বিশ্ব সাংস্কৃতিক পৰিষদৰ সপ্তম সভাপতি হয়।[5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ওমৰ মোৱানেছ য়াঘীৰ ১৯৬৫ চনৰ ৯ ফেব্ৰুৱাৰীত আম্মানত জন্ম হয়।[6] ১৯৪৮ চনত গাজাৰপৰা পলায়ন কৰা পেলেষ্টাইনী শৰণাৰ্থী পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল।[7] [8][9] তেওঁ বহুত ল’ৰা-ছোৱালী থকা ঘৰ এখনত জন্ম হৈছিল,[10] তেওঁলোক সকলোৱে এটা কোঠাত বাস কৰিছিল য’ত পৰিয়ালটোৰ পশুধনো আছিল। [11]পৰিয়ালটোৰ বিশুদ্ধ পানীৰ সুবিধা সীমিত আছিল আৰু বিদ্যুতৰ ব্যৱস্থাও নাছিল। [12] [13]

১৫ বছৰ বয়সত পিতৃৰ উৎসাহত তেওঁ আমেৰিকালৈ গুচি যায়।[14] যদিও তেওঁ ইংৰাজী কম জানিছিল, তথাপি তেওঁ হাডছন ভেলী কমিউনিটি কলেজত শ্ৰেণী আৰম্ভ কৰিছিল আৰু পিছলৈ আলবানিৰ নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটিলৈ বদলি হৈছিল আৰু তাৰপৰাই তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ আৰ্বানা–চেম্পেইনৰ ইলিনয় বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯০ চনত ৱালটাৰ জি ক্লেম্পাৰেৰৰ নিৰ্দেশনাত পি এইচ ডি লাভ কৰে। ইয়াৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত (১৯৯০–১৯৯২) ৰিচাৰ্ড এইচ হোমৰ অধীনত নেচনেল চাইন্স ফাউণ্ডেশ্যনৰ পোষ্ট ডক্টৰেট ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰে।[15]

২০২১ চনত য়াঘীক ৰাজকীয় আদেশৰ জৰিয়তে ছৌদি নাগৰিকত্ব প্ৰদান কৰা হয়।[16]

শৈক্ষিক কেৰিয়াৰ

[সম্পাদনা কৰক]

য়াঘীয়ে এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ সহকাৰী অধ্যাপক হিচাপে শৈক্ষিক জীৱন আৰম্ভ কৰে (১৯৯২–১৯৯৮)। ইয়াৰ পিছত তেওঁ মিছিগান বিশ্ববিদ্যালয়ত ৰবাৰ্ট ডব্লিউ পেৰী ৰসায়ন বিজ্ঞানৰ অধ্যাপক পদ (১৯৯৯–২০০৬) লাভ কৰে, তাৰ পিছত ক্ৰিষ্টোফাৰ এছ ফুটে ৰসায়ন বিজ্ঞানৰ অধ্যাপক পদ আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ভৌতিক বিজ্ঞানৰ আৰভিং আৰু জিন ষ্টোন চেয়াৰ (২০০৭–২০১২) লাভ কৰে।[17]

২০১২ চনত তেওঁ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু তাত তেওঁ ৰসায়ন বিজ্ঞানৰ জেমছ এণ্ড নীল্টজে ট্ৰেটাৰৰ অধ্যাপক পদত অধিষ্ঠিত হয়। ২০১২ চনৰপৰা ২০১৩ চনলৈকে তেওঁ লৰেন্স বাৰ্কলি নেচনেল লেবৰেটৰীৰ মলিকুলাৰ ফাউণ্ড্ৰিৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰ্কলে গ্ল’বেল চাইন্স ইনষ্টিটিউটৰ প্ৰতিষ্থাপক সঞ্চালক আৰু ইউ চি বাৰ্কলে আৰু লৰেন্স বাৰ্কলে নেশ্যনেল লেবৰেটৰীৰ অংশীদাৰিত্ব কাভলি এনাৰ্জি নেন’ছায়েন্স ইনষ্টিটিউটৰ সহ-সঞ্চালক। তেওঁ বিএএছএফৰ কেলিফৰ্ণিয়া ৰিচাৰ্চ এলায়েন্স আৰু বাকাৰ ইনষ্টিটিউট অৱ ডিজিটেল মেটেৰিয়েলছ ফৰ দ্য প্লেনেটৰ সহ-পৰিচালক।[18]

২০২৫ চনৰ মে' মাহত ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ব'ৰ্ড অৱ ৰিজেণ্টছে য়াঘীক বিশ্ববিদ্যালয়ৰ অধ্যাপক পদবীলৈ উন্নীত কৰে, যিটো ব্যৱস্থাটোৰ সৰ্বোচ্চ সন্মান-সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পণ্ডিতসকলৰ বাবে সংৰক্ষিত।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nobel Prize in Chemistry 2025" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/chemistry/2025/press-release/। আহৰণ কৰা হৈছে: 2025-10-08. 
  2. " National Academy of Sciences Elects Members and Foreign Associates ", National Academy of Sciences, Retrieved on 30 April 2019.
  3. " List of Members Expert Search Professor Dr. Omar M. Yaghi ", German National Academy of Sciences Leopoldina "], Retrieved on 9 June 2023.
  4. " Omar Yaghi appointed as University Professor ", UC Berkeley College of Chemistry "], Retrieved on 26 June 2025.
  5. " Our President ", World Cultural Council, Retrieved on 25 July 2025.
  6. Khan, Ghazanfar Ali (February 4, 2015). "Dr. Zakir Naik wins King Faisal award" (en ভাষাত). Arab News. https://www.arabnews.com/node/699326/amp। আহৰণ কৰা হৈছে: 2025-10-09. 
  7. সাঁচ:Cite EBO
  8. Ahlander, Johan; Pollard, Niklas; Mannes, Marie (October 8, 2025). "Trio win Nobel chemistry prize for work on 'Hermione's handbag' materials". Reuters. https://www.reuters.com/science/kitagawa-robson-yaghi-win-2025-nobel-prize-chemistry-2025-10-08/. 
  9. " Omar Yaghi Winner of Wolf Prize in Chemistry – 2018 " Archived 2022-05-17 at the Wayback Machine, Wolf Foundation, Retrieved on 4 March 2018.
  10. "A long 'journey' for Nobel chemistry winner born to Palestinian refugees" (en-US ভাষাত). The Washington Post. 2025-10-08. ISSN 0190-8286. https://www.washingtonpost.com/world/2025/10/08/nobel-prize-palestinian-omar-yaghi-chemistry/. "Yaghi grew up in Amman, Jordan, where his parents moved after fleeing Gaza in 1948, when hundreds of thousands of Palestinians were forced from their homes amid sectarian fighting in what would soon become Israel." 
  11. "فوز عمر ياغي الأردني من أصل فلسطيني بجائزة نوبل في الكيمياء". Arab 48. October 8, 2025. https://www.arab48.com/amp/%D8%A3%D8%AE%D8%A8%D8%A7%D8%B1-%D8%B9%D8%B1%D8%A8%D9%8A%D8%A9-%D9%88%D8%AF%D9%88%D9%84%D9%8A%D8%A9/%D8%A3%D8%AE%D8%A8%D8%A7%D8%B1-%D8%AF%D9%88%D9%84%D9%8A%D8%A9/2025/10/08/%D9%81%D9%88%D8%B2-%D8%B9%D9%85%D8%B1-%D9%8A%D8%A7%D8%BA%D9%8A-%D8%A7%D9%84%D8%A3%D8%B1%D8%AF%D9%86%D9%8A-%D9%85%D9%86-%D8%A3%D8%B5%D9%84-%D9%81%D9%84%D8%B3%D8%B7%D9%8A%D9%86%D9%8A-%D9%88%D8%A7%D9%84%D8%AD%D8%A7%D9%85%D9%84-%D9%84%D9%84%D8%AC%D9%86%D8%B3%D9%8A%D8%A9-%D8%A7%D9%84%D8%A3%D9%85%D9%8A%D8%B1%D9%83%D9%8A%D8%A9-%D8%A8%D8%AC%D8%A7%D8%A6%D8%B2%D8%A9-%D9%86%D9%88%D8%A8%D9%84-%D9%81%D9%8A-%D8%A7%D9%84%D9%83%D9%8A%D9%85%D9%8A%D8%A7%D8%A1. 
  12. " A Pioneer in Reticular Chemistry: Shaping a Sustainable Future – Omar M. Yaghi ", [ Tang Prize documentary ], Retrieved on 19 May 2025.
  13. " Omar Yaghi: Harvesting water from desert air ", [ Molecular Frontiers Symposium "Planet Earth: A Scientific Journey", at Stockholm University, May 9–10, 2019 ], Retrieved on 30 December 2019.
  14. " The Alchemist " Archived 2018-08-28 at the Wayback Machine, Forbes, Retrieved on 1 February 2018.
  15. Yaghi, Omar M. (1990). Synthesis, structure, and reactivity of polyoxovanadates in nonaqueous media (PhD thesis). সাঁচ:ProQuest. OCLC 774917622. 
  16. "Internationally renowned chemist Omar Yaghi 'honored to accept Saudi citizenship'". arabnews.com. 14 November 2021. https://www.arabnews.com/node/1967886/saudi-arabia. 
  17. "Wolf Prize in Chemistry: M. Fujita and O. M. Yaghi / Albrecht Kossel Prize: A. Beck-Sickinger". Angewandte Chemie International Edition খণ্ড 57 (13): 3287. 2018. doi:10.1002/anie.201802237. PMID 29504702. https://onlinelibrary.wiley.com/doi/full/10.1002/anie.201802237. 
  18. " New institute brings together chemistry and machine learning to tackle climate change ", Retrieved on 21 September 2022.
  19. " Omar Yaghi appointed as University Professor ", UC Berkeley College of Chemistry, Retrieved on 25 July 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

উৎস: https://www.nobelprize.org/prizes/about/prize-announcement-dates/