ওম প্ৰকাশ আগৰৱাল
| ডা° ওম প্ৰকাশ আগৰৱালা | |
|---|---|
| জন্ম | ২২ অক্টোবৰ, ১৯৩১ ভাৰত |
| মৃত্যু | ১৫ আগষ্ট, ২০২১ (৮৯ বছৰ) |
| অন্য নাম | ডা° অ’ পি আগৰৱালা |
| পেচা | সংৰক্ষণবাদী |
| জনা যায় | কলা সংৰক্ষণ, স্থাপত্য ঐতিহ্য সংৰক্ষণ |
| দাম্পত্যসঙ্গী | উষা আগৰৱাল (বি. ১৯৫৫) |
| সন্তান | ২ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী আন্তৰ্জাতিক সংগ্ৰহালয় পৰিষদ বঁটা আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পত্তিৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰ কেন্দ্ৰ ( ICCROM ) বঁটা |
ওম প্ৰকাশ আগৰৱাল (ইংৰাজী: Om Prakash Agrawal ২২ অক্টোবৰ ১৯৩১ – ১৫ আগষ্ট ২০২১) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু সাংস্কৃতিক ঐতিহ্য আৰু সংৰক্ষণৰ সৈতে জড়িত কেইবাটাও সংস্থা যেনে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH),[1] ইণ্ডিয়ান কাউন্সিল অৱ কনজাৰ্ভেচন ইনষ্টিটিউট (ICCI) আৰু নেচনেল ৰিচাৰ্চ লেবৰেটৰী ফৰ দ্য কনজাৰ্ভেচন অৱ কালচাৰেল প্ৰপাৰ্টি (NRLC) আদিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ ইনটাচ ইণ্ডিয়ান কনজাৰ্ভেচন ইনষ্টিটিউটৰ সঞ্চালক প্ৰধান আৰু আইচিচিআই আৰু এনআৰএলচিৰ সঞ্চালক প্ৰধান আছিল।[2] ভাৰত চৰকাৰে ২০১১ চনত তেওঁক সন্মান জনাই সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ আগ বঢে়াৱা অৱদানৰ বাবে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[3]
জীৱনী
[সম্পাদনা কৰক]১৯৩১ চনৰ ২২ অক্টোবৰত জন্মগ্ৰহণ কৰা ওম প্ৰকাশ আগৰৱালে ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী (এম এছ চি) লাভ কৰিছিল।[2] ১৯৭৬ চনত লক্ষ্ণৌৰ নেচনেল ৰিচাৰ্চ লেবৰেটৰী ফৰ কনজাৰ্ভেচন অৱ কালচাৰেল প্ৰপাৰ্টি (NRLC)ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল[4] আৰু ১৯৮৫ চনলৈকে ইয়াৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাত থকা সময়ছোৱাত তেওঁ পুপুল জয়কাৰৰ নেতৃত্বৰ এটা গোটত যোগদান কৰে আৰু ১৯৮৪ চনত ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH) প্ৰতিষ্ঠা কৰে।[1] জানিব পৰা মতে ১৯৮৫ চনত নেশ্যনেল মিছন ফৰ মেনুস্ক্ৰিপ্টছৰ আঁত ধৰি ইণ্ডিয়ান কনজাৰ্ভেশ্যন ইনষ্টিটিউটক ইণ্টাচ ইউনিট হিচাপে গঠন কৰাত আগৰৱালে ভূমিকা লৈছিল আৰু এন আৰ এল চিৰপৰা অৱসৰ লোৱাৰ পাছত প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান হিচাপে যোগদান কৰে, যিটো পদ তেওঁ মৃত্যুলৈকে আছিল।[5] তেওঁ ইণ্ডিয়ান কাউন্সিল অৱ কনজাৰ্ভেচন ইনষ্টিটিউটৰ (আইচিচিআই)ৰ প্ৰাক্তন সঞ্চালক প্ৰধান আৰু আন্তৰ্জাতিক সাংস্কৃতিক সম্পত্তিৰ জৈৱ-অৱক্ষয় পৰিষদৰ (আইচিবিচিপি) সভাপতি আছিল।[6] তেওঁ মিউজিয়াম এছ'চিয়েচন অৱ ইণ্ডিয়া[7]আৰু ইণ্ডিয়ান এছ'চিয়েচন ফৰ দ্য ষ্টাডি অৱ কনজাৰ্ভেচন অৱ কালচাৰেল প্ৰপাৰ্টিৰ প্ৰাক্তন সভাপতি।[8]
আগৰৱাল ইণ্ডিয়ান এছ'চিয়েচন ফৰ দ্য ষ্টাডি অৱ কনজাৰ্ভেচন অৱ কালচাৰেল প্ৰপাৰ্টি (এফআইএএছচি) আৰু ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ কনজাৰ্ভেচন (এফআইআইচি)ৰ সন্মানীয় ফেলো আছিল।[2] ইউনেস্কো, ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ দ্য প্ৰিজাৰ্ভেচন এণ্ড ৰিষ্ট’ৰেচন অৱ কালচাৰেল প্ৰপাৰ্টি (আইচিচিআৰএম), ইণ্টাৰনেশ্যনেল কাউন্সিল অৱ মিউজিয়ামছ (আইচিঅ’এম), আৰু চাউথইষ্ট এছিয়ান ৰিজিঅ’নেল চেণ্টাৰ ফৰ আৰ্কিঅ’লজি এণ্ড ফাইন আৰ্টছ (এছপিএএফএ) আদি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰামৰ্শদাতা হিচাপে আৰু নেশ্যনেল ৰিচাৰ্চ লেবৰেটৰী ফৰ দ্য কনজাৰ্ভেচন অৱ কালচাৰেল প্ৰপাৰ্টি (এনআৰএলচি)ৰ ব’ৰ্ডৰ সদস্য হিচাপেও কাম কৰিছিল। তেওঁ ২০০ৰো অধিক প্ৰবন্ধৰ লেখক[9] আৰু লেখক হিচাপে বা সম্পাদক হিচাপে ৩৭খন গ্ৰন্থ প্ৰকাশ কৰিছে।[10][11][12][13]
ডিলিট (অনৰিছ কাউছা) ডিগ্ৰীধাৰী আগৰৱালে ১৯৯০ চনত আইচিঅ'এম বঁটা আৰু ১৯৯৩ চনত আইচিচিআৰএম বঁটা লাভ কৰিছিল।[2][14] ২০১১ চনত পদ্মশ্ৰী অসামৰিক বঁটাৰ বাবে ভাৰত চৰকাৰে তেওঁক গণৰাজ্য দিৱসৰ সন্মান তালিকাত অন্তৰ্ভুক্ত কৰে।[3] ১৯৯১ চনৰপৰা ইনটাচ ইণ্ডিয়ান কনজাৰ্ভেচন ইনষ্টিটিউটৰ কাৰ্যসূচীৰ পৰিচালক উষা আগৰৱালৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হয়।[5]
২০২১ চনৰ ১৫ আগষ্টত ৮৯ বছৰ বয়সত ওম প্ৰকাশ আগৰৱালৰ মৃত্যু হয়।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Intach". v. 2015. http://www.intach.org/people-fmembers.php। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ 2.0 2.1 2.2 2.3 "Don Head". Don Head. 2015. Archived from the original on 23 September 2015. https://web.archive.org/web/20150923215902/http://www.donhead.com/journal_architectural_conservation/jac_8_3.htm। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ 3.0 3.1 "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ "NRLC". NRLC. 2015. Archived from the original on 11 February 2015. https://web.archive.org/web/20150211042017/http://www.nrlc.gov.in/english/index.htm। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ 5.0 5.1 "Cultural Heritage Connections". Cultural Heritage Connections. 2015. http://www.culturalheritageconnections.org/wiki/Indian_Council_of_Conservation_Institute। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ "ICBCP". ICBCP. 2015. Archived from the original on 15 February 2015. https://web.archive.org/web/20150215202325/http://icbcp.in/Executivecommittee.aspx। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ "Museum Association of India". Museum Association of India. 2015. http://museumsai.com/। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ "Indian Association for the Study of Conservation of Cultural Property". Indian Association for the Study of Conservation of Cultural Property. 2015. http://www.iascheritage.com/। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ "ISBNS Profile". ISBNS Profile. 2015. http://www.isbns.gd/author/Om_Prakash_Agrawal। আহৰণ কৰা হৈছে: 11 March 2015.[সংযোগবিহীন উৎস]
- ↑ Om Prakash Agrawal, Shashi Dhawan. Recent Trends in Conservation of Art Heritage. Abe Books. ISBN 9788173200236. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402133050/http://www.isbns.gd/isbn/9788173200236। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ Om Prakash Agrawal, Nanda Amara Wickramasinghe (2003). Materials and Techniques of Ancient Wall Paintings of Sri Lanka. Sandeep Prakashan. পৃষ্ঠা. 175. ISBN 9788175741287. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402141930/http://www.isbns.gd/isbn/9788175741287। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ Om Prakash Agrawal, Rashmi Pathak (2002). The Examination and Conversation of Wall Paintings. Sandeep Prakashan. পৃষ্ঠা. 245. ISBN 9788175740976. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402161532/http://www.isbns.gd/isbn/9788175740976। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ Mandana Barkeshli, Om Prakash Agrawal (1997). Conservation of Books, Manuscripts, and Paper Documents. Indian National Trust for Art and Cultural Heritage. পৃষ্ঠা. 312. https://books.google.com/books?id=n9HiHAAACAAJ.
- ↑ "ICCROM Award". International Centre for the Study of the Preservation and Restoration of Cultural Property. 2015. http://www.iccrom.org/about/iccrom-award/। আহৰণ কৰা হৈছে: 11 March 2015.
- ↑ "Dr. Om Prakash Agrawal (1931–2021)". ICCROM. https://www.iccrom.org/news/dr-om-prakash-agrawal-1931–2021। আহৰণ কৰা হৈছে: 19 December 2023.