সমললৈ যাওক

ওৰাং মাৱাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ ইয়াক ওৰাং ডালাম (Orang Dalam) বুলিও জনা যায়৷ এই জীৱবোৰ মালয়েছিয়াৰ জোহৰৰ জংঘলত বাস কৰা বুলি কোৱা হয়।

ওৰাং মাৱাছ প্ৰায় ২.৪–৩ মিটাৰ (৭ ফুট ১০ ইঞ্চি – ৯ ফুট ১০ ইঞ্চি) ওখ, দ্বিপদী আৰু ক'লা নোমেৰে আবৃত বুলি বৰ্ণনা কৰা হৈছে আৰু ই মাছ খাই আৰু ফলৰ বাগিচাত অভিযান চলাই বুলি কোৱা হৈছে।

মৌখিক সাক্ষ্য

[সম্পাদনা কৰক]

স্থানীয় ওৰাং আছলি জনগোষ্ঠীৰ লোকসকলে হাণ্টু জৰাং গিগি বুলি কোৱা এই জীৱটোক বহুবাৰ বহুলোকে দেখা পাইছে বুলি দাবী কৰে৷ স্থানীয় ভাষাত হাণ্টু জৰাং গিগি শব্দৰ অৰ্থ হৈছে "উচলা-দাঁতৰ ভূত"।[1] মাৱাছক দেখা পোৱাৰ লিপিবদ্ধ দাবী ১৮৭১ চনৰ পৰাই পোৱা যায়।[2]

কিছুমানে অনুমান কৰে যে এই জীৱটো হয়তো জীয়াই থকা জিগানটপিথেকাছ (বা অন্ততঃ প্ৰাণীটোৰ লোক স্মৃতি) হ’ব পাৰে, আনহাতে বৈজ্ঞানিক সমাজে এই দৃশ্যবোৰক ভুল চিনাক্তকৰণ কৰা সূৰ্য ভালুক বুলি উলাই কৰিব বিচাৰে। দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহতো একেধৰণৰ জীৱৰ তথ্য পোৱা যায়, যেনে ফিলিপাইনছৰ মুৱা (Muwa) বা দক্ষিণ থাইলেণ্ডৰ বুটনাক (Butnak, থাই: บุดนาก[3])।

সুমাত্ৰাত মাৱাছ (কেতিয়াবা মাইয়াছ) ওৰাঙোটাঙৰ এটা সাধাৰণ নাম।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Malaysian man-ape seen". Fortean Times (Dennis Consumer Division) (207): 4–5. April 2006.
  2. McGirk, Jan (2006-02-25). "Stalking Bigfoot". The Hamilton Spectator. http://www.hamiltonspectator.com/NASApp/cs/ContentServer?pagename=hamilton/Layout/Article_Type1&c=Article&cid=1140824435846&call_pageid=1020420665036&col=1112188062620 আহৰণ কৰা হৈছে: 2006-08-06.
  3. White dress (2014-08-21). "5 สัตว์ประหลาดที่มีคนอ้างว่าพบเห็นในประเทศไทย [5 monsters that are claimed to be seen in Thailand]" (th ভাষাত). dek-d. https://www.dek-d.com/board/view/3365821/ আহৰণ কৰা হৈছে: 2017-03-10.
  4. Rubis, June Mary (2020). "The orang utan is not an indigenous name: knowing and naming the maias as a decolonizing epistemology". Cultural Studies খণ্ড 34 (5): 811–830. doi:10.1080/09502386.2020.1780281.