ঔৰত (১৯৪০ চলচ্চিত্ৰ)
| ঔৰত | |
|---|---|
ফিল্ম পোষ্টাৰ | |
| পৰিচালক | মেহবুব খান |
| ৰচনা | বাবুভাই মেহতা ৱাজাহত মিৰ্জা |
| অভিনয়ত | চৰ্দাৰ আখতাৰ |
| চিত্ৰগ্ৰহণকাৰী | ফিৰদুন ইৰাণী |
| সম্পাদনা | চামচুদ্দিম কাদ্ৰী |
| সংগীত পৰিচালক | অনিল বিশ্বাস |
| পৰিবেশক | নেচনেল পিকচাৰ্ছ |
মুক্তি |
১৯৪০ |
দৈৰ্ঘ্য |
১৫৪ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দু[1] |
ঔৰত (ইংৰাজী: Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ। পিছলৈ মেহবুব খানে এই ছবিখন মাদাৰ ইণ্ডিয়া (১৯৫৭) নামেৰে পুনৰ নিৰ্মাণ কৰে,[2] যিখন ছবি ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ অন্যতম হিট ছবি বুলি গণ্য কৰা হয়।
কাহিনী
[সম্পাদনা কৰক]ৰাধা (চৰ্দাৰ আখতাৰ) এগৰাকী অদম্য মহিলা, তিনিজন পুত্ৰক খুৱাবলৈ আৰু গাঁৱৰ লুণ্ঠনকাৰী সুদখোৰ মহাজন সুখীলালাৰ (কানহাইয়ালাল) ধন পৰিশোধ কৰিবলৈ কষ্ট কৰি আছে। যেতিয়া তেওঁ আকৌ গৰ্ভৱতী হোৱাৰ কথা গম পায়, তেতিয়া তেওঁৰ স্বামী শমু (অৰুণ কুমাৰ আহুজা) পলাই যায়। পিছলৈ ডাঙৰ সন্তান দুটাৰ মৃত্যু হয় আৰু তেওঁৰ মাত্ৰ দুজন পুত্ৰ জী থাকে- ৰামু আৰু বিৰজু। বিৰজু পিছলৈ ডকাইতলৈ পৰিবৰ্তন হয়; যিয়ে সুখীলালাক হত্যা কৰি শৈশৱৰ প্ৰেয়সীক অপহৰণ কৰি লৈ যায়। ফলত গাঁওবাসীয়ে ৰাধা আৰু ৰামুক গাঁৱৰ পৰা বাহিৰ কৰি দিয়ে। অৱশেষত ৰাধাই বীৰজুক তেওঁক অপমান কৰাৰ বাবে হত্যা কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Aḵẖtar, Jāvīd; Kabir, Nasreen Munni (2002). Talking Films: Conversations on Hindi Cinema with Javed Akhtar. Oxford University Press. পৃষ্ঠা. 49. ISBN 9780195664621. https://books.google.com/books?id=_JILAQAAMAAJ. "most of the writers working in this so-called Hindi cinema write in Urdu: Gulzar, or Rajinder Singh Bedi or Inder Raj Anand or Rahi Masoom Raza or Vahajat Mirza, who wrote dialogue for films like Mughal-e-Azam and Gunga Jumna and Mother India. So most dialogue-writers and most song-writers are from the Urdu discipline, even today."
- ↑ Gulzar, Govind Nihalani; Chatterjee, Saibal (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 55. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC। আহৰণ কৰা হৈছে: January 21, 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ঔৰত (১৯৪০ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।