ঔৰ্ব
| ঔৰ্ব | |
|---|---|
| সম্পৰ্ক | ঋষি, ভাৰ্গৱ |
| পিতৃ-মাতৃ | চ্যাৱন (পিতৃ), আৰুষী (মাতৃ) |
| সন্তান | ঋষিক (পুত্ৰ), কন্দলি(কন্যা – দুৰ্বাসাৰ স্ত্ৰী)[1] |
ঔৰ্ব হিন্দু ধৰ্মৰ এজন উগ্ৰ ঋষি, ভাৰ্গৱ গোত্ৰৰ সদস্য। ক্ষত্ৰিয় আৰু ভৃগু বা ভাৰ্গৱ বংশৰ মাজত হোৱা ৰক্তাক্ত কাজিয়াৰ সময়ত তেওঁৰ জন্ম হৈছিল। তেওঁ বৎসৰো ককাক, যাৰ নামেৰে শ্ৰীবৎস গোত্ৰৰ নামকৰণ কৰা হৈছে।
বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ ককাদেউতাক ঋষিক তেওঁৰ পুত্ৰ আছিল।[2]
কিংবদন্তি
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]মহাভাৰতৰ মতে, ভৃগু বংশৰ পুৰোহিতসকলৰ প্ৰতি অতি উদাৰ কৃতবীৰ নামৰ এজন হাইহায়া ৰজা আছিল। সেই হিচাপে তেওঁৰ উদাৰতাৰ বাবে তেওঁলোক অতি প্ৰখ্যাত হৈ পৰিছিল। ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ বংশধৰসকল দৰিদ্ৰতাত পৰিল। তেওঁলোকে সেই সময়ত অতি ধনী ভৃগুসকলৰপৰা সহায় বিচাৰিছিল; কিন্তু ভৃগুসকলে ৰজাসকলক সহায় কৰিবলৈ অস্বীকাৰ কৰি ক’লে, যি ধন এবাৰ ব্ৰাহ্মণক দিয়া হয়, সেই ধন ঘূৰাই ল’ব নোৱাৰি। নিজৰ ধন-সম্পত্তি ৰক্ষা কৰিবলৈ তেওঁলোকে নিজৰ ধন-সোণ গোপন ঠাইত পুতি থৈছিল। এই কথা জানি ক্ষত্ৰিয় ৰজাসকলে ভৃগুসকলৰ আশ্ৰম আক্ৰমণ কৰি সকলো ভৃগুক হত্যা কৰিলে, আনকি মাকৰ গৰ্ভত গজি উঠা শিশুকো ৰেহাই নিদিলে। যদিও ভৃগুসকলো যোদ্ধা শ্ৰেণীৰ বংশধৰ আছিল, তথাপি ৰজাই তেওঁলোকক বধ কৰাত বাধা দিব পৰা নাছিল। আৰুষী নামৰ এগৰাকী মহিলাই গৰ্ভস্থ সন্তানক বধৰপৰা ৰক্ষা কৰিবলৈ নিজৰ ভ্ৰুণক উৰুত লুকুৱাই ৰাখিছিল। এই কথা জানিব পাৰি ক্ষত্ৰিয়সকলে কেঁচুৱাটোক হত্যা কৰিবলৈ ভদ্ৰমহিলাগৰাকীৰফালে লৰালৰিকৈ গ’ল। কেঁচুৱাটো তেওঁৰ বাওঁ উৰুৰপৰা ইমান উজ্জ্বলতাৰে ওলাই আহিল যে সকলো অত্যাচাৰীৰ চকু চাট্ মাৰি ধৰাত নিমিষতে অন্ধ হৈ পৰিল। যিহেতু সন্তানটো এগৰাকী মহিলাৰ উৰুৰপৰা উৎপন্ন হৈছিল, গতিকে তেওঁক ঔৰ্ব বুলি কোৱা হৈছিল।[3]
তপস্যা
[সম্পাদনা কৰক]ডাঙৰ হৈ পৰিয়ালৰ বধৰ প্ৰতিশোধ হিচাপে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক ধ্বংস কৰাৰ উদ্দেশ্য লৈছিল। গতিকে, তেওঁ কঠোৰ তপস্যা কৰিলে। পৃথিৱীখন শেষ হ’বলৈ ওলাইছে বুলি দেখি পিতৃসকলে তেওঁৰ ওচৰলৈ নামি আহিল। মন সলনি কৰিবলৈ প্ৰাৰ্থনা কৰিলে। তেওঁলোকে ক’লে যে ক্ষত্ৰিয়ৰ হাতত মৃত্যু হোৱাটো তেওঁলোকৰ নিজৰ সিদ্ধান্ত, কাৰণ তেওঁলোকৰ দীঘলীয়া আয়ুসত বিৰক্ত হৈছে। কিন্তু তেওঁলোকে আত্মহত্যাৰ আশ্ৰয় ল’ব নোৱাৰিলে, কাৰণ আত্মহত্যাৰ দ্বাৰা তেওঁলোকে স্বৰ্গলাভ নহয়, নৰকত উপনীত হ’ব আৰু সেয়েহে তেওঁলোকে যোদ্ধাসকলক ক্ষুব্ধ কৰিবলৈ মাটিৰ তলত নিজৰ সকলো ধন লুকুৱাই ৰাখিছিল। মৃত্যুৰ পিছত তেওঁলোকে স্বৰ্গ লাভ কৰিছিল। এই কথা শুনি ঔৰ্বই ব্ৰহ্মাণ্ডখন ধ্বংস নকৰাৰ সিদ্ধান্ত ল’লে। পৰামৰ্শ দিয়াৰ দৰে তেওঁ নিজৰ তপস্যাৰ অগ্নিসম শক্তি সাগৰত পেলাই দিলে, যিয়ে ঘোঁৰাৰ ৰূপ ধৰি মুখেৰে পানী খাই পেলায়, যাৰ নাম বদ্ৱমুখ, যাৰ ফলত বদৱাগ্নি, সাগৰীয় অগ্নিৰ জন্ম হয়।[4]
আশ্ৰম
[সম্পাদনা কৰক]হাইহায়াসকলে অযোধ্যা দখল কৰাৰ পিছত সুবাহু নামৰ এজন ইক্ষ্বাকু ৰজা আৰু তেওঁৰ ৰাণী যাদৱীয়ে অযোধ্যাৰ পৰা পলায়ন কৰি ঔৰ্বৰ আশ্ৰমত আশ্ৰয় লয়। সুবাহুৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে পৰম্পৰা অনুসৰি স্বামীৰ চিতাত সতী যাবলৈ সিদ্ধান্ত লয় যদিও ঔৰ্বই তেওঁক গৰ্ভৱতী বুলি জনাই তেনে কৰাৰ পৰা বিৰত কৰে। কেইমাহমানৰ পিছত তেওঁৰ এজন পুত্ৰৰ জন্ম হয়, যাক ঔৰ্বই সাগৰ নাম দিছিল, আক্ষৰিক অৰ্থত 'বিষাক্তজন', কাৰণ যাদৱী গৰ্ভৱতী অৱস্থাত বিষাক্ত হৈছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Brahmavaivarta Purana Sri-Krishna Janma Khanda (Fourth Canto) Chapter 24.Verse 10 English translation by Shantilal Nagar Parimal Publications Link: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation
- ↑ Gopal, Madan (1990). K.S. Gautam. ed. India Through the Ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 73. https://archive.org/details/indiathroughages00mada.
- ↑ Encyclopaedic Dictionary of Puranas. 1. Sarup & Sons. 2001. পৃষ্ঠা. 129. ISBN 9788176252263. https://books.google.com/books?id=6F0ZIBIL2ZAC&pg=129। আহৰণ কৰা হৈছে: 2020-01-15.
- ↑ PC Roy's Mahabharata Adi Parva Page: 413-414[Full citation needed]
- ↑ www.wisdomlib.org (2019-01-28). "Story of Aurva" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241427.html। আহৰণ কৰা হৈছে: 2022-11-02.