ক'লা-কমলা ৰঙৰ মাখি ধৰা ফ্লাইকেচাৰ
| ফিচেডুলা নিগ্ৰ'ৰুফা | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | ফিচেডুলা |
| প্ৰজাতি: | ফ. নিগ্ৰ'ৰুফা |
| দ্বৈৰাশিক নামকৰণ | |
| ফিচেডুলা নিগ্ৰ'ৰুফা (Jerdon, 1839) | |
| সমাৰ্থক | |
|
অক্ৰ'মেলা নিগ্ৰ'ৰুফা | |
ক’লা-কমলা ৰঙৰ মাখি ধৰা বা ক’লা আৰু ৰুফ’ছ ফ্লাইকেচাৰ ইংৰাজী: : The black-and-orange flycatcher (Ficedula nigrorufa) or black-and-rufous flycatcher হৈছে দক্ষিণ ভাৰতৰ মধ্য আৰু দক্ষিণ পশ্চিম ঘাট, নীলগিৰি আৰু পালনী পাহাৰীয়া অঞ্চলৰ স্থানীয় মাখি ধৰা প্ৰজাতিৰ চৰাই। ফিচেডুলা ফ্লাইকেচাৰৰ চৰাইসমূহৰ ভিতৰত ইয়াৰ পিঠিত ৰুফ’ছ বা মুগা-ৰঙা বৰণৰ ৰং থকাৰ বাবে ই অনন্য আৰু আণৱিক অধ্যয়নৰ পূৰ্বে ইয়াক চ্যাট আৰু থ্ৰাছৰ সৈতে সম্পৰ্কিত বুলি কোৱা হৈছিল।[2]
বৰ্ণনা
[সম্পাদনা কৰক]
ব্লেক-এণ্ড-অৰেঞ্জ ফ্লাইকেচাৰ এবিধ সুকীয়া বৰণৰ চৰাই, যি মূলতঃ পশ্চিমঘাট, নীলগিৰি, পালনি আৰু ইয়াৰ সৈতে সংলগ্ন পাহাৰৰ উচ্চতা অঞ্চলত পোৱা এবিধ সুকীয়া ৰঙৰ চৰাই। সাধাৰণতে ইহঁতক অকলশৰীয়াকৈ বা যোৰ পাতি থকা দেখা যায়।[3][4]
মতা চৰাইৰ মূৰ আৰু ডেউকা স্পষ্টভাৱে ক’লা। মাইকী চৰাইৰ ক্ষেত্ৰত ক’লা বৰণৰ সলনি গাঢ় মুগা বৰণ দেখা যায় আৰু চকুৰ চাৰিওফালে পাতলীয়া চকুৰ বলয় থাকে। ইয়াৰ পোৱালি বোৰৰ বয়স প্ৰায় দুই সপ্তাহ হোৱাৰ পিছত গাৰ বৰণ মুগা-কমলা বৰণৰ হয় আৰু ইয়াৰ তলপেট আৰু পায়খানা ওলোৱা অংশ বগা হয়। মূৰত গাঢ় আঁচ থাকে আৰু ডেউকাবোৰ নীলা যেন লাগে, লগতে অলপ মুগা বৰণো দেখা যায়। চকুৰ চাৰিওফালে পাতলীয়া বলয় থাকে আৰু কমলা বৰণৰ নেজটো চুটি যেন দেখা যায়। পোৱালি চৰাই উৰিবলৈ আৰম্ভ কৰাৰ প্ৰায় আঠ সপ্তাহৰ পাছত ইহঁত দেখাত প্ৰায় প্ৰাপ্তবয়স্ক চৰাইৰ দৰে হৈ পৰে। অৱশ্যে মূৰৰ ওপৰৰ অংশত কিছু মুগা পাখিৰ দাগ তেতিয়াও থাকিব পাৰে।[5]
বিস্তৃতি আৰু বাসস্থান
[সম্পাদনা কৰক]এই চৰাইবিধৰ মূল জনসংখ্যা নীলগিৰি, পালনি পাহাৰ, বিলিগিৰিৰংগা পাহাৰ (বেল্লাজি আৰু হোন্নামেট্টি) আৰু কান্নান দেৱান পাহাৰৰ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৫০০ মিটাৰ (৪,৯০০ ফুট)তকৈ অধিক উচ্চতাৰ মালভূমি অঞ্চলত পোৱা যায়। এই চৰাইবোৰে মুকলিৰ শ্বোলা ঘাঁহনি অঞ্চলত থাকিবলৈ ভাল পায়।এইবোৰ অঞ্চলত মাটিত বেছিকৈ সৰি পৰা পাতৰ আৱৰ্জনা থাকে আৰু তলৰ স্তৰত বিভিন্ন ধৰণৰ ঘাঁহ, জোপোহা আৰু সৰু উদ্ভিদ থাকে। প্ৰজনন কালত প্ৰতি যোৰ চৰায়ে সাধাৰণতে প্ৰায় ২.৮ হেক্টৰ (প্ৰায় ৬.৯ একৰ) অঞ্চল ব্যৱহাৰ কৰে।
এই চৰাইবিধ অতি স্থাননিষ্ঠ। প্ৰাপ্তবয়স্ক চৰাইবোৰে সাধাৰণতে নিজৰ বাসস্থান এৰি দূৰলৈ নাযায়। পোৱালি চৰাই ডাঙৰ হোৱাৰ পাছত নতুন ঠাইলৈ বিয়পি যোৱাৰ দৰে স্বাভাৱিক চলাচলৰ বাহিৰে, স্থানীয়ভাৱে ইহঁতৰ বিশেষ অহা-যোৱা দেখা নাযায়।[6] উত্তৰ দিশত ইয়াক কুদ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যান আৰু বাবাবুদান পাহাৰলৈকে পোৱা যায়, আৰু দক্ষিণ দিশত ইয়াৰ বিস্তৃতি আশাম্বু পাহাৰলৈকে আছে।[7] মহাৰাষ্ট্ৰ আৰু শ্ৰীলংকাৰ পৰা এই প্ৰজাতিৰ বিষয়ে পোৱা কিছুমান পুৰণি তথ্যক সন্দেহজনক বুলি গণ্য কৰা হৈছে।[8] [3][6]
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]প্ৰজনন বতৰত মাৰ্চৰ পৰা মেʼলৈকে এই চৰাইবোৰ সক্ৰিয় কণ্ঠস্বৰযুক্ত আৰু ইহঁতৰ পুনৰাবৃত্তিমূলক "চি-ৰি-ৰিৰ" বা হুইচেলৰ দৰে "হুই-চি-ৰি-ৰিৰ" মাত মাতে। ইহঁতে সাধাৰণতে মাটিৰ পৰা ২ মিটাৰতকৈ কম উচ্চতাত উৰি উৰি [9]) মাখি আদিকে ধৰি পোক-পৰুৱা খায় আৰু কেতিয়াবা মাটিৰ পৰা পোনপটীয়াকৈও পোক-পৰুৱা বুটলি খায়।[6] এযোৰ মতা-মাইকী চৰাইয়ে গোটেই বছৰটো নিজৰ নিৰ্দিষ্ট এলেকা বা টেৰিটৰী ৰক্ষা কৰি থাকে। আন চৰাই নিজৰ এলেকাত সোমাবলৈ চেষ্টা কৰিলে ইহঁতে সতৰ্ক বা ভাবুকিমূলক আচৰণ কৰে।ভাবুকি প্ৰদৰ্শনৰ সময়ত মতা চৰাইটোৱে ঠোঁট ওপৰলৈ তুলি, নেজ মেলি ধৰি, ডেউকা মেলি “কিট-কিট” ধৰণৰ মাত উলিয়ায়। বিপদ বা কোনো অস্বাভাৱিক পৰিস্থিতিৰ সতৰ্ক সংকেত হিচাপে “জিট-জিট” ধৰণৰ মাত ব্যৱহাৰ কৰে। সাধাৰণতে মতা চৰাইটোৱেই নিজৰ এলেকা ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লয় যদিও কেতিয়াবা মাইকী চৰাইটোৱেও তাত যোগ দিয়ে। [10] মাইকী চৰাইয়ে বাহ সাজে,বাহটো চাপৰ জোপোহা বা ফাৰ্ণ গছৰ মাজত সজে। এবাৰত দুটা ধূসৰ ৰঙৰ দাগযুক্ত কণী পাৰে। পোৱালি চৰাইবোৰ বাদামী আৰু দাগযুক্ত হয়।[3] বাহটো তুলনামূলকভাৱে ডাঙৰ, মোটা আৰু বলৰ দৰে আকৃতিৰ আৰু চেজৰ বা ঘাঁহজাতীয় উদ্ভিদদ্বাৰা তৈয়াৰী। বাহটোত শুকান পাত আৰু ফাৰ্ণ থাকে। বাহটোৰ বাহ্যিক ব্যাস প্ৰায় ৬ ইঞ্চি (১৫ চে.মি.) আৰু কোনো ধৰণৰ আৱৰণৰ নৰখাকৈ কণীৰ গহ্বৰটো প্ৰায় ২ ইঞ্চি (৫.১ চে.মি.) ব্যাস আৰু ২ ইঞ্চি (৫.১ চে.মি.) গভীৰ হয়। বাহটো সাধাৰণতে জোপোহাৰ মাজত প্ৰায় ১ৰ পৰা ৩ ফুট (০.৩০ৰ পৰা ০.৯১ মিটাৰ) উচ্চতাত ৰখা হয় আৰু ওপৰ ফালে প্ৰৱেশদ্বাৰ বা ফুটা থাকে।[11][12]
এই ক’লা-কমলা ৰঙৰ মাখি ধৰা চৰাই বিধৰ খাদ্য সংগ্ৰহৰ সৰ্বাধিক সক্ৰিয় সময় হৈছে ৰাতিপুৱা সোনকালে অৰ্থাৎ সূৰ্য্যোদয়ৰ আগে আগে আৰু সন্ধিয়া আন্ধাৰ হোৱাৰ আগে আগে। এই সময়ছোৱাত ইহঁতে প্ৰতি ঘণ্টাত প্ৰায় ১০০টালৈকে পোক-পতংগ ধৰি খাব পাৰে। ইয়াৰ বিপৰীতে, দুপৰীয়া সময়ত খাদ্য সংগ্ৰহৰ দক্ষতা প্ৰায় আধালৈ কমি যায়।[6]
ক’লা-কমলা ৰঙৰ মাখি ধৰা ফ্লাইকেচাৰ আৰু ৰাফাছ-চেষ্টেড ফ্লাইকেচাৰ হৈছে ফিচেডুলা গণৰ একমাত্ৰ স্থায়ী বা পৰিভ্ৰমণ নকৰা প্ৰজাতি। অৰ্থাৎ, আন বহুতো ফিচেডুলা প্ৰজাতিৰ দৰে ইহঁতে ঋতু অনুসৰি দীঘলীয়া দূৰত্বলৈ পৰিভ্ৰমণ নকৰে। দূৰপাল্লাৰ পৰিভ্ৰমী ফিচেডুলা প্ৰজাতিসমূহৰ তুলনাত এই চৰাইৰ ডেউকা দীঘল আৰু আগফাললৈ জোঙা নহয়। এই ডেউকাৰ গঠনৰ পাৰ্থক্য ইয়াৰ স্থায়ী জীৱনশৈলীৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International. (2017). Ficedula nigrorufa. doi:10.2305/IUCN.UK.2017-3.RLTS.T22709415A118488735.en.
- ↑ Outlaw, D.C.; Voelker, G. (Oct 2006). "Systematics of Ficedula flycatchers (Muscicapidae): A molecular reassessment of a taxonomic enigma.". Molecular Phylogenetics and Evolution খণ্ড 41 (1): 118–126. doi:10.1016/j.ympev.2006.05.004. ISSN 1055-7903. PMID 16797192. Archived from the original on 29 September 2007. https://web.archive.org/web/20070929115744/http://www.umsl.edu/~outlawdc/PDFs/FicedulaSystematics.pdf। আহৰণ কৰা হৈছে: 9 August 2026.
- 1 2 3 Ali, S.; Ripley, S.D. (1996). Handbook of the birds of India and Pakistan. 7 (2nd সম্পাদনা). Oxford University Press. পৃষ্ঠা. 174–175.
- ↑ Baker, E.C.S. (1924). Fauna of British India. Birds. 2 (Second সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 253–254. https://archive.org/stream/BakerFbiBirds2/bakerFBI2#page/n283/mode/1up/.
- ↑ Khan, M.A.R. (1979). "Field characters and juvenile plumage of Muscicapa nigrorufa (Jerdon)". Bangladesh Journal of Zoology খণ্ড 7 (2): 109–112.
- 1 2 3 4 Khan, M.A.R. (1978). "Ecology of the Black-and-Orange Flycatcher Muscicapa nigrorufa (Jerdon) in Southern India". Journal of the Bombay Natural History Society খণ্ড 75 (3): 773–791. https://www.biodiversitylibrary.org/page/48296958.
- ↑ Praveen, J.; Kuriakose, G. (2006). "A review of the northern distribution range of near-threatened Black-and-Orange Flycatcher Ficedula nigrorufa in the Western Ghats". Zoos' Print Journal খণ্ড 21 (12): 2516–2517. doi:10.11609/jott.zpj.1609.2516-7.
- ↑ Layard, E.L. (1873). "Notes on Mr E W H Holdsworth's catalogue of Ceylon birds". Proceedings of the Zoological Society of London: 203–205. https://archive.org/stream/proceedingsofgen73zool#page/203/mode/1up.
- ↑ Somasundaram S; L Vijayan (2008). "Foraging Behaviour and Guild Structure of Birds in the Montane Wet Temperate Forest of the Palni Hills, South India". Podoces খণ্ড 3 (1/2): 79–91.
- ↑ Khan, M.A.R. (1980). "Territorial behaviour of the black-and-orange flycatcher Muscicapa nigrorufa (Jerdon) in southern India.". Bangladesh J. Zool. খণ্ড 8 (2): 89–97.
- ↑ Hume, A. O. (1890). The nests and eggs of Indian Birds. 2. R H Porter, London. পৃষ্ঠা. 14–16. https://archive.org/stream/nestseggsofindia02humerich#page/14/mode/2up.
- ↑ Morgan, Rhodes W (1875). "On the nidification of certain South-Indian birds". Ibis খণ্ড 5 (19): 313–323. doi:10.1111/j.1474-919X.1875.tb05973.x. https://archive.org/stream/ibis53brit#page/318/mode/1up.
- ↑ Outlaw, Diana (2011). "Morphological evolution of some migratory Ficedula flycatchers". Contributions to Zoology খণ্ড 80 (4): 279–284. doi:10.1163/18759866-08004005. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304053634/http://dpc.uba.uva.nl/cgi/t/text/get-pdf?idno=m8004a05;c=ctz। আহৰণ কৰা হৈছে: 4 May 2012.