সমললৈ যাওক

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ
ভৌগোলিক স্বীকৃতি

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ
বৰ্ণনা কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰ
প্ৰকাৰ নিৰ্মিত
অঞ্চল কিম্বাটুৰ, তামিলনাডু
দেশ ভাৰত
পঞ্জীয়ন ২০০৫-০৬
উপাদান গ্ৰেনাইট, ষ্টীল, ইলেক্ট্ৰিক মটৰ

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰক তামিলনাডুৰ কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰক বুজায়।[1] ২০০৫–০৬ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।[2] ২০১৫ চনৰ হিচাপত কইম্বাটুৰত ৭০০ৰো অধিক ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাতা আছে আৰু ভাৰতত প্ৰতি এক লাখ উৎপাদনৰ[3] বিপৰীতে ইয়াৰ মাহেকীয়া উৎপাদন ৭৫,০০০ ইউনিট।[4]

ৱেট গ্ৰাইণ্ডাৰ খাদ্য প্ৰস্তুত কৰা সঁজুলি যিটো খাদ্য শস্য পিহি মণ্ড তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।[5] দক্ষিণ ভাৰতীয় খাদ্যত মণ্ড ব্যৱহাৰ কৰা হয় জনপ্ৰিয় খাদ্য যেনে, ডোছা, ইডলি, ভড়া, আপ্পাম আৰু পানীয়াৰাম আদি প্ৰস্তুতৰ বাবে।[6][7][8][9][10] ইয়াত গ্ৰেনাইটৰ শিল থাকে যিবোৰ বৈদ্যুতিক মটৰৰ সহায়ত ধাতুৰ ড্ৰামৰ ভিতৰত ঘূৰি থাকে আৰু খাদ্যৰ দানাবোৰ শিল আৰু ড্ৰামৰ মাজত থেতেলিয়াই পেলোৱা হয়।[11]

পি ছাবাপাথীয়ে ১৯৫৫ চনত কইম্বাটুৰত ৱেট গ্ৰাইণ্ডাৰ প্ৰস্তুত কৰিছিল।[12][13][14] ছাবাপাথীয়ে চেন্নাই আৰু মাদুৰাইৰ দৰে অন্যান্য চহৰত এই গ্ৰাইণ্ডাৰৰ প্ৰচলন কৰে।[14] ১৯৬৩ চনত পি.বি.কৃষ্ণমূৰ্তিয়ে লক্ষ্মী গ্ৰাইণ্ডাৰ আৰম্ভ কৰে যাৰ ফলত ৱেট গ্ৰাইণ্ডাৰ ব্যৱসায়িকভাৱে জনপ্ৰিয় হয়।[15] ১৯৭৫ চনত আৰ ডৰাইস্বামীয়ে হেলনীয়া ৱেট গ্ৰাইণ্ডাৰ উদ্ভাৱন কৰে।[15][16] এল জি বাৰাদাৰাজে টেবুলৰ ওপৰত থব পৰা ৱেট গ্ৰাইণ্ডাৰৰ প্ৰৱৰ্তন কৰিছিল যিয়ে মাটিত ৰাখিব লগা গ্ৰাইণ্ডাৰৰ ঠাইত লয়।[15][17]

পূৰ্বৰ ৱেট গ্ৰাইণ্ডাৰ

যিহেতু এই সামগ্ৰীটো চহৰখনত উদ্ভাৱন কৰা হৈছিল, সেয়েহে কইম্বাটুৰে স্বাভাৱিকতে ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। গ্ৰেনাইট শিল, বৈদ্যুতিক মটৰ নিৰ্মাণ ইউনিট আৰু উৎপাদনত ব্যৱহৃত প্ৰয়োজনীয় গধুৰ সঁজুলি যেনে লেথ, ড্ৰিলিং আৰু মিলিং মেচিনৰ আকাৰত কেঁচামালৰ উপলব্ধতাই উদ্যোগটোৰ বিকাশত সহায় কৰিছিল।[13]

ভাৰতত ৱেট গ্ৰাইণ্ডাৰৰ মুঠ ১ লাখ মাহিলী উৎপাদনৰ প্ৰায় ৭৫% এই চহৰখনে অৰিহণা যোগায়।[3] এই উদ্যোগটোৱে ২০,০০০ লোকক প্ৰত্যক্ষভাৱে নিয়োগ কৰে আৰু ৫০,০০০ লোকক পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰে।[13] ২০১১ চনত এই ক্লাষ্টাৰৰ বছৰি ২২৫ কোটি টকা (২৭ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যৱসায় আছিল, যি ২০১৫ চনত ২,৮০০ কোটি (৩৩০ মিলিয়ন মাৰ্কিন ডলাৰ) লৈ বৃদ্ধি পায়।[3]

বৰ্তমান উন্নয়ন

[সম্পাদনা কৰক]

২০০৭ চনত তামিলনাডু চৰকাৰে ৱেট গ্ৰাইণ্ডাৰৰ বাবে কেঁচামাল নিৰ্মাণৰ বাবে এটা কেন্দ্ৰ আৰু ২৮.৮ মিলিয়ন ₹ (৩৪০,০০০ মাৰ্কিন ডলাৰ) ব্যয়ৰে নিৰ্মাণ কৰা এটা গৱেষণা কেন্দ্ৰ মুকলি কৰে।[18] তামিলনাডু চৰকাৰে গ্ৰীণ ফেমিলি কাৰ্ড ধাৰীসকলক বিনামূলীয়াকৈ বিতৰণৰ বাবে প্ৰায় ২.২৫ মিলিয়ন ৱেট গ্ৰাইণ্ডাৰ ক্ৰয় কৰাৰ বাবে যোৱা কেইবছৰমানৰ ভিতৰত এই উদ্যোগটো দহগুণতকৈও অধিক বৃদ্ধি পাইছে।[3][19] ২০১৫ চনত পুডুচেৰী চৰকাৰে ৩.৩৭ লাখ পৰিয়ালক বিনামূলীয়াকৈ ৱেট গ্ৰাইণ্ডাৰ বিতৰণ কৰাৰ কথা ঘোষণা কৰে যাৰ বাবে ই ১২০ কোটি ₹ (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যয় কৰি ৱেট গ্ৰাইণ্ডাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে।[20]

ৱেট গ্ৰাইণ্ডাৰ মূলতঃ খুচুৰা চেনেলৰ জৰিয়তে বিক্ৰী কৰা হয় আৰু প্ৰস্তুতকাৰীয়ে মধ্যস্থতাকাৰীৰ জৰিয়তে বিতৰণ কৰে। ২০১৪ চনৰ পৰা ই-কমাৰ্চ চেনেলৰ জৰিয়তে বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে যিয়ে বৃহৎ বিক্ৰী আৰু ব্ৰেণ্ড নিৰ্মাণত সহায় কৰিছে।[21]

ভৌগোলিক ইংগিত

[সম্পাদনা কৰক]

২০০৫ চনত তামিলনাডু চৰকাৰে কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰৰ বাবে ভৌগোলিক ইংগিতৰ বাবে আবেদন জনায়।[22] ভাৰত চৰকাৰে ২০০৫-০৬ চনৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে ভৌগোলিক ইংগিতৰ দিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Industry of Coimbatore". Coimbatore Corporation. http://coimbatore.nic.in/industry.html। আহৰণ কৰা হৈছে: 28 June 2015. 
  2. 2.0 2.1 "Geographical indication". Government of India. http://ipindia.nic.in/girindia/। আহৰণ কৰা হৈছে: 28 June 2015. 
  3. 3.0 3.1 3.2 3.3 "Poll code set to hit wet grinders business". Live Mint. 6 August 2015. http://www.livemint.com/Industry/r8UaiAN7APhsLubxdYWgOL/Poll-code-set-to-hit-business-of-Coimbatores-wetgrinder-ma.html. 
  4. "Wet grinder units form group to get SIDBI aid". Business Line. 24 March 2005. http://www.thehindubusinessline.com/2005/03/24/stories/2005032401051700.htm. 
  5. Krishna Dubey (2010). The Indian Cuisine. PHI. পৃষ্ঠা. 29. ISBN 9788120341708. https://books.google.com/books?id=U4woRbF8irsC&q=what+is+wet+grinder+cuisine. 
  6. Farnworth, Edward R. (2003). Handbook of Fermented Functional Foods. CRC Press. ISBN 978-0-8493-1372-1. 
  7. Charmaine O' Brien (15 December 2013). The Penguin Food Guide to India. Penguin Books Limited. পৃষ্ঠা. 378. ISBN 978-93-5118-575-8. https://books.google.com/books?id=BGhBAgAAQBAJ&pg=PT378. 
  8. K. T. Achaya (November 2003). The Story of Our Food. Universities Press. পৃষ্ঠা. 80, 90. ISBN 978-81-7371-293-7. https://books.google.com/books?id=bk9RHRCqZOkC&pg=PA80. 
  9. P. Thankappan Nair (2004). South Indians in Kolkata. Punthi Pustak. পৃষ্ঠা. 320. ISBN 978-81-86791-50-9. https://books.google.com/books?id=swNuAAAAMAAJ. 
  10. Vir Sanghvi (1 January 2004). Rude Food: The Collected Food Writings of Vir Sanghvi. Penguin Books India. পৃষ্ঠা. 109–110. ISBN 978-0-14-303139-0. https://books.google.com/books?id=eK1uGVxmEiUC&pg=PA110. 
  11. "How to choose a Wet grinder". indiacurry.com. Archived from the original on 19 December 2014. https://web.archive.org/web/20141219225822/http://www.indiacurry.com/faqappliance/wetgrinder.htm। আহৰণ কৰা হৈছে: 24 January 2016. 
  12. "How a wedding gift turned into a freebie". ’’Times of India’’. 31 March 2011. http://timesofindia.indiatimes.com/city/coimbatore/How-a-wedding-gift-turned-into-a-freebie/articleshow/7829923.cms. 
  13. 13.0 13.1 13.2 Diagnostic study of the "wet grinder cluster" at Coimbatore (Report). Development Commissioner, Ministry of Micro, Small and Medium Enterprises. http://www.dcmsme.gov.in/schemes/wet_grinder_cluster.pdf। আহৰণ কৰা হৈছে: 24 January 2016. 
  14. 14.0 14.1 "Magic of the arc lights". The Hindu. 13 July 2011. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/the-magic-of-the-arc-lights/article2222569.ece. 
  15. 15.0 15.1 15.2 "Namma Coimbatore". The Hindu. 31 December 2013. http://www.thehindu.com/features/metroplus/namma-coimbatore/article5522897.ece. 
  16. "Santha Grinders". santhagrinders.com. http://www.santhagrinders.com। আহৰণ কৰা হৈছে: 24 January 2016. 
  17. "Coimbatore's engineering and textile industries are abuzz with activity, ending a period of slowdown". Frontline. http://www.frontline.in/static/html/fl2709/stories/20100507270910100.htm. 
  18. "Common facility for wet grinders". The Hindu. 5 August 2007. http://www.hindu.com/2007/08/05/stories/2007080559430300.htm. 
  19. "Tamil Nadu, the ultimate freebie state". The Hindu. 30 March 2015. http://www.thehindu.com/news/national/tamil-nadu/tamil-nadu-the-ultimate-freebie-state/article7046314.ece. 
  20. "Over four years after it made a promise, AINRC government launches freebies scheme in Puducherry". The Hindu. 25 August 2015. http://www.thehindu.com/news/cities/puducherry/over-four-years-after-it-made-a-promise-ainrc-government-launches-freebies-scheme-in-puducherry/article7577773.ece. 
  21. "e-commerce makes inroads in Coimbatore manufacturing activities". The Hindu. 22 June 2015. http://www.thehindu.com/news/cities/Coimbatore/ecommerce-makes-inroads-in-coimbatore-manufacturing-activities/article7341110.ece. 
  22. "GI tag: TN trails Karnataka with 18 products". Times of India. 29 August 2013. http://timesofindia.indiatimes.com/city/chennai/GI-tag-TN-trails-Karnataka-with-18-products/articleshow/6458268.cms.