কচ
| কচ | |
|---|---|
| সম্পৰ্ক | ঋষি, দেৱতা |
| সহোদৰ | ভৰদ্বাজ, কেশৰী |
| হিন্দু পাঠ্য | মহাভাৰত, মৎস্য পুৰাণ, অগ্নি পুৰাণ |
কচ বা কছ হিন্দু পৌৰাণিক কাহিনীত এজন উল্লেখযোগ্য ঋষি। তেওঁ বৃহস্পতি আৰু তাৰাৰ পুত্ৰ। কচৰ আখ্যান মহাভাৰত, মৎস্য পুৰাণ আৰু অগ্নি পুৰাণত উল্লেখ আছে।[1] তেওঁ গুৰু শুক্ৰৰ পৰা মৃতসঞ্জীৱনী বিদ্যা(মৃতকক পুনৰুজ্জীৱিত কৰাৰ গীত) শিকিবলৈ যোৱা ঘটনাৰ বাবে জনাজাত। কিন্তু শুক্ৰাচাৰ্যৰ কন্যা দেৱযানীৰ অভিশাপৰ বাবে তেওঁ দেৱতাক পুনৰুজ্জীৱিত কৰিব নোৱাৰা হৈছিল।[2]
কিংবদন্তি
[সম্পাদনা কৰক]কচক বৃহস্পতিৰ সুদৰ্শন পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। তেওঁক দেৱতাই শুক্ৰাচাৰ্যৰ আশ্ৰম (আধ্যাত্মিক আশ্ৰম)লৈ পঠিয়াই মৃতসঞ্জীৱনী বিদ্যা মন্ত্ৰৰ বিষয়ে জানিবলৈ দিয়ে, যিটো জ্ঞানে মৃত্যুৰ পিছত জীৱন পুনৰুদ্ধাৰ কৰিবলৈ অনুমতি দিয়ে। শুক্ৰই তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰে আৰু কচে তেওঁক হাজাৰ বছৰৰ সেৱা আগবঢ়োৱাৰ কাম গ্ৰহণ কৰে। যৌৱনৰ মোহত দেৱযানী আৰু কচ, দুয়োজনেই হৈ পৰে এক অবিচ্ছেদ্য প্ৰেমিকযুগল হৈ পৰিল। অসুৰসকলে অৱশ্যে কচৰ উদ্দেশ্যক সন্দেহ কৰে, শুদ্ধকৈ অনুমান কৰে যে তেওঁ জীৱন পুনৰুদ্ধাৰকাৰী মন্ত্ৰৰ ৰহস্য জানিবলৈ ইচ্ছা কৰিছিল। দুটা বেলেগ বেলেগ সময়ত তেওঁক হত্যা কৰা হয়: গভীৰ হাবিৰ ভিতৰত হত্যা কৰি পহুবোৰক খুৱাই দিয়ে, আৰু এবাৰ তেওঁৰ শৰীৰটোক গুড়ি কৰি সাগৰৰ পানীৰ লগত মিহলাই দিয়ে। এই দুয়োটা সময়তে কন্যাৰ কাতৰ অনুৰোধত কচক শুক্ৰৰ দ্বাৰা সঞ্জীৱনীৰ জ্ঞানেৰে পুনৰ জীৱিত কৰা হয়। তৃতীয় প্ৰয়াসত অসুৰে কচৰ শৰীৰ জ্বলাই ছাই আৰু মদ মিহলাই শুক্ৰক পান কৰিবলৈ আগবঢ়ায়। যেতিয়া গোধূলি হয়, আৰু শুক্ৰই লক্ষ্য কৰে যে তেওঁৰ শিষ্যজন এতিয়াও আহি পোৱা নাই, তেতিয়া তেওঁ অনুমান কৰে যে কচ তেওঁৰ পেটত আছে। নিজকে দ্বিধাদ্বন্দ্বত পৰি আচাৰ্যই কচক পেটৰ ভিতৰতে মৃতসঞ্জীৱনী মন্ত্ৰ শিকাই দিয়ে আৰু যেতিয়া কচই শুক্ৰৰ পেটৰ পৰা ফাটি ওলাই আহে, স্বাভাৱিকতে তেওঁৰ মৃত্যু হয়, তেতিয়া কচই সেই মন্ত্ৰ জপ কৰি নিজৰ আচাৰ্যক পুনৰ সজীৱ কৰে। তেওঁৰ উদ্দেশ্য সাধন হোৱাৰ পিছত তেওঁ শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে শুক্ৰৰ তত্ত্বাৱধানত থাকে।[3]
শিক্ষা সম্পূৰ্ণ কৰি কচই দেৱযানী আৰু তেওঁৰ দেউতাকৰ পৰা ছুটী লৈ, পুনৰ দেৱলোকলৈ যাত্ৰা আৰম্ভ কৰে। দেৱযানীয়ে বহু দূৰলৈ তেওঁৰ পিছে পিছে যায়, আৰু তেওঁক বিয়া দিবলৈ অনুৰোধ কৰে। কচই তেতিয়া কয় যে শুক্ৰই তেওঁক কৈছিল যে,যিহেতু তেওঁ আচাৰ্যৰ পেটৰ পৰা ওলাই আহিছে, সেয়েহে তেওঁক তেওঁৰ পুত্ৰ বুলি গণ্য কৰা হৈছে, আৰু সেইবাবেই দেৱযানী তেওঁৰ ভনীয়েক হৈ পৰিল। তেওঁৰ প্ৰত্যাখ্যানত ক্ষুব্ধ হৈ দেৱযানীয়ে তেওঁক অভিশাপ দিয়ে যে তেওঁ নিজেই জীৱন পুনৰুজ্জীৱিত মন্ত্ৰৰ কলা ব্যৱহাৰ কৰিব নোৱাৰিব। কচয়ো দেৱযানীক অভিশাপ দিয়ে যে ঋষিৰ কোনো পুত্ৰই তাইক বিয়া নকৰে। এই কাণ্ডৰ পিছত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছিল, আৰু আৰু কেতিয়াও লগ পোৱা নাছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, pp.196, 196ff.
- ↑ www.wisdomlib.org (2014-08-03). "Kaca, Kāca: 27 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/kaca। আহৰণ কৰা হৈছে: 2022-12-01.
- ↑ www.wisdomlib.org (2019-01-28). "Story of Kaca" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241658.html। আহৰণ কৰা হৈছে: 2022-10-07.
- ↑ Chandrakant, Kamala (1972) (en ভাষাত). Kacha and Devayani: A Tale from the Mahabharata. India Book House. ISBN 978-81-7508-172-7. https://books.google.com/books?id=1_91RAAACAAJ&q=kacha+devayani। আহৰণ কৰা হৈছে: 14 September 2020.