কড়া

কড়া (ইংৰাজী: Kara; পঞ্জাবী: ਕੜਾ) হ’ল তীখা বা কেঁচা লোৰে নিৰ্মিত এডাল বিশেষ খাৰু, যিটো শিখসকলে আৰু কেতিয়াবাহে অন্য ধৰ্মৰ ভাৰতীয় লোকেও পৰিধান কৰে।[1][2] শিখ ধৰ্মই সমতা আৰু সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তি ৰখাৰ গুৰুত্বৰ কথা শিক্ষা দিয়ে, যাৰ প্ৰতীক হ’ল 'পঞ্চ ককাৰ' (Five Ks)— অৰ্থাৎ খালছা দীক্ষা গ্ৰহণ কৰা শিখসকলে পৰিধান কৰা পাঁচটা বস্তু, যাৰ ভিতৰত কড়াও অন্যতম।[3]
ইতিহাস
[সম্পাদনা কৰক]১৬৯৯ চনৰ বৈশাখীৰ অমৃত সঞ্চাৰৰ সময়ত দশম শিখ গুৰু গোবিন্দ সিংহই কড়াৰ প্ৰচলন কৰিছিল। এইটো ভগৱানৰ সৈতে অবিচ্ছেদ্য সম্পৰ্ক আৰু দায়বদ্ধতাৰ প্ৰতীক।
তাৎপৰ্য আৰু ব্যৱহাৰ
[সম্পাদনা কৰক]
শিখসকলৰ বাবে
[সম্পাদনা কৰক]কড়া হ’ল ভগৱানৰ প্ৰতি থকা অটুট ভক্তি আৰু প্ৰতিশ্ৰুতিৰ এক প্ৰতীক।
শিখ নোহোৱা লোকসকলৰ বাবে
[সম্পাদনা কৰক]পঞ্জাবৰ বাহিৰেও ভাৰতৰ উত্তৰ, উত্তৰ-পশ্চিম আৰু পশ্চিমৰ ৰাজ্যসমূহ (যেনে গুজৰাট, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ)ৰ বহুতো অনা-শিখ পঞ্জাবী আৰু হিন্দু পৰিয়ালেও কড়া পৰিধান কৰে।[4]
বিতৰ্ক
[সম্পাদনা কৰক]ভাৰত
[সম্পাদনা কৰক]২০২২ চনত দিল্লী চাব’ৰ্ডিনেট চাৰ্ভিচেছ চেলকচন বোৰ্ডে (DSSSB) মনহৰলীন কৌৰ নামৰ এগৰাকী শিখ পৰীক্ষাৰ্থীক কড়া নিখোলা পৰ্যন্ত পৰীক্ষাত বহিবলৈ বাধা দিছিল। পৰৱৰ্তী সময়ত কৌৰে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰে। ডিএছএছএছবি-য়ে পিছত জনায় যে শিখ পৰীক্ষাৰ্থীসকলে কড়া বা কৃপাণ পিন্ধি পৰীক্ষাত বহিব পাৰিব, কিন্তু তেওঁলোকে পৰীক্ষা কেন্দ্ৰত নিৰ্ধাৰিত সময়ৰ কমেও এঘণ্টা আগতে উপস্থিত হ’ব লাগিব।
যুক্তৰাজ্য
[সম্পাদনা কৰক]২০০৭ চনৰ নৱেম্বৰ মাহত ৱেলছৰ এবাৰ্ডেয়াৰ গাৰ্লছ স্কুলত চৰিকা সিং নামৰ ১৪বছৰীয়া এগৰাকী শিখ কিশোৰীক কড়া পিন্ধাৰ বাবে বিদ্যালয়ৰপৰা বহিষ্কাৰ কৰা হৈছিল। ২০০৮ চনৰ জুলাই মাহত ইংলেণ্ড আৰু ৱেলছৰ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কড়া এডাল অলংকাৰ নহয়, বৰঞ্চ ই শিখ ধৰ্মৰ এক প্ৰতীক। আদালতে কয় যে বিদ্যালয়খন বৰ্ণীয় বৈষম্যৰ দোষত দোষী আৰু কিশোৰীগৰাকীক কড়া পিন্ধি বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হয়।
২০১৭ চনতো ইংলেণ্ডৰ টিপটনৰ এখন বিদ্যালয়ত কাইডেন সিং নামৰ আঠবছৰীয়া এটি শিশুক কড়া পিন্ধাত বাধা দিয়া হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Traditional Jewellery of India". University of Tennessee Chattanooga. Archived from the original on 4 August 2018. https://web.archive.org/web/20180804140905/https://www.utc.edu/faculty/sarla-murgai/traditional-jewelry-of-india.php। আহৰণ কৰা হৈছে: 8 February 2018.
- ↑ Lodha, Shri Chanchal Mal Sa. History of Oswals. iprakashan. পৃষ্ঠা. 346. https://books.google.com/books?id=1EVEBQAAQBAJ&dq=kada+jewellery+history&pg=PA346.
- ↑ "BBC – Religions – Sikhism: The Five Ks". BBC OnlineBBC.co.uk. 29 September 2009. https://www.bbc.co.uk/religion/religions/sikhism/customs/fiveks.shtml। আহৰণ কৰা হৈছে: 19 February 2024.
- ↑ Dhooleka Sarhadi Raj (25 August 2003). Where are you from?: middle-class migrants in the modern world. University of California Press. ISBN 9780520928671. https://books.google.com/books?id=HXsAbWxzZSIC&dq=Kara+Punjabi+Symbol&pg=PA63। আহৰণ কৰা হৈছে: 17 December 2011. "Individual Sikhs and Hindus share symbols and practices of body inscription (such as wearing a kara and women keeping their hair long)."