কণাদ
| সম্পূৰ্ণ নাম | কণাদ |
|---|---|
| জন্ম | অস্পষ্ট, খৃ:পূ:ষষ্ঠ শতিকাৰপৰা খৃ:পূ: ২য় শতিকা |
| অঞ্চল | ভাৰতীয় দৰ্শন |
| ধাৰা | বৈশেষিক |
| আগ্ৰহ | :প্ৰকৃতি বিজ্ঞান |
| উল্লেখযোগ্য কৰ্ম | পৰমাণুবাদ |
কণাদ, যাক উলুক, কাশ্যপ, কাণভক্ষ আৰু কানভুজ[1][2] বুলিও জনা যায়, এগৰাকী প্ৰাচীন ভাৰতীয় প্ৰাকৃতিক বিজ্ঞানী আৰু দাৰ্শনিক, যিয়ে ভাৰতীয় দৰ্শনৰ বৈশেষিক ধাৰা প্ৰতিষ্ঠা কৰিছিল আৰু যিয়ে প্ৰাচীন ভাৰতীয় পদাৰ্থ বিজ্ঞানকো প্ৰতিনিধিত্ব কৰে।[3][4]
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰপৰা দ্বিতীয় শতিকাৰ ভিতৰত কোনোবা এটা সময়ত বাস কৰা বুলি অনুমান কৰা হৈছে, তেওঁৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়।[5][6][7][4] তেওঁৰ পৰম্পৰাগত নাম "কণাদ"ৰ অৰ্থ হৈছে "পৰমাণু খাদক"[8]। তেওঁ সংস্কৃত গ্ৰন্থ বৈশেষিক সূত্ৰত পদাৰ্থ বিজ্ঞান আৰু দৰ্শনৰ পৰমাণুবাদী দৃষ্টিভংগীৰ ভেটি গঢ়ি তোলাৰ বাবে জনাজাত।[9][10] তেওঁৰ গ্ৰন্থখনক কণাদ সূত্ৰ বা "আফোৰিজম অৱ কণাদ" বুলিও কোৱা হয়।[11][12]
কণাদে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনে যুক্তি আৰু বাস্তৱবাদ প্ৰয়োগ কৰি পৰমাণুবাদী তত্ত্বৰ প্ৰস্তাৱ দি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু অস্তিত্বৰ ব্যাখ্যা কৰে আৰু ই মানৱ ইতিহাসৰ আটাইতকৈ প্ৰাচীন পদ্ধতিগত বাস্তৱবাদী অন্তৰ্নিহিততাবাদসমূহৰ ভিতৰত অন্যতম।[13] কণাদে পৰামৰ্শ দিছিল যে, সকলো বস্তুকে উপ-বিভাজন কৰিব পাৰি, কিন্তু এই উপ-বিভাজন চিৰদিন একে থাকিব নোৱাৰে। শেষত বিভাজিত কৰিব নোৱাৰা সৰু কণা (পৰমাণু) একোটা থাকিব লাগিব, যিবোৰ চিৰন্তন; যিবোৰে বিভিন্ন ধৰণে একত্ৰিত হৈ জটিল পদাৰ্থ আৰু অনন্য পৰিচয় থকা পৃথক বস্তু উৎপন্ন কৰে; যিটো প্ৰক্ৰিয়াত তাপ জড়িত হৈ থাকে আৰু এইটোৱেই সকলো বস্তুগত অস্তিত্বৰ ভিত্তি।[14][15] তেওঁ এই ধাৰণাসমূহক আত্মন (আত্মা) ধাৰণাৰে ব্যৱহাৰ কৰি মোক্ষলাভৰ বাবে অনা-ঐশ্বৰিক উপায় উদ্ভাৱন কৰিছিল।[16][17] পদাৰ্থ বিজ্ঞানৰ দৃষ্টিকোণৰপৰা চালে, তেওঁৰ ধাৰণাবোৰে স্বাধীন পৰ্যবেক্ষকৰ অধ্যয়ন কৰা ব্যৱস্থাটোৰ ওপৰত স্পষ্ট ভূমিকাক বুজায়। কণাদৰ ধাৰণাসমূহ হিন্দু ধৰ্মৰ অন্যান্য পন্থাৰ ওপৰত প্ৰভাৱশালী আছিল আৰু ইয়াৰ ইতিহাসৰ সময়ছোৱাত হিন্দু দৰ্শনৰ ন্যায় পন্থাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিল।[13]
কণাদৰ ব্যৱস্থাত ছটা ধৰ্ম (পদাৰ্থ)ৰ কথা কোৱা হৈছে যিবোৰ নামকৰণযোগ্য আৰু জনা যায়। তেওঁৰ দাবী যে, এইবোৰেই পৰ্যবেক্ষককে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ বৰ্ণনা কৰিবলৈ যথেষ্ট। এই ছটা শ্ৰেণী হ’ল দ্ৰব্য (পদাৰ্থ), গুণ (গুণ), কৰ্ম (ক্ৰিয়া/ গতি), সমন্বয় (সাধাৰণতা/ সাধাৰণতা), বিশেষ (বিশেষ), আৰু সমবায় (অনুভৱ)। পদাৰ্থৰ (দ্ৰব্য) নটা শ্ৰেণী আছে, ইয়াৰে কিছুমান পৰমাণু, কিছুমান অপাৰমাণৱিক আৰু আন কিছুমান সৰ্বব্যাপী।
কণাদৰ ধাৰণাসমূহৰ ক্ষেত্ৰ বহুত বিস্তৃত, আৰু ই কেৱল দৰ্শনকেই প্ৰভাৱিত কৰা নাই, সম্ভৱতঃ চৰক সংহিতা নামৰ চিকিৎসা শাস্ত্ৰৰ ৰচনাকাৰ চৰকৰ দৰে অন্যান্য ক্ষেত্ৰৰ পণ্ডিতসকলকো প্ৰভাৱিত কৰিছিল।[18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sharma 2000, পৃষ্ঠা. 175.
- ↑ Riepe 1961, পৃষ্ঠা. 228 with footnote 12.
- ↑ Bart Labuschagne & Timo Slootweg 2012, পৃষ্ঠা. 60, Quote: "Kanada, a Hindu sage who lived either around the 6th or 2nd century BCE, and who founded the philosophical school of Vaisheshika..
- ↑ 4.0 4.1 Jeaneane D. Fowler 2002, পৃষ্ঠা. 98-99.
- ↑ Oliver Leaman (1999), Key Concepts in Eastern Philosophy. Routledge, আই.এচ.বি.এন. 978-0415173629, page 269
- ↑ J Ganeri (2012), The Self: Naturalism, Consciousness, and the First-Person Stance, Oxford University Press, আই.এচ.বি.এন. 978-0199652365
- ↑ "Approximate Chronology of Indian Philosophers". Stanford Encyclopedia of Philosophy. https://plato.stanford.edu/entries/language-india/chronology.html। আহৰণ কৰা হৈছে: 2022-02-21.
- ↑ Jeaneane D. Fowler 2002, পৃষ্ঠা. 99.
- ↑ Riepe 1961, পৃষ্ঠা. 227-229.
- ↑ "The Vaisesika sutras of Kanada. Translated by Nandalal Sinha" Full Text at archive.org
- ↑ Riepe 1961, পৃষ্ঠা. 229.
- ↑ Kak, S. 'Matter and Mind: The Vaisheshika Sutra of Kanada' (2016), Mount Meru Publishing, Mississauga, Ontario, আই.এচ.বি.এন. 978-1-988207-13-1.
- ↑ 13.0 13.1 Jeaneane D. Fowler 2002, পৃষ্ঠা. 98.
- ↑ H. Margenau 2012, পৃষ্ঠা. xxx-xxxi.
- ↑ Jeaneane D. Fowler 2002, পৃষ্ঠা. 100-102.
- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 729–731. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch.
- ↑ Sharma 2000, পৃষ্ঠা. 177-186.
- ↑ Bimal Krishna Matilal 1977, পৃষ্ঠা. 55-56.
