সমললৈ যাওক

কদালুণ্ডী নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কদালুণ্ডী
মোহনা আৰৱ সাগৰ
দৈৰ্ঘ্য 130 km (৮১ মাইল)
মোহনাৰ উচ্চতা 0 মিটাৰ (০ ফুট)
Kadalundi Kadavu Bridge over Kadalundi River
Kadalundi River at Malappuram

কদালুণ্ডী নদী (কদলুণ্ডীপুঝা) (ইংৰাজী: Kadalundi River(Kadalundipuzha) ) হৈছে ভাৰতকেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ মাজেৰে বৈ যোৱা চাৰিখন প্ৰধান নদীৰ ভিতৰত অন্যতম। আন তিনিখন নদী হৈছে চালিয়াৰ, ভাৰতপুঝা আৰু তিৰুৰ নদী।[1] এই বৰষুণনিৰ্ভৰ নদীখনৰ দৈৰ্ঘ্য ১৩০ কিলোমিটাৰ (৮১ মাইল) আৰু ই জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। [2] কদলুণ্ডী নদী কেৰালাৰ ষষ্ঠ দীঘল নদী। এই নদীখন কাৰুভাৰাকুণ্ডু, তুভ্বুৰ, মেলাট্টুৰ, পাণ্ডিক্কাড, মানজেৰী, মালাপ্পুৰম, পানাক্কাড, পাৰাপ্পুৰ, ভেংগাৰা, তিৰুৰাংগাড়ী, পাৰাপ্পানাংগাড়ী আৰু ভল্লিক্কুন্নুৰ মাজেৰে বৈ গৈ জিলাখনৰ উত্তৰ-পশ্চিম সীমান্তত থকা ভল্লিক্কুন্নুৰ কদলুণ্ডী নগৰমত আৰব সাগৰত মিলিত হৈছে। [3] কদালুণ্ডী নদীখন অলিপ্পুঝা নদী আৰু ভেলিয়াৰ নদীৰ সংগমৰ ফলত গঠিত হৈছে। [3] কদালুণ্ডী নদীখন অলিপ্পুঝা নদী আৰু ভেলিয়াৰ নদীৰ সংগমৰ ফলত গঠিত হৈছে। [3] কদালুণ্ডী নদীৰ উৎপত্তি পশ্চিমঘাট পৰ্বতমালাৰ চাইলেণ্ট ভেলীৰ পশ্চিম সীমান্তত। নদীখন পালাক্কাড আৰু মালাপ্পুৰম জিলাৰ মাজেৰে বৈ গৈছে। [3] নদীখনৰ দুখন প্ৰধান উপনদী হৈছে অলিপ্পুঝা আৰু ভেলিয়াৰ। মেলাট্টুৰৰ ওচৰত অলিপ্পুঝা আৰু ভেলিয়াৰ নদী একেলগ হৈ কদালুণ্ডী নদীৰ সৃষ্টি কৰিছে। কদালুণ্ডী নদীখন ঐতিহাসিক এৰানাড আৰু ভল্লুভানাড অঞ্চলৰ মাজেৰে বৈ গৈছে। [3] কদালুণ্ডী নদীখনে ১,২৭৪ বৰ্গ কিলোমিটাৰ এলেকা নিষ্কাশন কৰে আৰু ইয়াৰ দৈৰ্ঘ্য ১২০ কিলোমিটাৰ।[4] প্ৰাচীন টিণ্ডিছ বন্দৰ, যিটো মুজিৰিছৰ পিছত চেৰা বংশৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক বন্দৰ আছিল, ভল্লিকুন্নুত থকা এই নদীখনৰ মোহনাৰ সৈতে একে বুলি চিনাক্ত কৰা হৈছে।[5] কদালুণ্ডী নদী আৰব সাগৰত মিলিত হোৱা ঠাইত কেইবাটাও দ্বীপক লৈ কদালুণ্ডী পক্ষী অভয়াৰণ্য বিস্তৃত হৈ আছে।[3] এই অভয়াৰণ্যত বছৰি বৃহৎ সংখ্যাত এশৰো অধিক প্ৰজাতিৰ স্থানীয় চৰাই আৰু প্ৰায় ৬০টা প্ৰজাতিৰ পৰিভ্ৰমী চৰাই দেখা পোৱা যায়। [6]

কদালুণ্ডী নদীৰ এক মনোমোহা বিস্তৃত দৃশ্য।

সাংস্কৃতিক তাৎপৰ্য্য

[সম্পাদনা কৰক]
মেলাটুৰত কাদালুণ্ডিপ্পূজাৰ ওপৰত মেলাটুৰ দলং।
ভেল্লিয়াৰ নদী (Velliyar River) ছাইলেণ্ট ভেলী অঞ্চলৰপৰা উৎপত্তি হৈছে। ই মেলাট্টুৰৰ ওচৰত অলিপ্পুঝা নদীৰ সৈতে মিলিত হৈ কদালুণ্ডী নদী সৃষ্টি কৰিছে।

ষোড়শ শতিকাৰ মালয়ালম কবি আৰু জ্ঞানপানাৰ ৰচয়িতা পুন্থানম নাম্বুদিৰিৰ জন্ম কদালুণ্ডী নদীৰ পাৰত, পেৰিন্থালমান্নাৰ ওচৰৰ কীঝাট্টুৰত হৈছিল।[7][8][9]

কেৰালা বৰ্মা ভালিয়া কয়ি থাম্পুৰান (কেৰালা কালিদাসন), ৰাজা ৰাজা বৰ্মা (কেৰালা পাণিনি) আৰু বিখ্যাত চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মা পাৰাপ্পানাড ৰাজপৰিয়ালৰ বিভিন্ন শাখাৰ সদস্য আছিল। এই ৰাজপৰিয়ালৰ লোকসকলে পাৰাপ্পানাঙ্গাডিৰপৰা হৰিপ্পাড, চাংগানাচেৰী, মাভেলিক্কাৰা আৰু কিলিমানুৰলৈ প্ৰব্ৰজন কৰিছিল।[10] পাৰাপ্পানাঙ্গাডিও কদালুণ্ডী নদীৰ পাৰত অৱস্থিত। [9] দৈনিক দ্য হিন্দূৰ ১৮৯৮ চনৰপৰা ১৯০৫ চনলৈ মুখ্য সম্পাদক আৰু দ্য ইণ্ডিয়ান পেট্ৰিয়টৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক দিৱান বাহাদূৰ কোঝিছেৰী কৰুণাকৰা মেনন (১৮৬৩–১৯২২)ও পাৰাপ্পানাঙ্গাডিৰ আছিল।[11] ও. চান্দু মেননে পাৰাপ্পানাঙ্গাডি মুনচিফ আদালতৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ছোৱাত তেওঁৰ ইন্দুলেখা [12] আৰু শাৰদা উপন্যাস দুখন ৰচনা কৰিছিল। ইন্দুলেখা মালয়ালম ভাষাত ৰচিত প্ৰথমখন প্ৰধান উপন্যাস হিচাপেও পৰিগণিত।

পৰিৱেশ বিজ্ঞান

[সম্পাদনা কৰক]

কদলুণ্ডী নদীৰ মোহনাত এক সমৃদ্ধ মোহনাজাতীয় পৰিৱেশতন্ত্ৰ গঢ় লৈ উঠিছে। ইয়াত ১২৫ একৰ এলেকাজুৰি বিস্তৃত কদালুণ্ডী পক্ষী অভয়াৰণ্য অৱস্থিত। এই অভয়াৰণ্যটো ৰামছাৰ-স্বীকৃত জলাভূমি আৰু শীতকালত পৰিভ্ৰমী চৰাইৰ বাবে এক গুৰুত্বপূৰ্ণ জিৰণিৰ স্থান। [13] ইয়াত ১০০ৰো অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। ইয়াৰ ভিতৰত হুইমব্ৰেল, ছেণ্ডপাইপাৰ, বগলী আৰু বিৰল ক্ৰেব-প্লভাৰ উল্লেখযোগ্য। মেনগ্ৰোভ বনাঞ্চল আৰু বোকাময় সমতলভূমিয়ে চৰাইবোৰৰ খাদ্য সংগ্ৰহ আৰু বাহ সজাৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান প্ৰদান কৰে।[14] নদীখনৰ পাৰৰ অঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দেখা যায়। ইয়াৰ ভিতৰত মেনগ্ৰোভ গছ যেনে এভিচেনিয়া অফিচিনেলিছ আৰু ৰাইজ’ফ’ৰা ম্যুক্ৰ’নেটা লৱণাক্ত জলাভূমিৰ ঘাঁহ আৰু কেঁচুৱাৰিনা গছৰ বনাঞ্চল উল্লেখযোগ্য। এই পৰিৱেশতন্ত্ৰই মুলেট মাছ আৰু মিছামাছ দৰে মাছ আৰু জলজ প্ৰাণীৰ জনসংখ্যা বৰ্তাই ৰাখে, যিবোৰ স্থানীয় মৎস্য ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ।[15]

নদী অৱবাহিকাৰ অৰ্ধলৱণীয় পানীয়ে পুষ্টি-চক্ৰ চলাচলত সহায় কৰে। অৱশ্যে উপকূলীয় খহনীয়া আৰু ওপৰৰ অঞ্চলৰ কৃষিকাৰ্যৰপৰা হোৱা প্ৰদূষণে এই পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। কেৰালা বন বিভাগে জলাভূমিখনৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে মেনগ্ৰোভ পুনৰুদ্ধাৰ আৰু পৰিৱেশ-পৰ্যটন নিয়ন্ত্ৰণৰ দৰে সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণ কৰিছে।[16]

কদালুণ্ডী ৰেল দুৰ্ঘটনা

[সম্পাদনা কৰক]

কদালুণ্ডী ৰে'ল দুৰ্ঘটনাত (মাংগালুৰু–চেন্নাই মেইল) যাত্ৰীবাহী ৰে'লখন কদালুণ্ডী নদীৰ ওপৰৰ দলঙেৰে পাৰ হৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।[17] [18]ৰে'লখনৰ তিনিটা ডবা নদীৰ পানীত পৰি যায়। এই ঘটনাত ৫৯জন লোক নিহত বা সন্ধানহীন হোৱা বুলি প্ৰকাশ পায় আৰু প্ৰায় ৩০০জন লোক আহত হোৱা বুলি ধাৰণা কৰা হৈছিল। চৰকাৰী তদন্তত সিদ্ধান্ত লোৱা হয় যে দুৰ্ঘটনাটোৰ কাৰণ আছিল প্ৰায় ১৪০ বছৰ পুৰণি দলংখনৰ এটা খুঁটা নদীৰ তলিৰ মাটিত বহি গৈছিল। ইয়াৰ আঁৰত দুৰ্ঘটনাৰ পূৰ্বে হোৱা প্ৰবল বৰষুণে ভূমিকা লৈছিল বুলি কোৱা হয় যদিও তদন্তৰ এই সিদ্ধান্তক পৰৱৰ্তী সময়ত প্ৰশ্নৰ কাৰণ হৈ পৰে।

গাঁওসমূহ

[সম্পাদনা কৰক]
  • আলানাল্লুৰ
  • মেলাটুৰ
  • পাণ্ডিকড
  • মুদিক্কোডে (মালাপ্পুৰম)
  • বল্লিককুন্নু

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Malappuram District Rivers". Malappuram.net. http://www.malappuram.net/html/history.htm আহৰণ কৰা হৈছে: 13 October 2006.
  2. "Kerala Government - General Features". Official Website of Kerala Government. Archived from the original on 2 November 2006. https://web.archive.org/web/20061102072030/http://www.kerala.gov.in/knowkerala/generalfeatures.htm আহৰণ কৰা হৈছে: 13 October 2006.
  3. 1 2 3 4 5 6 "Rivers in Malappuram district". malappuram.nic.in. https://malappuram.nic.in/about-district/ আহৰণ কৰা হৈছে: 23 November 2019.
  4. NIC Malappuram website
  5. A Survey of Kerala History, A. Shreedhara Menon
  6. "Wild Life Tourism in Kerala". keralaeverything.com. http://www.keralaeverything.com/wil.htm আহৰণ কৰা হৈছে: 13 October 2006.
  7. I K K Menon. FOLK TALES OF KERALA. Publications Division Ministry of Information & Broadcasting Government of India. পৃষ্ঠা. 194–. ISBN 978-81-230-2188-1. https://books.google.com/books?id=pCv2DAAAQBAJ&pg=PT194.
  8. K. Narayanan (1972). District Census Handbook - Malappuram (Part-C) - 1971. প্ৰকাশক Thiruvananthapuram: Directorate of Census Operations, Kerala. পৃষ্ঠা. 3. http://lsi.gov.in:8081/jspui/bitstream/123456789/5714/1/51172_1971_MAL.pdf.
  9. 1 2 Directorate of Census Operations, Kerala. District Census Handbook, Malappuram. প্ৰকাশক Thiruvananthapuram: Directorate of Census Operations, Kerala. https://censusindia.gov.in/2011census/dchb/3205_PART_B_MALAPPURAM.pdf.
  10. Visakham thirunal.. প্ৰকাশক [Place of publication not identified]: Duc. 2012. ISBN 978-613-9-12064-2. OCLC 940373421.
  11. Some Madras Leaders. Allahabad Printed at Standard Press. 1922. https://archive.org/details/somemadrasleader00allauoft.
  12. Malayalam Project https://malayalamproject.wordpress.com Indulekha the novel - Malayalam Project
  13. "Kadalundi Bird Sanctuary". Kerala Tourism Development Corporation. https://www.keralatourism.org/destination/kadalundi-bird-sanctuary/137 আহৰণ কৰা হৈছে: 2025-11-02.
  14. "Kadalundi Bird Sanctuary". Kerala Forest Department, Government of Kerala. https://www.forest.kerala.gov.in/index.php/forest-management/wild-life-management/wildlife-sanctuaries/kadalundi-bird-sanctuary আহৰণ কৰা হৈছে: 2025-11-02.[সংযোগবিহীন উৎস]
  15. "Kadalundi River Ecology". Environmental Information System, Kerala State Council for Science, Technology and Environment. http://www.kerenvis.nic.in/Database/KadalundiRiver_1832.aspx আহৰণ কৰা হৈছে: 2025-11-02.
  16. "Eco-Development Committees". Kerala Forest Department, Government of Kerala. https://www.forest.kerala.gov.in/index.php/conservation/eco-development আহৰণ কৰা হৈছে: 2025-11-02.
  17. The Hindu https://www.thehindu.com 25 years on, Kadalundi recounts memories of rail tragedy
  18. Mathrubhumi English https://english.mathrubhumi.com Kadalundi train tragedy, 25 years later: The disaster that still haunts ...

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]