কনক দাস
| কনক দাস | |
|---|---|
কনক দাসৰ চিত্ৰ | |
| জন্ম | ৩০ নৱেম্বৰ ১৫০৮ বাডা, শ্বিগাঁও, বিজয়নগৰ সাম্ৰাজ্য, কৰ্ণাটক, ভাৰত |
| মৃত্যু | ১৬০৬ কাগিনেলে |
| প্ৰকৃত নাম | থিমাপ্পা নায়ক |
| গুৰু | ব্যাস তীৰ্থ |
| দৰ্শন | দ্বৈত, বৈষ্ণৱ ধৰ্ম |
কনক দাস (১৫০৯–১৬০৬)[1][2] যাক দাসশ্ৰেষ্ঠ কনক দাস বুলিও জনা যায়, ভাৰতৰ বৰ্তমানৰ কৰ্ণাটকৰ এজন হৰিদাস সাধু আৰু দ্বৈত বেদান্তৰ দাৰ্শনিক আছিল। মধ্বাচাৰ্যৰ দ্বৈত দৰ্শনৰ অনুগামী আৰু ব্যাস তীৰ্থৰ শিষ্য আছিল। তেওঁ কৰ্ণাটকী সংগীতৰ সুৰকাৰ, কবি, সংস্কাৰক আৰু সংগীতজ্ঞ আছিল।[3] তেওঁৰ কীৰ্তন আৰু উগাভোগ, আৰু কৰ্ণাটক সংগীতৰ বাবে কানাড়া ভাষাত ৰচনাৰ বাবে তেওঁ পৰিচিত। আন হৰিদাসৰ দৰে তেওঁ ৰচনাৰ বাবে সৰল কানাড়া আৰু থলুৱা ভাষাৰ ৰূপ ব্যৱহাৰ কৰিছিল।[4]
জন্ম
[সম্পাদনা কৰক]কৰ্ণাটকৰ বাংকাপুৰাৰ ওচৰৰ বাডা গাঁৱৰ কানাড়া কুৰুবা পৰিয়ালত কনক দাসৰ জন্ম হৈছিল[5] আৰু তেওঁ বাংকাপুৰা দুৰ্গত যোদ্ধা আছিল। তেওঁক শিকাইছিল শ্ৰীনিবাসচাৰ্যই। সৰুতে তেওঁ "তৰ্ক", "ব্যকৰণ", আৰু "মীমাংসা"ৰ বিশেষজ্ঞ হৈ পৰিছিল।[6] তেওঁৰ এখন ৰচনাৰ আধাৰত ইয়াৰ ব্যাখ্যা কৰা হৈছে যে, তেওঁ যুদ্ধত আঘাতপ্ৰাপ্ত হৈছিল আৰু ভগৱান হৰিৰ নাম জপ কৰাৰ অভ্যাস কৰিছিল। কনক দাসৰ ওচৰত এদিন এজন ভিক্ষাৰীৰ আবিৰ্ভাৱ হ’ল, কনকে তেওঁ কোন বুলি সুধিলে। ভিক্ষাৰীজনে উত্তৰ দি ক’লে যে তেওঁক তেওঁ (কনক) মাতিছে। কনক দাসে ভিক্ষাৰীক নিজেই ভগৱান হৰি (কৃষ্ণ) বুলি বুজি পাইছিল। ভগৱান হৰিয়ে কনক দাসক তিনিটা কামনা পূৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ভগৱান হৰিয়ে প্ৰথমে সুধিলে যে, কনকে ধন বিচাৰে নেকি? কনক দাসে নাকচ কৰিলে কিন্তু ভগৱানৰ পৰা এইখিনি বিচাৰিলে, ১) সকলো আঘাতৰ পৰা সুস্থ হ’বলৈ, ২) কনক দাসে যেতিয়াই তেওঁক আহ্বান জনায় তেতিয়াই ভগৱান হৰি উপস্থিত হোৱাৰ বাবে, আৰু ৩) নিজৰ প্ৰকৃত ৰূপত দৰ্শন দিবলৈ। প্ৰভুৱে এই কামনাবোৰ পূৰণ কৰিলে। ভগৱান হৰিক তেওঁৰ আদি ৰূপত দেখা পাই কনক দাস মন্ত্ৰমুগ্ধ হৈ পৰিল। এই ঘটনাৰ পিছত কনকে সৈনিক হিচাপে নিজৰ পেছা পৰিত্যাগ কৰি সংগীত ৰচনা, সাহিত্য ৰচনা আৰু শ্ৰীহৰি সম্পৰ্কে জনসাধাৰণক দৰ্শন বুজাবলৈ নিয়োজিত হয়। তেওঁৰ প্ৰাৰম্ভিক আধ্যাত্মিক গ্ৰন্থসমূহৰ ভিতৰত "নৰসিংহ স্তোত্ৰ", "ৰামধ্যান মন্ত্ৰ", আৰু "মোহনতৰংগিনী" আদি কবিতা অন্যতম।[7]
উডুপিত
[সম্পাদনা কৰক]কনক দাসৰ উডুপীৰ লগত সম্পৰ্ক আছিল কাৰণ তেওঁ ব্যাস তীৰ্থৰ শিষ্য আছিল।.[8] ব্যাস তীৰ্থই কনক দাসক মন্দিৰত সোমাবলৈ দিলেও পুৰোহিতসকলে তেওঁক বস্ত্ৰৰ ওপৰত ভিত্তি কৰি নিম্নবৰ্ণৰ সদস্য বুলি বিচাৰ কৰি মঠত প্ৰৱেশ কৰিবলৈ নিদিলে। কিন্তু তাৰ পাছত এখন দেৱাল ফাটি গ’ল আৰু কৃষ্ণৰ মূৰ্তি কনকৰ ফালে ঘূৰি গ’ল।[9]
কনক দাসে উডুপিত অলপ সময় কটালে। তেওঁ কাগিনেলেৰ দেৱতাক বুজাই তেওঁৰ স্বাক্ষৰ হিচাপে "কাগিনেলেয়া আদিকেশৱ" বাক্যাংশটো ব্যৱহাৰ কৰিছিল। তেওঁ ভগৱান কৃষ্ণ (বিষ্ণু)ৰ এজন মহান ভক্ত।
ৰচনা
[সম্পাদনা কৰক]উল্লেখযোগ্য
[সম্পাদনা কৰক]
- নলচৰিথ্ৰ (ನಳಚರಿತ್ರೆ)
- হৰিভক্তিসাৰ (ಹರಿಭಕ್ತಿಸಾರ)
- নৃসিংহাস্তৱ (ನೃಸಿಂಹಸ್ತವ)
- ৰমধন্যচৰিত (ರಾಮಧಾನ್ಯಚರಿತೆ), শ্ৰেণী সংগ্ৰামৰ ওপৰত এখন বিৰল গ্ৰন্থ
- মোহনাতৰংগিনী (ಮೋಹನತರಂಗಿಣಿ)
কনকদাসে পাঁচখন প্ৰধান গ্ৰন্থৰ উপৰিও প্ৰায় ২৪০ টা কৰ্ণাটকী সংগীতৰ ৰচনা (কীৰ্ত্তন, উগাভোগ, পদ, আৰু দাৰ্শনিক গীত)[10] ৰচনা কৰিছিল। কানাড়া ভাষাৰ প্ৰায় ১০০ টা গীত[11] আৰু ইংৰাজী ভাষাৰ ৬০ টা গীত[12] জনপ্ৰিয় কিতাপত প্ৰকাশ পায়।
কনক দাস প্ৰাসাদ
[সম্পাদনা কৰক]
কৰ্ণাটকৰ শ্বিগাওঁ অঞ্চলৰ বাডাত খননৰ সময়ত প্ৰত্নতাত্ত্বিক বিভাগে এটা দুৰ্গ আৰু এটা ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে যিটো কনক দাস(যাক আগতে থিম্মাপ্পা নায়ক বুলি কোৱা হৈছিল) যুগৰ বুলি চিনাক্ত কৰা হয়। কৰ্ণাটক ৰাজ্য চৰকাৰে ধৰ্মগুৰুজনৰ স্মৃতিত কনক দাস আৰু তেওঁৰ জীৱনৰ দৃশ্যপটৰ নতুন দুৰ্গ, ৰাজপ্ৰসাদ আৰু মূৰ্তি নিৰ্মাণ কৰিছে।[13]
সোঁৱৰণ
[সম্পাদনা কৰক]কনক গুৰু পীঠ
[সম্পাদনা কৰক]কুৰুবা সম্প্ৰদায়ে প্ৰতিষ্ঠা কৰা মঠ কাগিনেলে কনক গুৰু পীঠৰ নাম শ্ৰী কনক দাসৰ সন্মানত ৰখা হৈছে।.[14]
কনক দাস ডাকটিকট
[সম্পাদনা কৰক]
১৯৯০ চনত ভাৰত চৰকাৰে কনক দাসৰ নামত ডাক টিকট মুকলি কৰি তেওঁক সন্মান জনায়।[15]
কনক দাস জয়ন্তী
[সম্পাদনা কৰক]কৰ্ণাটকত বিশেষকৈ কুৰুবা সমাজত কনক দাসৰ জন্মদিন পালন কৰা হয়। ২০০৮ চনত কৰ্ণাটক চৰকাৰে তেওঁৰ জন্মদিনক ৰাজ্যিক উৎসৱ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় আৰু ১৮ নৱেম্বৰক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰে।[16][17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kannadada Anubhavika Nele Mattu Kanakadasaru". https://kanaja.karnataka.gov.in/ebook/wp-content/uploads/2023/PDF/kannadada-anubhavika-nele-mattu-kanakadasaru.pdf#page=12.
- ↑ "Places visited by Kanakadasa". Archived from the original on 2024-05-27. https://web.archive.org/web/20240527072910/https://kanakadasaresearchcenter.karnataka.gov.in/page/Places%20visited%20by%20Kanakadasaru/kn। আহৰণ কৰা হৈছে: 2025-11-22.
- ↑ says, Anantha Raju (2018-12-15). "Illustrious Saint Kanakadasa" (en-US ভাষাত). Star of Mysore. https://starofmysore.com/illustrious-saint-kanakadasa/। আহৰণ কৰা হৈছে: 2020-05-03.
- ↑ Medieval Indian Literature, A Anthology (1997) by Shiva Prakash H.S., edited by Ayyappapanicker, Sahitya Akademi আই.এচ.বি.এন. 8126003650, pp. 198–200
- ↑ "Baada: The birthplace of Kanakadasa" (English ভাষাত). Deccan Herald. September 16, 2021. https://www.deccanherald.com/india/karnataka/bada-the-birthplace-of-kanakadasa-1034027.html। আহৰণ কৰা হৈছে: 7 November 2025.
- ↑ Prof., Sudhakara (1997). Kagineleya Kanakadaasottama. Pratibha Prakashana, Mysore.
- ↑ HARISHANKAR. "The Great Saint Sree Kanaka Dasa". https://www.epoojastore.com/devotional-articles/sree-kanaka-dasa। আহৰণ কৰা হৈছে: 5 April 2020.
- ↑ Rao, Vasudeva (2002) (en ভাষাত). Living Traditions in Contemporary Contexts: The Madhva Matha of Udupi. Orient Blackswan. ISBN 978-81-250-2297-8. https://books.google.com/books?id=-utNEpTZWUkC&q=Kanaka+Dasa%2C+Vyasatirtha+Swamiji+follower&pg=PA199.
- ↑ Hegde, Sanjay (28 April 2014). "For human resolve, not miracles". The Hindu. http://www.thehindu.com/todays-paper/tp-opinion/for-human-resolve-not-miracles/article5954786.ece.
- ↑ Kanakadasa-The Golden servant of Lord Hari (2001) by Basavaraj Naikar, National Book Trust আই.এচ.বি.এন. 81-237-3664-9
- ↑ Kanaka Daasara Padagalu (1997) By S Rudramurthy Shastri, Bhagya Laksmi Publishers, Bangalore
- ↑ Songs of Three Great South Indian Saints by William J. Jackson (2002), Oxford India Paper, আই.এচ.বি.এন. 0-19-566051-X
- ↑ "In memory of a saint-poet". 23 November 2015. https://www.deccanherald.com/content/513565/in-memory-saint-poet.html.
- ↑ "Kanaka Guru Peetha Kaginele". Archived from the original on 9 August 2016. https://web.archive.org/web/20160809213841/http://discoveredindia.com/karnataka/attractions/temples/kanaka-guru-peetha-kaginele.htm। আহৰণ কৰা হৈছে: 22 November 2025.
- ↑ "Postage Stamps:: Postage Stamps,Stamp issue calendar 2014, Paper postage, Commemorative and definitive stamps, Service Postage Stamps, Philately Offices, Philatelic Bureaux and counters, Mint stamps". postagestamps.gov.in. Archived from the original on 2020-05-05. https://web.archive.org/web/20200505123635/http://postagestamps.gov.in/Stamps_List.aspx। আহৰণ কৰা হৈছে: 2022-06-30.
- ↑ Nanjappa, Vicky (26 September 2008). "K'taka: Historic cabinet meet in Gulbarga" (en ভাষাত). Rediff. https://www.rediff.com/news/report/gul/20080926.htm.
- ↑ "Kanakadasa jayanthi holiday" (en ভাষাত). Deccan Herald (The Printers, Mysore). 4 November 2009. https://www.deccanherald.com/content/34278/kanakadasa-jayanthi-holiday.html.