কন্যাৰকালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ভট্টকালি পৰিবেশিত হৈছে
কন্যাৰকালিৰ ইৰাট্টাকুড্ডান পুৰাট্টু

কন্যাৰকালি (ইংৰাজী: Kanniyar Kali ; মালয়ালম: കന്നിയാർ കളി) হ’ল কেৰালাৰ পলক্কাদ জিলাৰ, চিট্টুৰ তালুকৰ গাঁৱৰ মন্দিৰবোৰত অনুষ্ঠিত হোৱা এটা লোকনৃত্য। অনুষ্ঠানটো সাধাৰণতে গাঁৱৰ বিষু উৎসৱৰ এটা অংশ আৰু ‘ভেলা’ৰ (গ্ৰাম্যমেলা) সৈতে সংগতি ৰাখি এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰা হয়। এইটো নায়াৰ সম্প্ৰদায়ৰ এটি কৃষিভিত্তিক উৎসৱৰ নৃত্য।[1] কুমাৰীৰ নাম থখা সত্ত্বেও কন্যাৰকালিৰ কান্নি পন্থৰ সৈতে কোনো সম্পৰ্ক নাই। কন্যাৰকালিৰ কোনো প্ৰকাৰে কানিয়ৰ সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক নাই।[2] কন্যাৰকালিৰ উদ্ভৱ হৈছিল সেই সময়ত চৰ্চা কৰা সমৰ-কলাৰপৰা। সমৰ-কলাৰ প্ৰশিক্ষণক গতিশীল আৰু আনন্দদায়ক কৰিবলৈ প্ৰশিক্ষণৰ সৈতে নৃত্য আৰু কৌতুকৰ সংমিশ্ৰণ কৰা হৈছিল।[3]

নৃত্য[সম্পাদনা কৰক]

কন্যাৰকালি নৃত্য নিশা পৰিবেশিত হয় আৰু দোকমোকালিতে শেষ হয়। এয়া চাৰি নিশাৰ বাবে চলি থাকে। কিছুমান গাঁৱত এয়া তিনি নিশাৰ বাবেহে অনুষ্ঠিত হয়।[4]

নৃত্যৰ আৰম্ভণিতে প্ৰতি নিশা সম্প্ৰদায়ৰ পুৰুষসকল মন্দিৰত গোট খায় আৰু ভট্টকালি নামৰ এটা ছন্দময় বৃত্তাকাৰ নৃত্য পৰিবেশন কৰে। ভট্টকালিৰ পিছত পুৰাট্টু অনুষ্ঠিত হয়; যাৰ আক্ষৰিক অৰ্থ প্ৰহসন। পুৰাট্টুৰ কোনো নিৰ্দিষ্ট বিন্যাস নাই আৰু প্ৰায় এঘণ্টা জুৰি চলে। পুৰাট্টুত মধ্যযুগীয় কেৰালা আৰু তামিলনাডুৰ বিভিন্ন জাতি আৰু জনজাতিৰ জীৱন আৰু সামাজিক ৰীতি-নীতি চিত্ৰিত হৈছে। যিহেতু ইয়াত বিভিন্ন জাতি-জনজাতিৰ জীৱন আৰু ৰীতি-নীতি চিত্ৰত হয়, সেয়েহে বিভিন্ন পুৰাট্টুত ভিন-ভিন পোচাকৰ ব্যৱহাৰ, ভিন-ভিন নৃত্যৰ ধৰণ আৰু ভিন-ভিন গতিৰ গীত দেখা যায়। বহুবোৰ পুৰাট্টুত ধীৰ আৰু ছন্দবদ্ধ গতিবিধিৰ বিপৰীতে উগ্ৰ জনজাতি বা যোদ্ধা জনজাতিসকলৰ বৰ্ণনা থকা বহু পুৰাট্টুত লাঠিৰ যুদ্ধ কৰা বা সমৰ-সজ্জাৰ শৈলীৰ নৃত্য পৰিলক্ষিত হয়। কিছুমান পুৰাট্টু অলপ কৌতুকধৰ্মী আৰু একেকুৱা ধৰণৰ ঘটনাৰ চিত্ৰিত হয়, য’ত বহুদিন পূৰ্বে হেৰাই যোৱা স্বামী-স্ত্ৰীৰ পুনৰ্মিলন ঘটিছে।[3][4]

এটি বৰ্গাকাৰ স্থানত বিশেষভাবে এখন মঞ্চ তৈয়াৰ কৰা হয়। মঞ্চখন মন্দিৰৰ সন্মুখতে বা মন্দিৰ প্ৰাঙ্গনতে অৱস্থিত। ইয়াৰ কেন্দ্ৰত পোহৰ দি থকা বন্তি এগছি থাকে আৰু নটা খুটাই ধৰি ৰখা এখন আচ্ছাদন থাকে। গায়কসকলে মঞ্চৰ মাজত অৱস্থান কৰে আৰু নৃত্যশিল্পীসকলে বৃত্তাকাৰে মঞ্চৰ চৌপাশে নৃত্য কৰে।[3][4]

গীতবোৰ বেছিভাগেই মালয়ালম ভাষাৰ আৰু নিৰ্দিষ্ট পুৰাট্টুবোৰত যিবোৰ গীত আছে, সেইবোৰত তামিল ভাষাৰ প্ৰচুৰ প্ৰভাৱ পৰিছে। ইয়াৰ সৈতে সংগত গোৱা বাদ্যযন্ত্ৰবোৰ হ’ল- এলাতালাম, চেন্দা, মাদলালাম, কুৰনকুঞ্জল, চেঙ্গালাম আদি। অংশগ্ৰহণকাৰীসকল কেবল পুৰুষহে হয় আৰু মহিলাৰ ৰূপসজ্জাৰে পুৰুষসকলেই মহিলাৰ ভূমিকা ৰূপায়ণ কৰে। প্ৰতিটো কন্যাৰকালি ছয়জনৰ পৰা বিছজনলৈ শিল্পী থাকে।[4][3]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Malayalam Literary Survay, Volume 1, Issue 2-4. Kerala Sahithya Akademi, 1977. পৃষ্ঠা. 185. 
  2. T. Madhava Menon. A Handbook of Kerala, Volume 2. International School of Dravidian Linguistics, 2002. পৃষ্ঠা. 423. 
  3. 3.0 3.1 3.2 3.3 Chummar Choondal. Studies in Folklore of Kerala. College Book House. পৃষ্ঠা. 78. 
  4. 4.0 4.1 4.2 4.3 "Kanyarkali". Keralaculture.org. http://www.keralaculture.org/kaniyarkali/16। আহৰণ কৰা হৈছে: 15 February 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]