কনৰাড মুৰে
| কনৰাড মুৰে | |
|---|---|
গ্ৰেপ্তাৰৰ পিছত ২০১০ চনৰ মাৰেৰ মাগশ্বট | |
| জন্ম | কনৰাড ৰবাৰ্ট মুৰে ফেব্ৰুৱাৰী ১৯ , ১৯৫৩ (৭২ বছৰ) Saint Andrew Parish, Grenada, British Windward Islands |
| ৰাষ্ট্ৰীয়তা | গ্ৰেনেডিয়ান ত্ৰিনিদাদিয়ান আমেৰিকান |
| পেচা |
|
| জনা যায় | মাইকেল জেকচনৰ ব্যক্তিগত চিকিৎসক, ২০০৯ চনত জেকচনৰ মৃত্যুৰ সময়ত |
| দাম্পত্যসঙ্গী | Zufan Tesfai (বি. ১৯৮৪; বিবি. ১৯৮৮) Yvette Bolick Murray (formerly) |
| সন্তান | ৭ |
| দোষী সাব্যস্ত | Involuntary manslaughter |
| হত্যাসমূহ | |
| Victims | 1 (Michael Jackson) |
| তাৰিখ | June 25, 2009 2:26 p.m. (Pacific Daylight Time) |
| ৰাজ্ষ | California |
| স্থান | Los Angeles |
| হত্যা | 1 |
কৰায়ত্ব |
February 8, 2010 |
| কাৰাগাৰ; | Twin Towers Correctional Facility |
কনৰাড ৰবাৰ্ট মুৰে (ইংৰাজী: Conrad Robert Murray; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৫৩) এজন গ্ৰেনেডিয়ান-ট্ৰিনিদাদীয়-আমেৰিকান[1] প্ৰাক্তন চিকিৎসক আৰু দোষী সাব্যস্ত হোৱা অপৰাধী। ২০০৯ চনত মাইকেল জেকচনৰ মৃত্যুৰ সময়ত তেওঁ জেকচনৰ ব্যক্তিগত চিকিৎসক আছিল। ২০১১ চনত জেকচনৰ মৃত্যুৰ পূৰ্বে মুৰেই অজানিতে জেকচনক শক্তিশালী অস্ত্ৰোপচাৰৰ এনাস্থেটিক প্ৰপ’ফ’ল শোৱাৰ আগতে টোপনিৰ দৰৱ হিচাপে অনুচিতভাৱে ব্যৱহাৰ কৰিবলৈ দিছিল, যাৰবাবে তেওঁ অনিচ্ছাকৃত নৃশংস হত্যাৰ দোষত দোষী সাব্যস্ত হয়।[2] মুৰেই তেওঁৰ মূল চাৰি বছৰৰ কাৰাদণ্ডৰ ভিতৰত দুবছৰৰ অলপ কম সময় কটাবলগীয়া হৈছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৫৩ চনৰ ১৯ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা কনৰাড ৰবাৰ্ট মুৰেই গ্ৰেনাডাৰ কৃষক মাতৃৰফালৰপৰা ককাক-আইতাকে ডাঙৰ-দীঘল কৰিছিল। পিছলৈ তেওঁ সাত বছৰ বয়সত ট্ৰিনিদাদ আৰু ট’বাগোত মাতৃ মিল্টাৰ সৈতে থাকিবলৈ লয়। ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাজধানী প’ৰ্ট অৱ স্পেইনত তেওঁ বৰ কষ্টেৰে ডাঙৰ-দীঘল হৈছিল। ২৫ বছৰ বয়সলৈকে তেওঁ তেওঁৰ চিকিৎসক পিতৃ “ৰ’লে এণ্ড্ৰু ছিনিয়ৰ’’ক লগ পোৱা নাছিল। ২০০১ চনত মৃত্যু হোৱা এণ্ড্ৰুৱে দৰিদ্ৰ লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে নিষ্ঠাৰে কাম কৰিছিল। মুৰেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি ট্ৰিনিদাদত প্ৰাথমিক বিদ্যালয়ৰ স্বেচ্ছাসেৱী শিক্ষক হিচাপে কাম কৰিছিল। শিক্ষকতা কৰাৰ পাছত তেওঁ কলেজৰ টিউচনৰ বাবে সঞ্চয় কৰিবলৈ কাষ্টমছ কেৰাণী আৰু বীমা আণ্ডাৰৰাইটাৰ হিচাপে কাম কৰিছিল।[2]
শিক্ষা
[সম্পাদনা কৰক]১৯৭৩ চনত মুৰেই টেক্সাছ চাউদাৰ্ণ বিশ্ববিদ্যালয়ত পঢ়িবলৈ তেওঁৰ পিতৃয়ে কাম কৰি থকা টেক্সাছৰ হিউষ্টনলৈ গুচি যায় আৰু প্ৰি-মেড আৰু বায়'লজিকেল বিজ্ঞানত মেগনা কাম ল’ড ডিগ্ৰী লাভ কৰে। মুৰেই টেনেচিৰ নেচভিলৰ মেহাৰী মেডিকেল কলেজত শিক্ষা অব্যাহত ৰাখে, যিখন স্কুলত তেওঁৰ পিতৃয়েও পঢ়িছিল আৰু ই আফ্ৰিকান আমেৰিকানসকলৰ বাবে দক্ষিণ আমেৰিকাৰ প্ৰথমখন মেডিকেল স্কুল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ মিনেছ’টাৰ ৰচেষ্টাৰৰ মেয়’ ক্লিনিকত ইণ্টাৰনেল মেডিচিনৰ ৰেচিডেন্সি আৰম্ভ কৰিছিল। কেলিফৰ্ণিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰত ইয়াক সম্পূৰ্ণ কৰিছিল মুৰেই। তাৰ পিছত তেওঁ এৰিজোনা বিশ্ববিদ্যালয়ত কাৰ্ডিঅ'লজি ফেল'শ্বিপ সম্পূৰ্ণ কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]মুৰেই ছান ডিয়েগোৰ শ্বাৰপ মেম’ৰিয়েল হাস্পতালত ইয়াৰ কাৰ্ডিঅ’লজি ফেল’শ্বিপ প্ৰশিক্ষণ কাৰ্যসূচীৰ সহযোগী সঞ্চালক হিচাপে কাম কৰিছিল। ১৯৯০ চনত তেওঁ লাছ ভেগাছত ব্যক্তিগত প্ৰেকটিছ আৰম্ভ কৰে। ২০০৬ চনত তেওঁ হিউষ্টনত একৰ হোমছ হাৰ্ট এণ্ড ভেছকুলাৰ ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে। ২০০৬ চনত লাছ ভেগাছত মুৰেই মাইকেল জেকচনক লগ পাইছিল, আৰু তেওঁৰ কন্যা পেৰিছ অসুস্থ হৈ পৰাৰ সময়ত চিকিৎসা কৰিছিল। ২০০৯ চনৰ জুলাই মাহত জেকচনে তেওঁৰ ভ্ৰমণৰ পূৰ্বে মুৰেক তেওঁৰ নিজস্ব ব্যক্তিগত চিকিৎসক হিচাপে নিযুক্তি দিয়ে।[2] জেকচনে জোৰ দি কয় যে, মুৰেক তেওঁৰ শ্ব’ প্ৰমোটাৰ এ ই জি লাইভত মাহিলী ১ লাখ ৫০ হাজাৰ ডলাৰত নিযুক্তি দিব লাগে। কিন্তু পিছলৈ এ ই জিয়ে দাবী কৰে যে, মুৰেৰ সৈতে কেতিয়াও চুক্তি হোৱা নাছিল।[3][4] মুৰে আৰু এ ই জিয়ে এই কথাত একমত যে মুৰেক কেতিয়াও দৰমহা দিয়া হোৱা নাছিল।[5] ২০১৮ চনত মুৰেই এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে, This Is It!, য’ত মাইকেল জেকচনৰ চিকিৎসক হিচাপে তেওঁৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ দিয়া হৈছিল আৰু তাত মাদাৰ টেৰেছাৰ চিকিৎসা কৰাৰ কথা কোৱা হৈছে। মুৰেই লিখিছে,
অৱশ্যে মোৰ আটাইতকৈ উদাৰ আৰু সম্ভ্ৰান্ত ৰোগীজনো এতিয়া মৃত। তেওঁ আছিল বিশ্ববিখ্যাত কুইণ্টেচেন্সিয়েল নান, যি এতিয়া এগৰাকী সন্ত: মাদাৰ টেৰেছা। মই মোৰ সেৱা তেওঁৰ বাবে উৎসৰ্গা কৰি ভাল পাইছিলোঁ, ই সম্পূৰ্ণ নিস্বাৰ্থ আছিল কাৰণ যেতিয়া মই তেওঁক সেৱা কৰিবলৈ সন্মত হৈছিলোঁ, তেতিয়া মোৰ আক্ষৰিক অৰ্থত কোনো ধাৰণা নাছিল যে তেওঁ এগৰাকী বিখ্যাত লোক।
এ.ভি. ক্লাবে কিতাপখনক “নিৰাময়ৰ কোনো উপায় নথকা সাহিত্যিক বিষ’’[6] বুলি অভিহিত কৰে আৰু দ্য ডেইলী টেলিগ্ৰাফে কয় যে, ইয়াত থকা যিকোনো প্ৰকাশ "কেইবা হাজাৰ শব্দৰে আত্ম-প্ৰচাৰত ডুব যোৱা, যথেষ্ট বিৰাম চিহ্নৰে পুনৰাবৃত্তিমূলক লেখা।"[7]
২০২৩ চনৰ মে' মাহত মুৰেই ট্ৰিনিদাদ আৰু ট'বাগোৰ ছান জুয়ানৰ উপকণ্ঠ অঞ্চল এল ছ’ক’ৰ’ত "ডিচিএম মেডিকেল ইনষ্টিটিউট" শীৰ্ষক নিজাকৈ এটা প্ৰতিষ্ঠান মুকলি কৰে।[8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মুৰে এজন প্ৰাকৃতিকভাবে আমেৰিকান নাগৰিক।[1] ২০০৯ চনৰ মে' মাহত মুৰেই জেকচনৰ ব্যক্তিগত চিকিৎসক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।[9] সেই সময়লৈকে তেওঁ ছয়গৰাকী ভিন্ন মহিলাৰ পৰা সাতটা সন্তান জন্ম দিছিল বুলি কোৱা হয়।[10] প্ৰথমা পত্নী আৰু সন্তানে দখল কৰা লাছ ভেগাছৰ ঘৰটোৰ বন্ধকত তেওঁৰ বকেয়া আদায় দিবলগীয়া আছিল আৰু তেওঁৰ বিবাহ বহিৰ্ভুত সন্তানৰ মাতৃৰ ওচৰত শিশু লালন-পালনৰ বাবে লোৱা ঋণ আছিল, যিটো তেওঁ মাইকেল জেকচনৰ পৰিয়ালৰ পৰা পোৱা ধনৰ পৰিমাণৰ বাবে দিব পৰা নাছিল। মেডিকেল স্কুলত লগ পোৱা দ্বিতীয় পত্নী ব্লাঞ্চৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু আন এগৰাকী মহিলা নিকোল আলভাৰেজৰ ভাড়া দিবলৈ সহায় কৰিছিল। লাছ ভেগাছৰ এটা ভদ্ৰলোক ক্লাবত মুৰেই আলভাৰেজক লগ পায় যেতিয়া তেওঁ ষ্ট্ৰিপাৰ হিচাপে কাম কৰিছিল আৰু আলভাৰেজে ২০০৯ চনৰ মাৰ্চ মাহত তেওঁলোকৰ পুত্ৰ চে জিওভানি মুৰেক জন্ম দিয়ে।[11] হিউষ্টনৰ এগৰাকী ককটেল ওৱেট্ৰেছৰ সৈতে তেওঁৰ আন এটা সম্পৰ্ক থকাৰ কথাও কোৱা হয়।[12]
মুৰেই তেওঁৰ এটা সন্তানৰ লালন-পালনৰ বাবে লোৱা অনাদায় ঋণৰ বাবে কেলিফৰ্ণিয়াৰ চিকিৎসা অনুজ্ঞাপত্ৰ হেৰুৱাৰ আশংকাত ভুগিছিল আৰু কেলিফৰ্ণিয়াৰ এগৰাকী মহিলা নেনিতা মালিবিৰানৰ ওচৰত ১৩,০০০ ডলাৰ ঋণী হৈছিল।[13] মুৰেই বহুতো দেৱানী গোচৰৰ বিবাদী আছিল (ইবোৰ চিকিৎসাৰ অসৎ ব্যৱহাৰৰ বাবে কোনোটোৱেই নাছিল)। ২০০৮ চনলৈকে তেওঁ টেক্সাছ আৰু নেভাদাত কৰা প্ৰেকটিছৰ বাবে চিকিৎসা সঁজুলি আৰু অনাদায় ভাড়াৰ বাবে তেওঁৰ বিৰুদ্ধে আদালতৰ ৰায়দানত ৬ লাখ ডলাৰতকৈ অধিক ধন জমা কৰিছিল। মেহাৰী মেডিকেল কলেজৰ ছাত্ৰ ঋণৰ বাবেও তেওঁৰ ৭১,০০০ ডলাৰ ঋণ আছিল।[14] ২০০২ চনত কেলিফৰ্ণিয়াত মুৰেই দেউলীয়া ঘোষিত কৰিবলৈ আবেদন জনাইছিল।[15]
মাইকেল জেকচনৰ মৃত্যু
[সম্পাদনা কৰক]২০০৯ চনৰ ২৫ জুনত মুৰেক নিযুক্তি দিয়াৰ কেইমাহমানৰ পাছত মুৰেই প্ৰদান কৰা প্ৰ’প’ফ’লৰ মাৰাত্মক মাত্ৰাৰ বাবে জেকচনৰ মৃত্যু হয়। ২০০৯ চনৰ আগষ্ট মাহত প্ৰকাশ পোৱা আদালতৰ নথি-পত্ৰত প্ৰকাশ পাইছে যে কৰ’নাৰৰ প্ৰাৰম্ভিক সিদ্ধান্তত জেকচনে প্ৰ’প’ফ’লৰ অতিমাত্ৰা সেৱন কৰা বুলি ইংগিত দিছিল। কিন্তু কৰ'নাৰ কাৰ্যালয়ে এই মৃত্যুক হত্যাকাণ্ড বুলি ৰায় দিয়া বুলি দাবী কৰা বাতৰিৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।[16]
জেকচনৰ চিকিৎসা কৰা বুলি ধাৰণা কৰা চিকিৎসকৰ কেইবাটাও কাৰ্যালয়ত তালাচী চলোৱা হয়। মৰণোত্তৰ পৰীক্ষা আৰু বিষবিজ্ঞানৰ তথ্যৰ ভিত্তিত জেকচনৰ মৃত্যুৰ কাৰণ বেনজ’ডাইজেপিন প্ৰভাৱৰ সৈতে তীব্ৰ প্ৰ’প’ফ’ল মদ্যপান আৰু মৃত্যুৰ ধৰণটো হত্যাকাণ্ড বুলি নিৰ্ণয় কৰা হৈছিল, শেষত, যাৰ ফলত তদন্তৰ কেন্দ্ৰবিন্দু মুৰেৰ ফলীয়া হৈছিল। জেকচনৰ মৃত্যুৰ নিশা তেওঁ অনিদ্ৰাৰ বাবে ২৫ মিলিগ্ৰাম প্ৰ’প’ফ’ল সিৰাত দিয়া বুলি স্বীকাৰ কৰে। তেওঁ দাবী কৰিছিল যে তেওঁ তেওঁক অন্য ড্ৰাগছৰদ্বাৰা চিকিৎসা কৰিবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীৰ শপতনামা অনুসৰি জেকচনে জোৰ দিয়াৰ পাছতহে তেওঁ প্ৰপ'ফ'ল প্ৰদান কৰিছিল।[14]
মুৰেই কয় যে, জেকচনে টোপনি যাবলৈ এই ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে বুলি তেওঁ চিন্তিত হৈছিল আৰু তাৰপৰা তেওঁক মুক্ত কৰিবলৈ চেষ্টা কৰিছিল।[16][17] যদিও এফ ডি এৰ অনুমোদিত যিকোনো ঔষধক অফ-লেবেলত দায়িত্বশীলভাৱে ৰোগীৰ সৈতে প্ৰয়োগ কৰিব পাৰি, যিটো তেওঁলোকৰ ৰোগীৰ বাবে চিকিৎসা বিধিমতে উপযুক্ত;[18] প্ৰপ’ফ’লৰ ইংগিত দিয়া ব্যৱহাৰ কেৱল এনাস্থেচিয়াৰ বাবে—টোপনিৰ সহায়ক হিচাপে নহয়— আৰু সেয়েহে ইয়াক চিকিৎসালয় বা ক্লিনিকেল পৰিৱেশত সঠিকভাৱে নিবিড়ভাৱে নিৰীক্ষণ কৰি দিয়া হয়। সেই অনুসৰি প্ৰ’প’ফ’ল এনাস্থেচিয়া বিশেষজ্ঞ, চাৰ্টিফাইড ৰেজিষ্ট্ৰেড নাৰ্ছ এনাস্থেটিষ্ট (CRNA), জটিল যত্নৰ চিকিৎসক (ইণ্টেনচিভিষ্ট), বা এনাস্থেটিক ব্যৱহাৰ আৰু নিৰীক্ষণৰ ব্যাপক প্ৰশিক্ষণ লাভ কৰা জৰুৰীকালীন চিকিৎসকৰ আদেশত প্ৰদান কৰাৰ কথা; মুৰেৰ তেনে কোনো বিশেষ প্ৰশিক্ষণ নাছিল।
২০১১ চনৰ ফেব্ৰুৱাৰী মাহত মুৰেৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অনাকাংক্ষিতভাৱে হত্যাৰ অভিযোগ উত্থাপন কৰা হয়।[19] ২০১১ চনৰ ২৭ ছেপ্টেম্বৰত লছ এঞ্জেলছত বিচাৰ চলিছিল আৰু ২০১১ চনৰ ৭ নৱেম্বৰত অনিচ্ছামূলক হত্যাৰ গোচৰত তেওঁ দোষী সাব্যস্ত হৈছিল। তেওঁৰ জামিন বাতিল কৰি ২৯ নৱেম্বৰৰ শাস্তিৰ তাৰিখলৈকে তেওঁক জিম্মালৈ প্ৰেৰণ কৰা হয়। তেওঁ সৰ্বোচ্চ চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল। তেওঁৰ টেক্সাছৰ চিকিৎসা অনুজ্ঞাপত্ৰ বাতিল কৰা হয় আৰু তেওঁৰ কেলিফৰ্ণিয়া আৰু নেভাদাৰ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হয়।[20] দুবছৰ কাৰাবাস খাটি থকাৰ পিছত ২০১৩ চনৰ ২৮ অক্টোবৰত পেৰ'লত মুকলি কৰি দিয়া হয়।[21]
জেকচনৰ পিতৃ জো জেকচনে ২০১০ চনত মুৰেৰ বিৰুদ্ধে অন্যায় মৃত্যুৰ গোচৰ তৰে,[22] কিন্তু ২০১২ চনত সেই গোচৰ ত্যাগ কৰে।[23] লগতে ২০১০ চনত জেকচনৰ মাতৃ কেথেৰিন জেকচন আৰু তিনিটা সন্তানে কনচাৰ্ট প্ৰমোটাৰ এ ই জিৰ বিৰুদ্ধে পৃথক অন্যায় মৃত্যুৰ মামলা দাখিল কৰি দাবী কৰে যে, কোম্পানীটোৱে মুৰেক নিযুক্তি দিয়াত গাফিলতি কৰিছে; জুৰীয়ে ২০১৩ চনত এ ই জিৰ সপক্ষে সিদ্ধান্ত লয়।[24]
২০১৬ চনত ইনছাইড এডিচনে ৰিপ'ৰ্ট কৰিছিল যে মুৰেই "এতিয়াও ৰোগীৰ ওচৰলৈ গৈ আছে", যদিও মুৰেই দাবী কৰিছিল যে, তেওঁ ৰোগীৰপৰা তেওঁৰ সেৱাৰ বাবে একো লোৱা নাই, তেওঁ কেৱল ঔষধ প্ৰেছক্ৰিপচন নকৰাকৈ "পৰামৰ্শহে প্ৰদান কৰিছে" আৰু সেয়েহে তেওঁ "আইন ভংগ কৰা নাই।"[25]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Duke, Alan (December 19, 2012). "Michael Jackson doctor Conrad Murray seeks bail while waiting on appeal". CNN. https://www.cnn.com/2012/12/19/justice/california-conrad-murray-appeal/index.html। আহৰণ কৰা হৈছে: May 7, 2023. "Murray is a naturalized U.S. citizen with children in the United States"
- ↑ 2.0 2.1 2.2 2.3 "Dr. Conrad Murray Biography". A & E Television Networks. 2011. Archived from the original on January 29, 2011. https://web.archive.org/web/20110129031713/http://www.biography.com/articles/dr.-conrad-murray-481814। আহৰণ কৰা হৈছে: July 24, 2011.
- ↑ Connelly, Chris (July 2, 2009). "Michael Jackson Overexerted Himself in Tour Rehearsal, Insiders Say". ABC News. http://abcnews.go.com/Entertainment/MichaelJackson/story?id=7990611&page=1.
- ↑ Whitcraft, Teri (July 25, 2010). "Promoter and Conrad Murray Had No Contract". ABC News. http://abcnews.go.com/2020/michael-jackson-wrongful-death-lawsuit-aeg-medical-equipment/story?id=11014828.
- ↑ Goldman, Russell (August 25, 2009). "Michael Jackson Doc Conrad Murray Never Got Paid Prior to Singer's Death". ABC News. https://abcnews.go.com/Entertainment/MichaelJackson/story?id=8412538.
- ↑ Rabin, Nathan. "This Is It!—the memoir of Michael Jackson's doctor—is a morbidly fascinating train wreck". AV Club. https://www.avclub.com/this-is-it-the-memoir-of-michael-jackson-s-doctor-is-a-1798259426। আহৰণ কৰা হৈছে: September 19, 2025.
- ↑ Vincent, Alice (November 27, 2018). "Conrad Murray and Michael Jackson - what we learnt from the doctor's terrible book". Telegraph. https://www.telegraph.co.uk/music/news/conrad-murray-and-michael-jackson---what-we-learned-from-the-doc/.
- ↑ "Michael Jackson's Doctor Conrad Murray Opens Medical Institute 12 Years After Involuntary Manslaughter Conviction". people.com. https://people.com/michael-jackson-doctor-conrad-murray-opens-medical-institute-7554294.
- ↑ "Conrad Murray Fast Facts" (en ভাষাত). CNN. April 3, 2018. https://www.cnn.com/2013/04/03/us/conrad-murray-fast-facts/index.html.
- ↑ Ackerman, Todd (February 8, 2010). "The contradictory life of Michael Jackson's doctor". Houston Chronicle. http://www.chron.com/disp/story.mpl/metropolitan/6857062.html.
- ↑ Mikulan, Steven (January 7, 2011). "Michael Jackson, Conrad Murray and the Stripper". the wrap.com. Archived from the original on June 16, 2012. https://web.archive.org/web/20120616082516/http://www.thewrap.com/media/article/michael-jackson-conrad-murray-and-stripper-23740?page=0,0। আহৰণ কৰা হৈছে: August 15, 2011.
- ↑ Ryan, Harriet (January 11, 2011). "Women tell of relationships with Dr. Conrad Murray". Los Angeles Times. https://www.latimes.com/archives/la-xpm-2011-jan-08-la-me-conrad-murray-20110108-story.html.
- ↑ Allen, Nick (October 8, 2011). "Michael Jackson doctor Conrad Murray in trouble over child support". The Telegraph. https://www.telegraph.co.uk/news/celebritynews/6276635/Michael-Jackson-doctor-Conrad-Murray-in-trouble-over-child-support.html.
- ↑ 14.0 14.1 McKinley, James (September 26, 2009). "Differing Sides of Physician Who Tended to Jackson". The New York Times. https://www.nytimes.com/2009/09/27/us/27murray.html?pagewanted=all.
- ↑ Fletcher, Dan (August 26, 2009). "Michael Jackson Doctor Conrad Murray". Time. Archived from the original on August 26, 2013. https://web.archive.org/web/20130826204839/http://www.time.com/time/nation/article/0,8599,1918722,00.html। আহৰণ কৰা হৈছে: September 29, 2025.
- ↑ 16.0 16.1 "Coroner's preliminary finding: Jackson overdosed on propofol". CNN. August 24, 2009. Archived from the original on February 5, 2020. https://web.archive.org/web/20200205070429/http://edition.cnn.com/2009/SHOWBIZ/Music/08/24/michael.jackson.propofol/index.html#cnnSTCText। আহৰণ কৰা হৈছে: September 29, 2025. Retrieved February 3, 2019
- ↑ Irvine, Chris (August 25, 2009). "Michael Jackson: who is Dr Conrad Murray?". The Telegraph. https://www.telegraph.co.uk/culture/music/michael-jackson/6084022/Michael-Jackson-who-is-Dr-Conrad-Murray.html.
- ↑ Beck, James M.; Azari, Elizabeth D. (1998). "FDA, Off-Label Use, and Informed Consent: Debunking Myths and Misconceptions". Food and Drug Law Journal খণ্ড 53 (1): 76–80. PMID 11795338. https://www.druganddevicelawblog.com/wp-content/uploads/sites/30/2011/10/Beck-1998-FDLJ-Off-Label-Use-Article.pdf। আহৰণ কৰা হৈছে: 21 Sep 2022.
- ↑ Ryan, Harriet (January 26, 2011). "Michael Jackson's doctor, Conrad Murray, pleads not guilty in the singer's death". Los Angeles Times. https://www.latimes.com/local/la-xpm-2011-jan-26-la-me-conrad-murray-20110126-story.html.
- ↑ Duke, Alan (November 30, 2011) Conrad Murray sentenced to four years behind bars, CNN, Retrieved June 24, 2016.
- ↑ Duke, Alan (October 28, 2013) Conrad Murray completes jail time for killing Michael Jackson CNN, Retrieved February 22, 2019.
- ↑ "Joe Jackson Files Wrongful Death Suit Against Dr. Conrad Murray". Fox News. June 25, 2010. https://www.foxnews.com/entertainment/joe-jackson-files-wrongful-death-suit-against-dr-conrad-murray/.
- ↑ Michael Jackson's Father Drops Wrongful Death Suit Against Conrad Murray. RollingStone.com. Retrieved June 24, 2016.
- ↑ Mohney, G. (October 18, 2013). "Michael Jackson's Former Doctor Conrad Murray Released From Jail". ABCNews.com. http://abcnews.go.com/US/conrad-murray-released-jail/story?id=20699882। আহৰণ কৰা হৈছে: June 24, 2016.
- ↑ "Michael Jackson's Doctor Conrad Murray Is Still Visiting Patients After Losing Medical License". Inside Edition. May 20, 2016. https://www.insideedition.com/headlines/16522-michael-jacksons-doctor-conrad-murray-is-still-visiting-patients-after-losing-medical-license.