কপিল
কপিল | |
|---|---|
প্ৰাচীন ভাৰতীয় ঋষি কপিল, পুঁথিচিত্ৰ, জলৰং। | |
| দৰ্শন | সাংখ্য |
| সন্মান | হিন্দুশাস্ত্ৰত তেওঁক মনুৰ বংশধৰ বোলা হৈছে। |
কপিল (ইংৰাজী: Kapila, সংস্কৃত: कपिल) বা কপিল মুনি এগৰাকী বৈদিক ঋষি। তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। সাংখ্য হৈছে ভাৰতীয় ষড়্দৰ্শনৰ মাজত এটি আস্তিক্যবাদী দৰ্শন। ভাগৱত পুৰাণত এই দৰ্শনৰ আস্তিক্যবাদী ধাৰাটোৰ উল্লেখ পোৱা যায়।[1] হিন্দুসকলৰ প্ৰচলিত বিশ্বাস অনুসৰি, তেওঁ ব্ৰহ্মাৰ পৌত্ৰ মনুৰ বংশধৰ। ভাগৱত পুৰাণৰ বৰ্ণনা অনুসৰি কপিলৰ পিতৃ আছিল কৰ্দম মুনি আৰু মাতৃ আছিল দেৱাহুতি। এই শাস্ত্ৰত কপিলক বিষ্ণুৰ এটি অৱতাৰ বুলি উল্লেখ কৰা হৈছে আৰু ভাগৱত পুৰাণত অৱতাৰসকলৰ তালিকাত তেওঁৰ নামটোও পোৱা যায়। ভগৱদ্গীতাত কপিলক এগৰাকী সিদ্ধযোগী বোলা হৈছে।
কপিলৰ জীৱন বৃত্তান্ত
[সম্পাদনা কৰক]কপিলাবাস্তু নামৰ নগৰত কপিলে জন্মগ্ৰহণ কৰিছিল। অনুমাণিক ৭২৩ খ্ৰিষ্টপূৰ্বাব্দত তেওঁৰ আবিৰ্ভাৱ হৈছিল। তেওঁ গৌতম বুদ্ধৰ পূৰ্বৱৰ্তী আছিল বুলি অনুমান কৰা হয়। ভাগৱত পুৰাণৰ তৃতীয় স্কন্দত কপিলৰ জীৱনৰ বৰ্ণনা পোৱা যায়। ইয়াত তেওঁক কৰ্দম মুনি আৰু দেৱাহুতিৰ পুত্ৰ বোলা হৈছে। তেওঁ সতী অনসূয়াৰ ভ্ৰাতা আৰু গুৰু। কপিলক সৰ্বোচ্চ দেৱতা বিষ্ণুৰ এটি অৱতাৰ বুলি উল্লেখ কৰা হৈছে আৰু ভাগৱত পুৰাণত অৱতাৰসকলৰ তালিকাত তেওঁৰ নামটোও পোৱা যায়। পিতৃৰ গৃহত্যাগৰ পিছত কপিলে নিজৰ মাতৃ দেৱাহুতিক যোগ আৰু বিষ্ণু-ভক্তিৰ শিক্ষা দিছিল। ইয়াৰ ফলত দেৱাহুতিয়ে মোক্ষ লাভ কৰে। ভাগৱত পুৰাণৰ একাদশ অধ্যায়ত কপিলৰ সাংখ্য দৰ্শন কৃষ্ণই উদ্ধৱক শিকাইছিল। এই অংশটো উদ্ধৱ গীতা নামেৰে পৰিচিত।[2]
শ্ৰীকৃষ্ণই শ্ৰীমদ্ভগৱতগীতাত কপিলৰ উল্লেখ কৰিছে, এইদৰে:
বৃক্ষৰ মাজত মই আঁহত, ঋষিগণৰ মাজত মই দেৱৰ্ষি নাৰদ, গন্ধৰ্বগণৰ মাজত মই চিত্ৰৰথ আৰু সিদ্ধগণৰ মাজত মই কপিল। (১০। ২৬)
গঙ্গাৰ জন্ম
[সম্পাদনা কৰক]
স্বৰ্গৰ নদী গঙ্গাৰ মৰ্ত্যত অৱতৰণৰ কাহিনীত কপিল এগৰাকী প্ৰধান চৰিত্ৰ। ৰামৰ পূৰ্বপুৰুষ সগৰে ৯৯ বাৰ অশ্বমেধ যজ্ঞ কৰিছিল। শততম যজ্ঞৰ সময়ত দেৱৰাজ ইন্দ্ৰই ঈৰ্ষান্বিত হৈ ঘোঁৰাটোক অপহৰণ কৰি কপিলৰ আশ্ৰমত থৈ গৈছিল।[3]
সগৰৰ ষাঠি হাজাৰ পুত্ৰই ঘোঁৰাটোৰ অনুসন্ধানত ওলাইছিল। তেওঁলোকে কপিলক চোৰ বুলি অপবাদ দিয়াত, কপিলে তেওঁলোকক ভস্ম কৰি দিয়ে। সগৰৰ পৌত্ৰ অংশুমানে কপিলৰ ওচৰলৈ আহি ষাঠি হাজাৰ পুত্ৰৰ প্ৰাণ ঘূৰাই দিয়াৰ বাবে অনুৰোধ জনায়। কপিল কʼলে, স্বৰ্গৰ নদী গঙ্গা নামি আহি তেওঁলোকৰ ভস্ম স্পৰ্শ কৰিলেহে তেওঁলোকে প্ৰাণ ঘূৰাই পাব।[4] পিছত সগৰৰ বংশধৰ ভগীৰথে তপস্যা কৰি গঙ্গাক মৰ্ত্যলৈ লৈ আহিছিল।
বংশ-পৰম্পৰা
[সম্পাদনা কৰক]হিন্দুশাস্ত্ৰ মতে, কপিল বিষ্ণুভক্ত অসুৰৰাজ প্ৰহ্লাদৰ বংশধৰ।
শিক্ষা
[সম্পাদনা কৰক]বিভিন্ন হিন্দু ধৰ্মগ্ৰন্থত কপিলৰ সাংখ্য দৰ্শনৰ উল্লেখ পোৱা যায়:
মহাভাৰত
[সম্পাদনা কৰক]- কপিলে কয়, “কৰ্মৰ জৰিয়তে কেৱল দেহ শুদ্ধ হয়। জ্ঞান (জ্ঞানীৰ ওচৰত) সৰ্বোচ্চ। (কৰ্মৰ জৰিয়তে) মনৰ কলুষতা দূৰীভূত হʼলে আৰু ব্ৰহ্মৰ সন্তোষ জ্ঞান, দয়া, ক্ষমা, শান্তি, প্ৰেম ও সততায় পৰিণত হʼলে কৰ্মৰপৰা মুক্তি পোৱা যায়। এই পথেৰে ব্ৰহ্ম লাভ কৰিব পাৰি। এই পথেৰে ব্যক্তিয়ে সৰ্বোচ্চ সত্য জানিব পাৰে।” (মহাভাৰত, শান্তিপৰ্ব)
- ভীষ্মই (যুধিষ্ঠিৰক) কʼলে, “হে শত্ৰুজয়কাৰী যুধিষ্ঠিৰ, কপিলৰ অনুগামী সাংখ্য-মতাৱলম্বীসকলে কʼলে, মানৱদেহত পাঁচটা দোষ আছে। এইবোৰ হল: কামনা, ক্ৰোধ, ভয়, নিদ্ৰা আৰু শ্বাস। এইবোৰ সকলো জীৱৰ দেহতেই দেখা যায়। যিসকল জ্ঞানী, তেওঁলোকে ক্ষমাৰে ক্ৰোধক জয় কৰে। সকলো কৰ্মৰ উদ্দেশ্যক কৰ্তন কৰি কামক জয় কৰিব পাৰি। সত্ত্বৰ চৰ্চাৰ জৰিয়তে নিদ্ৰাক জয় কৰিব পাৰি। সতৰ্কতাৰ জৰিয়তে ভয়ক জয় কৰিব পাৰি। আৰু নিয়ন্ত্ৰিত আহাৰৰ জৰিয়তে শ্বাসক জয় কৰিব পাৰি। (মহাভাৰত, শান্তিপৰ্ব) [5]
ভাগৱত পুৰাণ
[সম্পাদনা কৰক]- “এই জগতলৈ মই আহিছোঁ সাংখ্য দৰ্শনৰ শিক্ষা দিবলৈ। যিসকলে অপ্ৰয়োজনীয় জাগতিক কামনাৰ হাতৰপৰা মুক্তি বিচাৰে, তেওঁলোকে এই দৰ্শন অধ্যয়ন কৰিব লাগিব। এই আত্ম-উপলব্ধিৰ পিছত বুজি উঠা কঠিন। কালৰ প্ৰৱাহত সেয়া হেৰাই গৈছে। সেয়েহে মই কপিলৰ দেহ ধাৰণ কৰি সেয়া পুনৰবাৰ প্ৰৱৰ্তন কৰিবলৈ আৰু মানৱ সমাজত পুনৰ সেই দৰ্শনৰ শিক্ষা দিবলৈ আহিছোঁ।” (৩। ২৪। ৩৬-৩৭)
- “যেতিয়া কোনো ব্যক্তি কামনা আৰু লোভৰপৰা সম্পূৰ্ণ মুক্ত হয়, ‘মই’ আৰু ‘মোৰ’ এই ভ্ৰান্ত দেহবোধ নষ্ট হয়, তেতিয়া তেওঁৰ মন শুদ্ধ হয়। সেই শুদ্ধ অৱস্থাত সি কথাকথিত জাগতিক সুখ আৰু দুখক অতিক্ৰম কৰি যায়।” (৩। ২৫। ১৬)
বৌদ্ধধৰ্মত প্ৰভাৱ
[সম্পাদনা কৰক]কোনো কোনো বৌদ্ধ পণ্ডিতে দাবি কৰিছিল যে, গৌতম বুদ্ধ পূৰ্বজন্মত কপিল আছিল। অশ্বঘোষ তেওঁৰ বুদ্ধচৰিত গ্ৰন্থত লিখিছিল বুদ্ধই সাংখ্যবাদী শিক্ষকৰ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ মতবাদৰ কিছু অংশ সাংখ্যৰদ্বাৰা প্ৰভাবিত।[6]
আধুনিক হিন্দুসমাজত অৱস্থান
[সম্পাদনা কৰক]
পশ্চিমবঙ্গৰ গঙ্গাসাগৰত বঙ্গোপসাগৰ আৰু গঙ্গা নদীৰ মোহনাৰ ওচৰত কপিল মুনিৰ মন্দিৰ অৱস্থিত। প্ৰতি বছৰে পুহ মাহত তাত এখন ডাঙৰ মেলা বহে।
স্বামী বিবেকানন্দই কপিলক “বিশ্বৰ শ্ৰেষ্ঠ মনস্তাত্ত্বিক” বুলিছিল। তেওঁৰ মতে, “জগতত এনে কোনো দৰ্শন নাই, যিটো কপিলৰ ওচৰত ঋণী নহয়।”[7]
ইয়াৰ উপৰি অসমৰ বৰাক উপত্যকাৰ সিদ্ধেশ্বৰ শিৱবাৰী আছিল কপিল মুনিৰ সাধনস্থল।[8]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Dasgupta, Surendranath (1949). A history of Indian philosophy. IV: Indian pluralism. Cambridge University Press. পৃষ্ঠা. 30.
- ↑ Sheridan, Daniel (1986). The Advaitic Theism of the Bhagavata Purana. প্ৰকাশক Columbia, Mo: South Asia Books. পৃষ্ঠা. 42–43. ISBN 81-208-0179-2. http://books.google.com/books?id=qrtYYTjYFY8C.
- ↑ Dasgupta, Surendranath (1949). A history of Indian philosophy. IV: Indian pluralism. Cambridge University Press. পৃষ্ঠা. 30.
- ↑ Dasgupta, Surendranath (1949). A history of Indian philosophy. IV: Indian pluralism. Cambridge University Press. পৃষ্ঠা. 30.
- ↑ Bhishma said... (The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 12: Santi Parva: Part III, Section CCCII.
- ↑ P. 39 The Bengalles: Glimpses of History and Culture By Samaren Roy
- ↑ "Swami Vivekananda's quotes on Kapila". Archived from the original on ২ জানুয়াৰি ২০১৪. https://web.archive.org/web/20140102192459/http://www.swamivivekanandaquotes.org/2014/01/kapila-muni-swami-vivekananda.html। আহৰণ কৰা হৈছে: 1 January 2014.
- ↑ Dasgupta, Surendranath (1949). A history of Indian philosophy. IV: Indian pluralism. Cambridge University Press. পৃষ্ঠা. 30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কপিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- The Sánkhya Aphorisms of Kapila, 1885 translation by James R. Ballantyne, edited by Fitzedward Hall.
| |||||||||||||||||||||||||||||||
| ||||||||||||||