কবিতা গোয়াত
| কবিতা গোয়াত | |
|---|---|
| জন্ম | ১৫ আগষ্ট, ১৯৮৮ (৩৭ বছৰ) ছিছাৰ-খাৰবালা, হাৰিয়ানা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| পেচা | বক্সাৰ মহিলাৰ ৬৯-৭৫ কেজি |
| উচ্চতা | ১৭২.৭২ centimetre (68.00 in) |
| পদক অভিলেখ | ||
|---|---|---|
| প্ৰতিনিধিত্ব কৰা দেশ | ||
| এছিয়ান গেমছ | ||
| ২০১০ গুয়াংজো | মহিলাৰ ৬৯-৭৫ কেজি | |
| এছিয়ান ইনড’ৰ গেমছ | ||
| ২০১০ হানৈ | মহিলাৰ ৬৯-৭৫ কেজি | |
কবিতা গোয়াত (জন্ম: ১৫ আগষ্ট ১৯৮৮) ভাৰতৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৬৯-৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। চীনৰ গুয়াংজোত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছত কবিতাই ব্ৰঞ্জৰ পদক জিকিছিল।[1] ২০১০ চনৰ এছিয়ান গেমছৰ ছেমিফাইনেলত তেওঁ চীনৰ জিনজি লিৰ[2] হাতত ১:৩ পয়ণ্টত পৰাজিত হয়।
বক্সিং কেৰিয়াৰ
[সম্পাদনা কৰক]কবিতা গোয়াতৰ বৰ্তমানৰ প্ৰশিক্ষক অনুপ কুমাৰ। ইয়াৰ আগতে তেওঁ ৰাজ সিঙৰ ওচৰত প্ৰশিক্ষণ লৈছিল।[3]
২০১৭ চনত ছাৰ্বিয়ান চহৰৰ ষষ্ঠ নেচনছ কাপ চলি থকা সময়ত, কবিতা গোয়াতে ছেমিফাইনলেৰ সময়ত আঘাত পাইছিল, যাৰ কাৰণে তেওঁ তৃতীয় স্থানত থমকি ৰ’ব লগা হৈছিল।[4] কবিতাই ইয়াৰ আগতে ২০০৯ চনত ৬৪ কিলোগ্ৰাম শাখাত মেৰি কমৰ সৈতে হানৈ এছিয়ান ইনড’ৰ গেমছত স্বৰ্ণপদক জিকিছিল।[5] ইয়াৰ লগতে তেওঁ আৰু বহুকেইটা পদক জিকিছে।
চেম্পিয়নশ্বিপ আৰু অন্যান্য কৃতিত্ব
[সম্পাদনা কৰক]কবিতা গোয়াতে বিভিন্ন চেম্পিয়নশ্বিপত অসংখ্য স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিছে।[6]
সোণৰ পদকসমূহ
[সম্পাদনা কৰক]- হানৈ এছিয়ান ইনড’ৰ গেমছ (২০০৯)[7]
- ১১ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১০)
- ১২ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১১)
- ৪ৰ্থ আন্তঃ-জোনেল মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১২)
- ১১ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১০)
- ১২ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১১)
- ১৪ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১৫)
ৰূপৰ পদক
[সম্পাদনা কৰক]- ৯ম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০০৮)
- ফেডাৰেছন কাপ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০০৯)
- ১০ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০০৯)
- ১৩ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১২)
- ১৬ তম ছিনিয়ৰ (এলিট) মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১৫)
ব্ৰঞ্জ পদক
[সম্পাদনা কৰক]- ১৪ তম ছিনিয়ৰ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০১৩)
- এছিয়ান গেমছ (২০১০)
- এন. চি. শৰ্মা মেমৰিয়েল ফেডাৰেছন কাপ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০০৯)[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কবিতা গোয়াত হাৰিয়ানাৰ ঔম প্ৰকাশ আৰু স্মিত্ৰা দেবীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[3] পঢ়া শুনা কৰা আৰু খেল খেলা কবিতাৰ হবি।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "- Women 64 Kg Results". Archived from the original on 17 November 2018. https://web.archive.org/web/20181117151405/http://www.gz2010.cn/info/ENG/ZB/ZBB101A_BX@@@@@@@@@@@@@@@ENG_number=219865.htm। আহৰণ কৰা হৈছে: 8 December 2010.
- ↑ "Kavita ends up with bronze in Asiad women s boxing" (en ভাষাত). mid-day. 2010-11-24. https://www.mid-day.com/articles/kavita-ends-up-with-bronze-in-asiad-women-s-boxing/103429.
- ↑ 3.0 3.1 3.2 "Indian Boxing Federation Boxer Details". www.indiaboxing.in. https://www.veethi.com/india-people/kavita_goyat-profile-799-15.htm। আহৰণ কৰা হৈছে: 2018-11-17.
- ↑ "Indian Women Boxers Shine At Nations Cup In Serbia; Win Six Medals" (en-US ভাষাত). The Logical Indian. 2017-01-16. https://thelogicalindian.com/story-feed/sports/indian-womens-boxing-team/.[সংযোগবিহীন উৎস]
- ↑ - Women boxers do India proud at Asian Indoor games
- ↑ "Indian Boxing Federation Boxer Details". www.indiaboxing.in. http://www.indiaboxing.in/boxerdetails.php?regno=4931। আহৰণ কৰা হৈছে: 2018-11-17.
- ↑ 7.0 7.1 "Kavita Goyat". veethi.com. https://www.veethi.com/india-people/kavita_goyat-profile-799-15.htm। আহৰণ কৰা হৈছে: 2018-11-17.