কবিতা বালাকৃষ্ণণ
কবিতা বালাকৃষ্ণণ | |
---|---|
![]() | |
জন্ম | ১ জুন, ১৯৭৬ (৪৯ বছৰ) নাদবৰম্বু, ইৰিঞ্জলাকুদা, থ্ৰিছুৰ জিলা, ভাৰত |
পেচা | প্ৰবক্তা, লেখক, কবি, গৱেষক, চিত্ৰকৰ, কিউৰেটৰ |
ভাষা | মালয়ালম, ইংৰাজী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ললিত কলাৰ ইতিহাস আৰু নান্দনিক বিষয়ত এম.এ , কলা ইতিহাসত পি এইচ ডি |
উল্লেখনীয় কৰ্মৰাজি | "আধুনিক কেৰালাথিলে চিত্ৰকলা" |
উল্লেখযোগ্য বঁটা | ২০০৭ চনত কেৰালা ৰাজ্য চৰকাৰৰ ললিত কলা একাডেমীৰ বঁটা, চিত্ৰকলাৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা৷ |
দাম্পত্যসংগী | এম. ৰাজেশ আৰাবিন্দাক্ষন |
সন্তান | ১ |
ৱেবছাইট | Kavitha Balakrishnan |
কবিতা বালাকৃষ্ণণ (ইংৰাজী: Kavitha Balakrishnan; জন্ম ১ জুন ১৯৭৬) এগৰাকী কলা সমালোচক, কবি, সমসাময়িক কলা গৱেষক, চিত্ৰশিল্পী আৰু কলা কিউৰেটৰ।[1] ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে কলেজ অৱ ফাইন আৰ্টছ ত্ৰিবেন্দ্ৰমত কলা ইতিহাসৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ আৰ.এল.ভি. থ্ৰিপপুনিথুৰাত কলেজ অৱ মিউজিক এণ্ড ফাইন আৰ্টছ আৰু মুম্বাইৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এনআইএফটি)ত অতিথি অধ্যাপক হিচাপে বক্তৃতা দিছিল। বালাকৃষ্ণণ বৰ্তমান ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছুৰত থকা চৰকাৰী ললিত কলা মহাবিদ্যালয়ত কলা ইতিহাস আৰু নান্দনিকতাৰ প্ৰবক্তা।
একাডেমিক কেৰিয়াৰ
[সম্পাদনা কৰক]বালাকৃষ্ণণে ১৯৯৮ চনত বৰোদাৰ মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা ললিত কলাৰ ইতিহাস আৰু নান্দনিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ মালয়ালম সাময়িকীত সাহিত্যমুখী চিত্ৰকলাৰ অনুশীলনৰ বিষয়ে গৱেষণামূলক থিচিচ প্ৰস্তুত কৰে আৰু তাৰ বাবে তেওঁ ২০০৯ চনত কোট্টায়মৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে।
বঁটা
[সম্পাদনা কৰক]১৩ বছৰ বয়সত তেওঁ চিত্ৰকলাৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰাৰ লগতে গ্ৰীষ্মকালটো ইউক্ৰেইনৰ (পূৰ্বৰ ছোভিয়েট ইউনিয়ন) কৃষ্ণ সাগৰৰ ক্ৰিমিয়াৰ উপকূলত আৰ্টেক (শিবিৰ)ৰ আন্তঃৰাষ্ট্ৰীয় যুৱ অগ্ৰগামী শিবিৰত কটায়।
তেওঁৰ কেৰালাথিলে চিত্ৰকালায়ুদ বৰ্থমানম গ্ৰন্থখনে ২০০৭ চনত ললিত কলা একাডেমীৰ পৰা মালয়ালম ভাষাৰ কলা বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাজ্যিক বঁটা লাভ কৰিছিল।[2]
চিত্ৰকলাৰ প্ৰদৰ্শনী
[সম্পাদনা কৰক]দলীয় প্ৰদৰ্শনী
[সম্পাদনা কৰক]- ‘হাইড এণ্ড চিক্’[3] গেলেৰী অ’ইডি, কোচি, ২০০৮।
- 'ল'মেচিন' গেলেৰী অ'ইডি, কোচি, ২০০৯।
- ত্ৰিকানা মাটিলকম পৰুলুকাল: সমসাময়িক কলা প্ৰকল্প, মথিলকম ২০১৫।[4]
একক প্ৰদৰ্শনী
[সম্পাদনা কৰক]১.কণ্টেম্পৰেৰী আৰ্ট গেলেৰী, কেৰেলা ললিথ কালা একাডেমীৰ পৃষ্ঠপোষকতাত শ্ব'। ১৯৯৭।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ഹരിതകം - മലയാള കവിതാ ജാലിക". Harithakam.com. Archived from the original on 17 July 2011. https://web.archive.org/web/20110717134226/http://www.harithakam.com/ml/Poet.asp?ID=133। আহৰণ কৰা হৈছে: 4 August 2018.
- ↑ "Lalithakala Akademi awards announced". The Hindu. 17 May 2007. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/Lalithakala-Akademi-awards-announced/article14764606.ece.
- ↑ MediaoneTV Live (22 September 2010). "Vilson Koozhoor and Kavitha Balakrishnan as guests in Morning Show". http://artconcerns.net/2008august/html/review4_John+Xaviers.htm। আহৰণ কৰা হৈছে: 4 August 2018.
- ↑ MediaoneTV Live (2 October 2015). "Vilson Koozhoor and Kavitha Balakrishnan as guests in Morning Show". YouTube. https://www.youtube.com/watch?v=HEpfTx9qP1U। আহৰণ কৰা হৈছে: 4 August 2018.