সমললৈ যাওক

কবিতা সিং (পণ্ডিত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবিতা সিং
জন্ম ৫ নৱেম্বৰ, ১৯৬৪
মৃত্যু ৩০ জুলাই, ২০২৩ (৫৮ বছৰ)
পেচা অধ্যাপক, লেখক আৰু কিউৰেটৰ
পদবী ডক্টৰেট
বোৰ্ডৰ সদস্য  জে. পল গেট্টি ট্ৰাষ্ট
বঁটা, সন্মান, পুৰস্কাৰ আদি আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছ
ইনফ'চিছ প্ৰাইজ
শৈক্ষিক পটভূমি
শিক্ষা বি.এ. ইংৰাজী সাহিত্য
এম.এছ.
পিএইচ.ডি
মাতৃশিক্ষানুষ্ঠান লেডী শ্ৰী ৰাম কলেজ
বৰোদা মহাৰাজা সয়াজীৰাও বিশ্ববিদ্যালয়
পাঞ্জাৱ বিশ্ববিদ্যালয়
শৈক্ষিক কৰ্ম
শাখা শিল্পকলা ইতিহাস
উপ শাখা মিউজিয়াম ষ্টাডিজ, মোগল পেইন্টিং, ৰাজপুত পেইন্টিং আৰু আইকনক্লাজম
প্ৰতিষ্ঠানসমুহ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
মূল আগ্ৰহ ভাৰতৰ পাণ্ডুলিপি চিত্ৰকলাৰ পৰম্পৰা, দক্ষিণ এছিয়াৰ সংগ্ৰহালয়ৰ ইতিহাস আৰু সাংস্কৃতিক শিল্পকৰ্মৰ প্ৰত্যাৱৰ্তন
উল্লেখযোগ্য কৰ্ম চেন্ট আপন এ চাউদাৰ্ন ব্ৰিজ: দ্য চিনেষ্টেটিক আৰ্টছ অৱ দ্য ডেকান
উল্লেখযোগ্য ধাৰণা সংগ্ৰহালয়, সংগ্ৰহালয় আৰু জাতীয়তাবাদৰ ঐতিহাসিক কাৰ্য্য আৰু ভূমিকা

কবিতা সিং (ইংৰাজী: Kavita Singh; ৫ নৱেম্বৰ ১৯৬৪ – ৩০ জুলাই ২০২৩) এগৰাকী ভাৰতীয় শিল্পকলা ইতিহাসবিদ। শিল্পকলা ইতিহাসৰ অধ্যাপিকা কবিতা সিঙে‍ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিল্পকলা আৰু নান্দনিক বিদ্যালয়ৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কবিতা সিঙে লেডী শ্ৰী ৰাম কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে‍ ১৯৮৭ চনত এম.এচ. বিশ্ববিদ্যালয়, বৰোদাৰ পৰা এম.এফ.এ. আৰু ১৯৯৬ চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পিএইচ.ডি. লাভ কৰে৷[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০১ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰা সিঙে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত স্কুল অৱ আৰ্ট এণ্ড এষ্টেটিক্সৰ সহ-প্ৰতিষ্ঠাপক আছিল।[2] মৃত্যুৰ আগলৈকে তেওঁ তাত অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব দি ভাৰতীয় চিত্ৰকলাৰ ইতিহাস বিশেষকৈ মোগল আৰু ৰাজপুত বিদ্যালয় আৰু সংগ্ৰহালয়ৰ ইতিহাস আৰু ৰাজনীতিৰ বিষয়ে তেওঁৰ গৱেষণামূলক আগ্ৰহ আছিল।[3]

জে এন ইউত যোগদান কৰাৰ পূৰ্বে সিঙে দিল্লীৰ কলা মহাবিদ্যালয় আৰু নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি দিল্লীত অধ্যাপনা কৰিছিল। মাৰ্গ পাব্লিকেচনৰ গৱেষণা সম্পাদিকাও আছিল, আৰু ছান ডিয়েগো মিউজিয়াম অৱ আৰ্টৰ অতিথি কিউৰেটৰ আছিল, এই সময়ছোৱাত তেওঁ ছান ডিয়েগো মিউজিয়াম অৱ আৰ্ট, এডউইন বিনি ৩য় সংগ্ৰহৰ পৰা পাৱাৰ এণ্ড ডিজায়াৰ: চাউথ এছিয়ান পেইণ্টিংছ প্ৰদৰ্শনীৰ সহ-কিউৰেটৰ আছিল।[4] ২০০০ চনৰ ১০ অক্টোবৰৰ পৰা ২০০১ চনৰ ৭ জানুৱাৰীলৈকে নিউয়ৰ্কত এই প্ৰদৰ্শনী চলিছিল ।পৰৱৰ্তী সময়ত ওমিনা ওকাডাৰ এখন কেটেলগ প্ৰকাশ পায়।

২০০৭ চনত সিঙে নতুনকৈ মুকলি কৰা দেৱী আৰ্ট ফাউণ্ডেশ্যনৰ দ্বিতীয়খন প্ৰদৰ্শনীৰ বাবে কিউৰেটৰীয় দলৰ নেতৃত্ব দিয়ে। এই প্ৰদৰ্শনীৰ শিৰোনাম আছিল 'হোৱেৰ ইন দ্য ৱৰ্ল্ড "। কেটেলগটোত সিঙৰ পৰিচয়ৰ সংক্ষিপ্ত সংস্কৰণ অনলাইনত প্ৰকাশ পাইছিল।[5] ২০০৯–২০১২ চনলৈকে তেওঁ মেক্স প্লেংক ছ’চাইটিৰ ফ্ল’ৰেন্সৰ কুনষ্টিষ্ট’ৰিচেছ ইনষ্টিটিউটত অধ্যাপক ডঃ গেৰহাৰ্ড উলফ আৰু হান্না বাডাৰৰ সৈতে দ্য টেম্পল এণ্ড দ্য মিউজিয়াম: চাইটছ ফৰ আৰ্ট ইন ইণ্ডিয়া নামৰ এটা প্ৰকল্পৰ অংশীদাৰ আছিল।[6]

২০২৩ চনৰ ৩০ জুলাইত কবিতা সিঙে ৫৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Infosys Prize - Laureates 2018 - Prof. Kavita Singh". www.infosys-science-foundation.com. http://www.infosys-science-foundation.com/prize/laureates/2018/kavita-singh.asp আহৰণ কৰা হৈছে: 2019-01-22.
  2. "Kavita Singh" (en ভাষাত). American Academy of Arts & Sciences. 2023-08-21. https://www.amacad.org/person/kavita-singh আহৰণ কৰা হৈছে: 2023-08-21.
  3. "School of the Arts". Archived from the original on 2 May 2012. https://web.archive.org/web/20120502203743/http://www.jnu.ac.in/saa/faculty.htm আহৰণ কৰা হৈছে: 5 July 2012.
  4. "Power & Desire". sites.asiasociety.org. http://sites.asiasociety.org/arts/power_desire/about.html.
  5. "Global Art and the Museum". Archived from the original on 22 November 2011. https://web.archive.org/web/20111122205657/http://globalartmuseum.de/site/guest_author/163 আহৰণ কৰা হৈছে: 5 July 2012.
  6. "Partner Groups in India". www.mpg.de. https://www.mpg.de/274644/Partner_Groups_in_India.
  7. "Art historian Kavita Singh passes away". Hindustan Times. 31 July 2023. https://www.hindustantimes.com/cities/gurugram-news/art-historian-kavita-singh-passes-away-101690742051317-amp.html.