কবিতা সিদ্ধু
| কবিতা সিদ্ধু | |
|---|---|
২০১১ চনত সিদ্ধু | |
| স্থানীয় নাম | ਕਵਿਤਾ ਕੌਰ ਸਿੱਧੂ |
| জন্ম | কবিতা কৌৰ সিদ্ধু ২৯ নৱেম্বৰ, ১৯৭১ (৫৪ বছৰ) ইপোহ, পেৰাক, মালয়েছিয়া |
| পেচা | টিভি পৰিৱেশিকা, অভিনেত্ৰী, মডেল, উদ্যমী, চলচ্চিত্ৰ প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯০–বৰ্তমান |
| উচ্চতা | ১৭৮ ছেঃমিঃ |
| পদবী | মিছ চাৰ্ম ইণ্টাৰনেচনেল মালয়েছিয়া ১৯৯০ মিছ চাৰ্ম ইণ্টাৰনেচনেল ১৯৯০ (বিজয়ী) |
| দাম্পত্যসঙ্গী | ৰবাৰ্টো গুইয়াটি (বি. ২০১৬) |
কবিতা সিদ্ধু (ইংৰাজী: Kavita Sidhu; জন্ম: ২৯ নৱেম্বৰ ১৯৭১) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন সুন্দৰী সম্ৰাজ্ঞী। তেওঁ ভাৰতীয় পঞ্জাবী বংশোদ্ভৱ।
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৯০ চনৰ 'মিছ চাৰ্ম ইণ্টাৰনেচনেল' বিজয়ী কবিতা কৌৰ সিদ্ধুৰ সৌন্দৰ্যই ১৯৮০ চনৰ আৰম্ভণিতে কুৱালালামপুৰত অধ্যয়ন কৰি থকা সময়ৰেপৰা মডেলিঙৰ জগতত ভৰি দিয়াৰ পিছৰেপৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[1] তেওঁৰ ফটোজেৰ্নিক মুখমণ্ডলৰ বাবে মালয়েছিয়াৰ অগ্ৰণী আলোচনী যেনে 'হাৰ ৱৰ্ল্ড', 'ফিমেল', 'জেলিতা' আৰু 'ৱনিতা'ৰ বেটুপাতৰ বাবে তেওঁৰ যথেষ্ট চাহিদা আছিল। কেৱল ছপা মাধ্যমতে নহয়, টেলিভিছনৰ পৰ্দাতো তেওঁক প্ৰায়ে দেখা গৈছিল। ৮০ৰ দশকৰ শেষৰফালে কাৰিকৰী দিশৰপৰা বৈপ্লৱিক বুলি গণ্য কৰা 'পালমোলিভ'ৰ বিজ্ঞাপনে তেওঁৰ সৌন্দৰ্যক জনপ্ৰিয় কৰি তুলিছিল। ১৮০ ছেণ্টিমিটাৰ উচ্চতাৰ কবিতা সিদ্ধুৱে কেট-ৱাকৰ জগতখনতো নিজৰ স্বকীয় শৈলীৰে জিলিকি উঠিছিল।[2]
আন্তঃৰাষ্ট্ৰীয় সুন্দৰী প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মালয়েছিয়ান হিচাপে তেওঁৰ নাম 'মালয়েছিয়া বুক অফ ৰেকৰ্ডছ'ত অন্তৰ্ভুক্ত কৰা হৈছে। যদিও বহু যুৱতীয়ে নিজকে মডেল বুলি দাবী কৰে, কিন্তু ফেশ্বন জগতখনে তেওঁক মালয়েছিয়াৰ এগৰাকী প্ৰকৃত আৰু ছিৰিয়াছ মডেল হিচাপে গণ্য কৰে। বিশেষকৈ কেট-ৱাক আৰু ফটো মডেলিঙৰ ক্ষেত্ৰত তেওঁ মালয়েছিয়াৰ শ্ৰেষ্ঠ মডেলসকলৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।[3]
সিদ্ধুৱে পেৰিছত জিন-লুই শ্বেৰাৰ আৰু মিউনিখত এছকাডাৰ বাবে মডেলিঙ কৰিছে। ২০০৯ চনত তেওঁ ষ্টাইলো ফেশ্বন গ্ৰেণ্ড প্ৰিস্ক কে এলত 'মোৱাৱাড'ৰদ্বাৰা নিৰ্মিত ১০০ নিযুত মালয়েছিয়ান ৰিংগিট মূল্যৰ হীৰা খচিত এটা সাজ-পোছাক পৰিধান কৰি মডেলিঙ কৰিছিল। যদিও বৰ্তমান তেওঁ এগৰাকী অভিনেত্ৰী, গায়িকা আৰু চলচ্চিত্ৰ প্ৰযোজক হিচাপেহে অধিক পৰিচিত, তথাপি মালয়েছিয়াৰ ফেশ্বন জগতে তেওঁক দেশখনৰ অন্যতম প্ৰখ্যাত মডেল আৰু সম্ভৱতঃ দেশৰ অন্যতম প্ৰথম 'ছুপাৰমডেল' হিচাপে গণ্য কৰে।[4]
অভিনয়
[সম্পাদনা কৰক]তেওঁ লায়াৰ লাৰা, মিম্পি মুন আৰু পন্তিয়ানাক হাৰুম সুন্দল মালাম ১ আৰু ২ ৰ দৰে মালয়েছিয়ান চলচ্চিত্ৰত অভিনয় কৰিছে।[5] ইয়াৰ উপৰি তেওঁ থিয়েটাৰ এক্টৰছ ষ্টুডিঅ’ৰদ্বাৰা মঞ্চস্থ হোৱা ফ্যাট গাৰ্লছ ৰিভেঞ্জ নাটকত অভিনয় কৰিছে।
ফেশ্বন জগতত খোজ
[সম্পাদনা কৰক]২০১০ চনত সিদ্ধুৱে ষ্টাইলো ফেশ্বন গ্ৰেণ্ড প্ৰিস্ক কে এলত নিজাকৈ এটা কাপোৰৰ ব্ৰেণ্ড (Clothing line) মুকলি কৰে। ২০১৪ চনত তেওঁ কুৱালালামপুৰ ফেশ্বন উইকৰ এগৰাকী অন্যতম মুখ্য ডিজাইনাৰ হিচাপে নিৰ্বাচিত হয়।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৬ চনৰ জানুৱাৰী মাহত সিদ্ধুৱে ইটালীৰ ভূ-তত্ত্ববিদ ৰবাৰ্টো গুইয়াটিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গ্ৰেণ্ড হায়াট কুৱালালামপুৰত তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল।[6]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৯৭ | লায়াৰ লাৰা | জিজী | প্ৰথম চলচ্চিত্ৰত অভিষেক |
| ২০০০ | মিম্পি মুন | ভিনা (ডাভিনা ডেভিদ) | |
| ২০০৪ | পন্তিয়ানাক হাৰুম সুন্দল মালাম | আনা | |
| ২০০৫ | পন্তিয়ানাক হাৰুম সুন্দল মালাম ২ | আনা | |
| ২০০৭ | ৱাৰিছ জাৰি হান্তু | ইৰা | |
| ১৯৫৭ হাতী মালয়া | খলিলা | ||
| ২০১৩ | তান্দা পুতেৰা | কাৰা |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Turning heads t". YTL Community. Archived from the original on 2002-12-07. https://web.archive.org/web/20021207172351/http://ytlcommunity.com/commnews/shownews.asp?newsid=4741। আহৰণ কৰা হৈছে: 11 July 2014.
- ↑ "100 memorable Malaysian women". The Star (Malaysia). 8 March 2011. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612163439/https://www.thestar.com.my/travel/malaysia/2011/03/08/100-memorable-malaysian-women/। আহৰণ কৰা হৈছে: 11 July 2014.

- ↑ Gui, Lennard (8 January 2016). "Kavita Sidhu is married". The Star (online). http://www.thestar.com.my.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কবিতা সিদ্ধু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।