সমললৈ যাওক

কবিতা (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবিতা
সম্পাদক শোনিত বিজয় দাস
প্ৰকাশনৰ হাৰ দুমহীয়া
প্ৰকাশক কথা প্ৰকাশন
প্ৰতিষ্ঠাপক শোনিত বিজয় দাস
প্ৰথম সংখ্যা মে', ১৯৯৬
দেশ ভাৰত
ভাষা অসমীয়া

কবিতা (ইংৰাজী: Kabita) অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন কবিতা বিষয়ক দুমহীয়া আলোচনী।[1] প্ৰথম সংখ্যাটোৰপৰা অসমৰ কাব্য-জগতত চিন্তা আৰু ৰুচিৰ দিশেৰে এক উচ্চ আৰ্হি স্থাপন কৰিবলৈ সক্ষম হোৱা আলোচনীখন কেৱল সাতটা সংখ্যা প্ৰকাশ পাই বন্ধ হৈ যায়।[1]

আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৬ চনৰ মে’ মাহত। আলোচনীখনৰ সম্পাদক আছিল শোণিত বিজয় দাস। কলা সম্পাদক আছিল বেণু মিশ্ৰ। সহকাৰী সম্পাদক আছিল ক্ৰমে ৰাজেন্দ্ৰনাথ বৰদলৈ আৰু মিহিৰ দেউৰী। আলোচনীখনৰ প্ৰকাশক আছিল গুৱাহাটীৰ কথা প্ৰকাশন আৰু বিতৰক আছিল সবিনয়। আলোচনীখনৰ টেগ লাইনটো আছিল A Bilingual collection of Verse। বেণু মিশ্ৰৰ প্ৰচ্ছদ আৰু ভিতৰৰ পৃষ্ঠাত প্ৰকাশ পোৱা ৰেখাচিত্ৰসমূহে আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।

আলোচনীখনৰ বিভিন্ন সংখ্যাত অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা প্ৰকাশ পোৱাৰ লগেত কাব্যশিল্প কৌশল বিষয়ক আলোচনা, গ্ৰন্থ সমালোচনা, কবিতা বিষয়ক প্ৰবন্ধ, কথোপকথন আদি সন্নিৱিষ্ট হৈছিল। আলোচনীখনত অজিৎ বৰুৱা, হীৰেন গোহাঁই, বীৰেশ্বৰ বৰুৱা, কেশৱ মহন্ত, হৰেকৃষ্ণ ডেকা, ফণী তালুকদাৰ, নলিনীধৰ ভট্টাচাৰ্য, দিনেশ গোস্বামী, মুনীন বায়ন আদি প্ৰখ্যাত লেখকসকলে লিখিছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 https://poetrywithoutfear.com/prasanga-kabita-alochani-shoneet-bijoy-dasar-saite-kothopkathan/