সমললৈ যাওক

কবিয়ুৰ পোন্নাম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবিয়ুৰ পোন্নাম্মা

২০০৭ চনত কবিয়ুৰ পোন্নাম্মা
জন্ম ১০ ছেপ্টেম্বৰ, ১৯৪৫
কবিয়ুৰ, থিৰুভাল্লা, ত্ৰিভাংকুৰ ৰাজ্য, ব্ৰিটিছ ৰাজ ভাৰত
মৃত্যু ২০ ছেপ্টেম্বৰ, ২০২৪ (৭৯ বছৰ)
কোচি, কেৰেলা, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৯–২০২২
দাম্পত্যসঙ্গী এম. কে. মণিস্বামী (বি. ১৯৬৯; মৃত্য ২০১১)
পিতৃ-মাতৃ
  • টি. পি. দামোদৰম
  • গৌৰী
সন্তান
আত্মীয়-স্বজন কবিয়ুৰ ৰেণুকা (ভগ্নী)


কবিয়ুৰ পোন্নাম্মা (ইংৰাজী: Kaviyoor Ponnamma; ১০ ছেপ্টেম্বৰ ১৯৪৫ – ২০ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছিল। চলচ্ছিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ নাটকত অভিনয় কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল। দূৰদৰ্শনৰ ধাৰাবাহিক আৰু বিজ্ঞাপনতো তেওঁ অভিনয় কৰিছিল আৰু কিছু সংখ্যক ছবিত নেপথ্য গায়িকা হিচাপেও কণ্ঠদান কৰিছিল।

পোন্নাম্মাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে চাৰিবাৰৰ কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁৰ ভগ্নী কবিয়ুৰ ৰেনুকাও এগৰাকী অভিনেত্ৰী আছিল। প্ৰায় এক দশকজুৰি তেওঁৰ অভিনয় জীৱনত প্ৰায় সকলো অভিনেতাৰ মাতৃ হিচাপে অভিনয় কৰিছিল সেয়ে তেওঁক "সকলো অভিনেতাৰ মাতৃ" বুলি কোৱা হয়।[1] মাত্ৰ ২০ বছৰ বয়সতে তেওঁ থমমেণ্টে মাক্কাল (Thommente Makkal, ১৯৬৫) ছবিখনত বয়সস্থ অভিনেতা সত্যান আৰু মধুৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। বিশেষকৈ মোহনলালৰ মাতৃ হিচাপে অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।[2][3][4][5]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

১৯৬৯ চনত চলচ্চিত্ৰ প্ৰযোজক মণিস্বামীৰ সৈতে পোন্নাম্মাৰ বিবাহ হয়। তেওঁলোকৰ কন্যা বিন্ধু বিয়া হৈ আমেৰিকাত বাস কৰে।[6] দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০১১ চনত মণিস্বামীৰ মৃত্যু হয়।

২০২৪ চনৰ ২০ ছেপ্টেম্বৰত কেৰেলাৰ কোচিৰ লিচি হাস্পতালত ৭৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ পোন্নাম্মাৰ মৃত্যু হয়।[7][8][9][10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Unforgettable mothers of silver screen" (en ভাষাত). Mathrubhumi. Archived from the original on 11 June 2021. https://web.archive.org/web/20210611131134/https://english.mathrubhumi.com/gallery/movies-music/unforgettable-mothers-of-silver-screen-1.1937539। আহৰণ কৰা হৈছে: 11 June 2021. 
  2. "Did you know that Kaviyoor Ponnamma played her first mother character at the age of 22?" (en ভাষাত). The Times of India. 16 May 2019. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/did-you-know/did-you-know-that-kaviyoor-ponnamma-played-her-first-mother-character-at-the-age-of-22/articleshow/69358576.cms. 
  3. "Mother of all roles". The Hindu. 7 September 2006. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/mother-of-all-roles/article3230597.ece. 
  4. "Last and best of mother figures in Mollywood". The New Indian Express. 21 September 2024. https://www.newindianexpress.com/states/kerala/2024/Sep/21/last-and-best-of-mother-figures-in-mollywood. 
  5. "A 60-year legacy of love, kindness in Malayalam cinema". The New Indian Express. 21 September 2024. https://www.newindianexpress.com/states/kerala/2024/Sep/21/a-60-year-legacy-of-love-kindness-in-malayalam-cinema. 
  6. "Mother of all actors". The Hindu. 17 July 2005. http://www.hindu.com/2005/07/17/stories/2005071700190200.htm। আহৰণ কৰা হৈছে: 3 December 2008. 
  7. "അമ്മയായി കൊതി തീര്‍ന്നില്ല - articles, infocus interview - Mathrubhumi Eves". mathrubhumi.com. Archived from the original on 20 May 2013. https://web.archive.org/web/20130520235601/http://www.mathrubhumi.com/mb4eves/online/malayalam/kerala/women/articles/infocus_interview-article-362140। আহৰণ কৰা হৈছে: 11 January 2022. 
  8. Daily, Keralakaumudi. "Actress who made a mark with her mother roles; Kaviyoor Ponnamma no more". Keralakaumudi Daily (Kerala Kaumudi). https://keralakaumudi.com/en/news/news.php?id=1387487&u=actress-who-made-a-mark-with-her-mother-roles-kaviyoor-ponnamma-no-more. 
  9. "Veteran actor Kaviyoor Ponnamma laid to rest with state honours". Onmanorama. https://www.onmanorama.com/news/kerala/2024/09/21/kaviyoor-ponnamma-funeral-held-today-public-homage-actor.html. 
  10. "Mohanlal, Mammootty pay last respects to Kaviyoor Ponnamma—the 'mother' of Malayalam cinema". onmanorama. https://www.onmanorama.com/entertainment/entertainment-news/2024/09/21/mohanlal-mammootty-mollywood-pay-last-respects-to-kaviyoor-ponnamma.html.