কবিশেখৰ পাত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৱিশেখৰ পাত্ৰ' (১৭ শতিকা) কোচ হাজোৰ কাননগো পদাধিকাৰী আছিল। পিতৃ কৱীন্দ্ৰ পাত্ৰৰ পাছত মোগল সম্ৰাট জাহাঙ্গীৰৰপৰা কোচ হাজোৰ কাননগো পদ পায়। বাদচাহে 'ৰজা' উপাধি দিছিল আৰু বহুতো মাটি-সম্পত্তিও দান কৰিছিল। কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। দৰঙৰ ৰজা ধীৰনাৰয়ণৰ দিনত প্ৰতাপশালী হৈ পৰে। ৰঙামাটি কৱিশেখৰ পাত্ৰৰ 'ৰাজধানী' আছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭