কবীৰ চৌধুৰী
Kabir Chowdhury | |
|---|---|
কবীৰ চৌধুৰী | |
| বাংলা একাডেমীৰ সভাপতি | |
| কাৰ্যকাল ২২ ফেব্ৰুৱাৰী ২০০৯ – ১৩ ডিচেম্বৰ ২০১১ | |
| পূৰ্বসূৰী | এম. হাৰুনুৰ ৰছিদ |
| উত্তৰসূৰী | অনিছুজ্জামান |
| ব্যক্তিগত তথ্য | |
| জন্ম | আবুল কালাম মহম্মদ কবীৰ মানিক ৯ ফেব্ৰুৱাৰী, ১৯২৩ ব্ৰাহ্মণবাড়িয়া, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ইণ্ডিয়া |
| মৃত্যু | ১৩ ডিচেম্বৰ, ২০১১ (৮৮ বছৰ) ঢাকা, বাংলাদেশ |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| দাম্পত্যসঙ্গী | মেহেৰ কবীৰ (বি. ১৯৪৫) |
| সম্বন্ধীয় |
|
| শিক্ষানুষ্ঠান | |
| পেচা |
|
| পুৰস্কাৰ | সম্পূৰ্ণ তালিকা |
কবীৰ চৌধুৰী (ইংৰাজী: Kabir Chowdhury) হ'ল বাংলাদেশৰ এজন বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ আৰু অনুবাদক। বাংলাদেশ চৰকাৰে তেওঁক দেশৰ জাতীয় অধ্যাপক হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁক জনপ্ৰিয়ভাৱে অধ্যাপক কবীৰ চৌধুৰী বুলি জনা যায়; তেওঁৰ ঘৰত মতা নাম মাণিক। কবীৰ চৌধুৰীৰ কনিষ্ঠ ভাতৃ শ্বহিদ বুদ্ধিজীৱী অধ্যাপক মুনীৰ চৌধুৰী। তেওঁ জীৱন, শিল্প, সমাজ, সংস্কৃতি, ৰাজনীতি নানান বিষয়ত লিখিছিল।
তেওঁৰ এজন ভাতৃ কায়ুম চৌধুৰী ১৯৭১ চনত পাকিস্তান সেনাবাহিনীৰ কৰ্ণেল আছিল, পৰৱৰ্তী কালত পাকিস্তানী নাগৰিকত্ব লৈছিল আৰু ১৯৭৪ চনত ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]কবীৰ চৌধুৰীৰ জন্ম হৈছিল ১৯২৩ চনৰ ৯ ফেব্ৰুৱাৰীত ব্ৰাহ্মণবাড়িয়াত। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ নোয়াখালীৰ চাটখিল উপজিলাৰ গোপাইৰবাগ গাঁৱৰ মুন্সী বাড়িত। তেওঁৰ পিতৃ খান বাহাদূৰ আব্দুল হালিম চৌধুৰী আৰু মাতৃ আফিয়া বেগম। তেওঁৰ সম্পূৰ্ণ নাম আবুল কালাম মহম্মদ কবীৰ। কবীৰ চৌধুৰীৰ পঢ়া-শুনা ঘৰতেই আৰম্ভ হৈছিল। পৰিয়ালৰ সংগত তেওঁ প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১৯৩৮ চনত ঢাকা কলেজিয়েট স্কুলৰপৰা মেট্ৰিকত সপ্তম স্থান লাভ কৰে। ১৯৪০ চনত ঢাকা ইণ্টাৰমিডিয়েট কলেজৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰে। পিছলৈ ঢাকা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অনাৰ্চত ১৯৪৩ চনত প্ৰথম শ্ৰেণীত প্ৰথম আৰু ১৯৪৪ চনত একেখন বিশ্ববিদ্যালয়ৰপৰা এম এ শ্ৰেণীত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক লাভ কৰে।
পিছলৈ ১৯৫৭-১৯৫৮ চনত ফুলব্ৰাইটৰ পণ্ডিত হিচাপে তেওঁ মিনেছ’টা বিশ্ববিদ্যালয়ত আমেৰিকান সাহিত্যৰ ওপৰত উন্নত গৱেষণা সম্পূৰ্ণ কৰে, আৰু ১৯৬৩-১৯৬৫ চনত দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰাজহুৱা প্ৰশাসনত উচ্চতৰ গৱেষণা সম্পূৰ্ণ কৰে। ইয়াৰ উপৰি তেওঁ আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু মিনেছ’টাত অধ্যয়ন কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]কবীৰ চৌধুৰীয়ে চৰকাৰী চাকৰিৰপৰাই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ স্বেচ্ছাই চৰকাৰী সেৱাৰপৰা অৱসৰ লৈ ঢাকা বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৮ চনত তেওঁ জাতীয় অধ্যাপকৰ পদ লাভ কৰে। ইয়াৰ উপৰি তেওঁ বাংলা একাডেমীৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশ জাতীয় বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে "সংস্কৃতি অধ্যয়ন"ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত অধ্যাপনা কৰি আহিছে।[1] শিক্ষকতা কৰি তেওঁ কৰ্মজীৱন অন্ত পেলায়।
বাংলা একাডেমীয়ে শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে কবীৰ চৌধুৰী শিশু সাহিত্যপুৰস্কাৰ নামেৰে এটি বঁটা প্ৰদান কৰে।[2]
পাৰিবাৰিক জীৱন
[সম্পাদনা কৰক]১৯৪৫ চনৰ জুন মাহত মেহেৰ কবীৰৰ সৈতে কবীৰ চৌধুৰীৰ বিবাহপাশত আবদ্ধ হয়। মেহেৰ কবীৰ ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক আছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১১ চনৰ ১৩ ডিচেম্বৰত কবীৰ চৌধুৰীৰ ৮৯ বছৰ বয়সত নয়াপল্টন ঢাকাৰ বাসগৃহত মৃত্যু হয়।[3]
প্ৰকাশিত কিতাপ
[সম্পাদনা কৰক]- ৰূপকথাৰ কাহিনী (১৯৫৯)
- ব্ল্যাক টিউলিপ (১৯৮৯)
- কাউণ্ট অব মণ্টিক্ৰিষ্টো (১৯৮৯)
গৱেষণা-প্ৰবন্ধ
[সম্পাদনা কৰক]- ইউৰোপেৰ দশ নাট্যকাৰ (১৯৮৫)
- শেক্সপীয়ৰ ও তাঁৰ মানুষেৰা (১৯৮৫)
- শেক্সপীয়ৰ ও গ্লোব থিয়েটাৰ (১৯৮৭)
- অভিব্যক্তিবাদী নাটক (১৯৮৭)
- এবচাৰ্ড নাটক (১৯৮৫)
- ফৰাছী নাটকেৰ কথা (১৯৯০)
- ছয় সঙ্গী (১৯৬৪)
- আধুনিক মাৰ্কিন সাহিত্য (১৯৮০)
- প্ৰাচীন ইংৰেজী কাব্য সাহিত্য (১৯৮০)
- শ্বেক্সপীয়ৰ থেকে ডিলান টমাছ (১৯৮১)
- আমেৰিকাৰ সমাজ ও সাহিত্য (১৯৬৮)
- সপ্তৰথী (১৯৭০)
- মাৰ্কিন উপন্যাস ও তাৰ ঐতিহ্য (১৯৭০)
- অবিস্মৰণীয় বই (১৯৬০)
- নুড চিত্ৰকৰ্ম (২০০৬)
- মানুষেৰ শিল্পকৰ্ম (২০০৬)।
আত্মজীৱনী
[সম্পাদনা কৰক]- আমাৰ ছোটবেলা (২০১২)
বাংলা অনুবাদ
[সম্পাদনা কৰক]- চেখভেৰ গল্প (১৯৬৯)
- সমুদ্ৰেৰ স্বাদ (১৯৭০)
- গ্ৰেট গেটছবি (১৯৭১),
- দি গ্ৰেপছ অব ৰেথ (১৯৮৯)
- ৰূপান্তৰ (১৯৯০)
- বেউলফ (১৯৮৫)
- অল দি কিংছ মেন (১৯৯২)
- দি গাৰ্ল উইথ এ পাৰ্ল ইয়াৰ ৰিং (২০০৭)
- গল্প উপন্যাসে প্ৰতিকৃতি চিত্ৰ (২০০৭)
- অল্ডমেন এণ্ড দি ছি।
নাটকৰ অনুবাদ আৰু ৰূপান্তৰ
[সম্পাদনা কৰক]- আহবান (১৯৫৬)
- শত্ৰু (১৯৬২)
- পাঁচটি একাঙ্কিকা (১৯৬৩)
- অচেনা (১৯৬৯)
- শহীদেৰ প্ৰতীক্ষায় (১৯৫৯)
- হেক্টৰ (১৯৬৯)
- ছায়া বাসনা (১৯৬৬)
- সেই নিৰালা প্ৰান্তৰ (১৯৬৬)
- সম্ৰাট জোনছ (১৯৬৪)
- অমা ৰজনীৰ পথে (১৯৬৬)
- প্ৰাণেৰ চেয়ে প্ৰিয় (১৯৭০)
- লিছিছষ্ট্ৰাটা (১৯৮৪)
কাব্যনুবাদ
[সম্পাদনা কৰক]- ভাৎছাৰোভেৰ কবিতা (১৯৮০)
- আধুনিক বুলগেৰীয়া কবিতা (১৯৮০)
- ৰিস্তো বোতেভৰ কবিতা (১৯৮৮)
- ৰিস্তো স্নিৰ্নেনস্কিৰ কবিতা (১৯৮৯)
- খলিল জিব্ৰানেৰ কবিতা (১৯৯২)
- সচিত্ৰ প্ৰেমেৰ কবিতা (২০০০)
পুৰস্কাৰ
[সম্পাদনা কৰক]- ১৯৬৮ চনত পূৰ্ব পাকিস্তান গৰ্ভণৰ স্বৰ্ণপদক,
- হাবিব বেংক সাহিত্য পুৰস্কাৰ
- ১৯৬৯ চনত পাকিস্তান লেখক সংঘ পুৰস্কাৰ,
- ১৯৭০ চনত নেশ্বনেল বেংক অফ পাকিস্তান সাহিত্য পুৰস্কাৰ,
- ১৯৭৩ চনত ৰাষ্ট্ৰপতি আবু সাঈদ চৌধুৰী সম্মান পদক,
- ১৯৮২ চনত কাজী মাহবুবউল্লাহ আৰু বেগম জেবুন্নেছা স্বৰ্ণপদক,
- ১৯৮৫ চনত অলক্ত স্বৰ্ণপদক আৰু সাহিত্য পুৰস্কাৰ,
- ১৯৮৬ চনত নাচিৰউদ্দিন স্বৰ্ণপদক,
- ১৯৮৯ চনত শেৰে বাংলা পুৰস্কাৰ,
- ১৯৯০ চনত আমৰা সূৰ্যমুখী পুৰস্কাৰ,
- ১৯৭৩ চনত বাংলা একাডেমী পুৰস্কাৰ,
- ১৯৯১ চনত একুশে পদক [4],
- ১৯৯৩ চনত লোকনাট্যদল স্বৰ্ণপদক,
- ১৯৯৪ চনত উইলিয়াম কেৰী স্বৰ্ণপদক, ভাৰত,
- ১৯৯৪ চনত বঙ্গবন্ধু জাতীয় পুৰস্কাৰ,
- ১৯৯৭ চনত স্বাধীনতা দিৱস পুৰস্কাৰ[5],
- ১৯৯৭ চনত খালেদ দাদ চৌধুৰী সাহিত্য পুৰস্কাৰ,
- ১৯৯৮ চনত সুফী মোতাহাৰ হুচেইন সাহিত্য পুৰস্কাৰ,
- ১৯৯৯ চনত শামছুল হক মালিহা খাতুন পুৰস্কাৰ,
- ১৯৯৯ চনতে হুছেন শ্বহীদ চোহ্ৰাৱাৰ্দী জাতীয় পুৰস্কাৰ,
- ১৯৯৯ চনত কবি জছীমউদ্দীন পুৰস্কাৰ,
- ২০০০ চনত ৰবীন্দ্ৰ শিল্পী সংস্থাৰ সম্মান,
- ২০০১ চনত থিয়েটাৰ এৰ সম্মান পদক,
- ২০০১ চনত বিশ্ব বাঙালী সম্মিলন পুৰস্কাৰ,
- ২০০১ চনত ঢাকা বিশ্ববিদ্যালয় বৌদ্ধ ছাত্ৰ সংসদৰ সম্মান,
- ২০০১ চনত বঙ্গবন্ধু স্বৰ্ণপদক,
- ২০০৩ চনত মাৰ্কেণ্টাইল বেংক পুৰস্কাৰ,
- ২০০৪ চনত ৱল্ড পোয়েট্ৰি গোল্ডেন এৱাৰ্ড,
- ২০০৫ চনত নাগৰিক নাট্যাঙ্গন সম্মান,
- ২০০৬ চনত বিশ্ব নাটক দিবস সম্মান,
- বৈশাখী নাট্য গোষ্ঠীৰ গুণীজন সম্মান,
- ভাৰতৰ টেগোৰ পীচ এৱাৰ্ড,
- ২০১০ চনত গীতাঞ্জলি সম্মাননা পদক লাভ কৰেন।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "গুণিজন". ১ ডিসেম্বৰ ২০১১. Archived from the original on 2011-09-16. https://web.archive.org/web/20110916090018/http://www.goonijon.com/bangla/index.php?mod=article&cat=%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6&article=52। আহৰণ কৰা হৈছে: 2025-11-17.
- ↑ "বাংলা একাডেমি প্ৰদত্ত অন্যান্য পুৰস্কাৰ". Archived from the original on 2019-08-14. https://web.archive.org/web/20190814083945/https://banglaacademy.portal.gov.bd/site/page/02bcd06a-3019-4102-963b-bdcc2530531d। আহৰণ কৰা হৈছে: 2025-11-17.
- ↑ Death of Kabir Chowdhury
- ↑ বিডিনিউজ ২৪ ডট কমসাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ "মন্ত্ৰিপৰিষদ বিভাগ". ১ ডিসেম্বৰ ২০১১. http://www.cabinet.gov.bd/view_award.php?lang=bn&award_person_id=81.
- ↑ "দৈনিক সমকাল". ১ ডিসেম্বৰ ২০১১. Archived from the original on 2014-08-08. https://web.archive.org/web/20140808050215/http://www.samakal.com.bd/details.php?news=23&view=archiev&y=2010&m=02&d=09&action=main&menu_type=&option=single&news_id=46014&pub_no=244&type=। আহৰণ কৰা হৈছে: 2025-11-17.