কমনৱেলথ গেমছত ভাৰতবৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমনৱেলথ গেমছত ভাৰতবৰ্ষ

ভাৰতবৰ্ষৰ পতাকা
চিজিএ ক'ড  IND
চিজিএ ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটolympic.ind.in
পদক
স্থান: ৪
স্বৰ্ণ
২০৩
ৰূপ
১৯০
ব্ৰঞ্জ
১৭১
মুঠ
৫৬৪
কমনৱেলথ গেমছত ভাৰতবৰ্ষ (ইতিহাস)
১৯৩৪ * ১৯৩৮ * ১৯৫০ * ১৯৫৪ * ১৯৫৮ * ১৯৬২ * ১৯৬৬ * ১৯৭০ * ১৯৭৪ * ১৯৭৮ * ১৯৮২ * ১৯৮৬ * ১৯৯০ * ১৯৯৪ * ১৯৯৮ * ২০০২ * ২০০৬ * ২০১০ * ২০১৪ * ২০১৮ * ২০২২

কমনৱেলথ গেমছত ভাৰতে ১৯৩৪ চনৰ দ্বিতীয় কমনৱেলথ গেমছৰ পৰা আৰম্ভ কৰি কেৱল চাৰিখন কমনৱেলথ গেমছৰ বাহিৰে সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১০ চনত ভাৰতে এবাৰ কমনৱেলথ গেমছৰ আয়োজনো কৰিছে। এই প্ৰতিযোগিতাসমূহত ভাৰতৰ বাবে আটাইতকৈ সফল খেলবিধ হৈছে শ্বুটিং।[1][2]

২০২২ চনৰ কমনৱেলথ গেমছত ভাৰতে মুঠ ৬১টা পদক (২২টা সোণ, ১৬টা ৰূপ, ২৩টা ব্ৰঞ্জ) অৰ্জন কৰে। বৰ্তমানলৈকে কমনৱেলথ গেমছত ভাৰতে মুঠ ৫৬৪টা পদক (২০৩টা সোণ, ১৯০টা ৰূপ, ১৭১টা ব্ৰঞ্জ) অৰ্জন কৰিছে আৰু কমনৱেলথ গেমছৰ পদক তালিকাত ৪ৰ্থ স্থান লাভ কৰিছে। ভাৰতৰ প্ৰথমটো কমনৱেলথ পদক লাভ কৰিছিল মল্লযোদ্ধা ৰছিদ আনোৱাৰে (ব্ৰঞ্জৰ পদক) ১৯৩৪ চনত।[3]

আয়োজক দেশ[সম্পাদনা কৰক]

২০১০ চনত ভাৰতে দিল্লীত এই কমনৱেলথ গেমছ অনুষ্ঠিত কৰিছিল। সেইবাৰ ভাৰতীয় খেলুৱৈয়ে ৩৮টা সোণ, ২৭টা ৰূপ আৰু ৩৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[4] এয়া আছিল বৰ্তমানলৈকে ভাৰতৰ সৰ্বাধিক সফল কমনৱেলথ গেমছ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]